বিগত পাঁচ বছৰত আন্তঃগাঁথনিৰ প্ৰকল্পসমূহৰ কাম আতি ক্ষিপ্ৰতাৰে তথা দক্ষতাৰে কৰা হৈছে। এনেকুৱা বহুতো প্ৰকল্প উদ্বোধন কৰা হৈছে যাৰ কিছুমান কেৱল কল্পিত ৰূপ দিয়াই নহয় বৰং প্ৰধান মন্ত্ৰীৰ সবল নেতৃত্বত চৰকাৰে সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে অসম্পূৰ্ণ প্ৰকল্পসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। দশকজুৰি সম্পূৰ্ণ নোহোৱাকৈ পৰি থকা কিছুমান প্ৰধান আন্তঃগাঁথনি প্ৰকল্প এনেধৰণৰ –
- এন চি আৰ ইষ্টাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ পেৰিফাৰেল এক্সপ্ৰেছৱে
মাত্ৰ দুটা বছৰৰ ভিতৰতে ৫,৭৬৩ কোটি টকা ব্যয় সাপেক্ষে ১৩৫ কিলোমিটাৰ দীৰ্ঘৰ ইষ্টাৰ্ণ পেৰিফাৰেল এক্সপ্ৰেছৱে বা কেজিপি এক্সপ্ৰেছৱে সম্পূৰ্ণ কৰা হৈছে। ঠিক তেনেকৈ ৱেষ্টাৰ্ণ পেৰিফাৰেল এক্সপ্ৰেছৱেক কেএমিপ এক্সপ্ৰেছৱে ৰূপেও জনা যায় আৰু যিটো ৯ বছৰ বিলম্বৰ পাছত ২০১৮ চনৰ নৱেম্বৰত উদ্বোধন কৰা হৈছিল।
- বগীবিল দলং
ভাৰতৰ সৰ্বাধিক দীৰ্ঘতাৰ ৰেলপথ বগীবিল দলং যাৰ সেৱাকাল প্ৰায় ১২০ বছৰ, সেইখন ২০১৮ চনত সম্পূৰ্ণ কৰা হৈছে। এই দলংখন ১৯৯৭ চনত মঞ্জুৰ কৰা হৈছিল, কিন্তু ২১ বছৰৰ পাছত ইয়াৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। এই দলংখন প্ৰধানমন্ত্ৰী মোদীৰ কল্পনাৰ দলং যিখন নতুন ভাৰতৰ দুৱাৰমুখ হ’ব।
- চেনানি নাশৰী সুৰংগ
৯.২ কিলোমিটাৰ দীৰ্ঘ চেনানি নাশৰী সুৰংগটো হৈছে দক্ষিণ এছিয়াৰ সবাতোকৈ দীঘল পথ সুৰংগ। ২০১৭ চনত ইয়াৰ উদ্বোধন হৈছিল। এই টুইন-টিউব সুৰংগই জম্মু আৰু শ্ৰীনগৰৰ মাজৰ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ হ্ৰাস কৰিছে। এই সুৰংগ পথত জুই লগাৰ ক্ষেত্ৰত ধোঁৱা আৰু তাপ নিয়ন্ত্ৰণ কৰা, বায়ুৰ মানদণ্ড পৰ্যবেক্ষণ কৰাৰ দৰে বৈশিষ্টৰ উপৰিও এক সংহত সুৰংগ নিয়ন্ত্ৰণ পদ্ধতিৰে এই সুৰংগটো নিৰ্মাণ কৰা হৈছে। আকল এয়াই নহয় সংকট কালত আমাৰ সশস্ত্ৰ বাহিনীৰ বাবে এই সুৰংগটো আতি সহায়কো হ’ব পাৰে।
- গোঘা দাহেজ ৰো-ৰো ফেৰী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনৰ অক্টোবৰত গুজৰাটত গোঘা দাহেজ ৰো-ৰো ফেৰীৰ প্ৰথম স্তৰৰ কাম উদ্বোধন কৰে। ফেৰী উদ্বোধনৰ পূৰ্বে গোঘা-দাহেজৰ মাজৰ দূৰত্ব অতিক্ৰম কৰিবলৈ পথেৰে প্ৰায় ৮ ঘণ্টা সময় লাগিছিল, কিন্তু ফেৰী আৰম্ভ হোৱাৰ পাছত দূৰত্ব এক ঘণ্টাৰ হয়গৈ। প্ৰতি দিনে ১২,০০০ যাত্ৰী আৰু ৫,০০০ বাহন সদায় এই সেৱাৰ পৰা লাভান্বিত হৈছে।
- অৰুণাচলত বাণিজ্যিক বিমান পৰিবহন সেৱা
২০১৮ চনৰ মে মাহৰ আগতে আৰুণাচল প্ৰদেশ দেশৰ বাণিজ্যিক বিমান পৰিবহনৰ মানচিত্ৰত নাছিল। ২১ মে’ত মুখ্যমন্ত্ৰী পেমা খান্দুৱে মোদী চৰকাৰৰ ক্ষেত্ৰীয় কানেক্টিভিটী আঁচনিৰ অংশ হিচাপে অৰুণাচল প্ৰদেশত পোনপ্ৰথম এই ব্যৱসায়িক উৰণৰ শুভাৰম্ভ কৰে। ইয়াৰ ফলত কেৱল আৰ্থিক বিকাশৰ সংস্কাৰেই নহয় বৰং সকলো ক্ষেত্ৰত বিকাশ হোৱাৰ লগতে পৰ্যটন ক্ষেত্ৰখন সুদৃঢ় হ’ব।
- চিকিমৰ প্ৰথম বিমানবন্দৰ
UDAN আঁচনিৰ আধীনত প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৮ চনৰ চেপ্তেম্বৰত চিকিমৰ প্ৰথম বিমান বন্দৰৰ শুভাৰম্ভ কৰে। ইয়াৰ আধাৰশিলা স্থাপন কৰাৰ প্ৰায় ৯ বছৰ পাছত বিমানবন্দৰটো উদ্বোধন কৰা হয়। এই বিমানবন্দৰটো উদ্বোধন কৰাৰ আগতে চিকিমৰ নিকততম বিমানবন্দৰ হিচাপে পশ্চিম বংগৰ বাগডোগ্ৰাৰ মাজৰ দূৰত্ব ১২৪ কিলোমিটাৰ আছিল। চিকিমৰ এই বিমানবন্দৰে কেৱল পৰ্যটন আৰু অৰ্থ ব্যৱস্থাত গতিশীলতা আনাই নহয় বৰং ভাৰত-চীন সীমাৰ পৰা মাত্ৰ ৬০ কিলোমিটাৰ দূৰত হোৱাৰ কাৰণে সামৰিক দৃষ্টিটো যথেষ্ট তাৎপৰ্য আছে।
- কোল্লম বাইপাছ
ৰাষ্ট্ৰীয় ঘাইপথ-৬৬(NH 66) ৰ ১৩ কিলোমিটাৰ দীঘল, ২ লেন যুক্ত কোল্লম বাইপাছৰ অপেক্ষা বহুদিনীয়া আছিল। মোদী চৰকাৰে ৩৫২ কোটি টকা ব্যয়ৰ এই প্ৰকল্পটো নিৰ্মাণ কৰায়। ইয়াৰ নিৰ্মাণে কেৰালাৰ আলাপুঝা আৰু তিৰুৱানন্তপুৰমৰ মাজৰ দূৰত্ব হ্ৰাস কৰাৰ লগতে যান জঁটৰ সমস্য দূৰ কৰাত সহায় কৰিছে।
- বিদাৰ কলাবুৰাগী ৰেলৱে লাইন
১১০ কিলোমিটাৰ দৈৰ্ঘ বিদাৰ কলাবুৰাগী ৰেলৱে লাইনটো ২০১৭ চনৰ আক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিছিল। এই প্ৰকল্পটোৰ আধাৰশিলা ২০০০ চনত স্থাপন কৰা হৈছিল আৰু প্ৰায় ১৭ বছৰ বিলম্বৰ পাছত এই প্ৰকল্পটো সম্পূৰ্ণ কৰা হয়। এই ৰেললাইনটো উদ্বোধনৰ ফলত বেংগালুৰু আৰু নতুন দিল্লীৰ মাজৰ ভ্ৰমণ দূৰত্ব ৩৮০ কিলোমিটাৰ আৰু প্ৰায় ৬-৮ ঘণ্টা সময় হ্ৰাস কৰিলে।
- মুম্বাইৰ মনোৰেল
দেশৰ প্ৰথম মনোৰেল মুম্বাই মহানগৰত গঢ়ি উঠিল আৰু জনসাধাৰণৰ সমস্যামুক্ত যাতায়াত সুনিশ্চিত কৰিছে। এই প্ৰকল্পই চহৰৰ বাবে বহনক্ষম স্থায়ী পৰিবহন প্ৰণালীৰ কল্পনাত উপনীত হোৱাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ।
- লেতেৰা পানী গংগাত পৰাটো ৰোধ
দশক দশক ধৰি গংগাত মেট্ৰিক টন হিচাপত পেলনীয় বস্তু তথা লেতেৰা পানী গংগাত পেলোৱাত ইয়াৰ পৱিত্ৰতা হানি হৈছিল। গংগা নদীৰ পৱিত্ৰতা পুনৰুদ্ধাৰৰ বাবে চৰকাৰে সফলতাৰে কানপুৰত চেৱাৰেজ ট্ৰিটমেণ্ট প্লাণ্টৰ জৰিয়তে এছিয়াৰ সকলোতকৈ পুৰণি চিছামউ নদৰ্মাত পেলাই গংগাত লেতেৰা পানী পেলোৱাটো ৰোধ কৰিবলৈ সক্ষম হয়।
- উত্তৰ-পূৰ্বাঞ্চলত ৰেলসেৱাৰ প্ৰৱৰ্তন
স্বাধীনতাৰ ৭০ বছৰ পাছতো মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ দৰে ৰাজ্যত ৰেল সেৱা গঢ়ি উঠা নাছিল। ইয়াৰ ফলত এই অঞ্চলটো দেশৰ পৰা একাষৰীয়া হৈ আছিল। এই ঐতিহাসিক ভুলটো শীঘ্ৰে শুধৰাবলৈ মোদী চৰকাৰে পূৰ্বোত্তৰ ভাৰতক দেশৰ সৈতে সংযুক্ত কৰিবলৈ ব্ৰডগজ নেটৱৰ্কৰ জৰিয়তে পৰিৱৰ্তিত কৰে আৰু স্বাধীনতাৰ ৭০ বছৰ পাছত মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামক ভাৰতৰ ৰেল মানিচত্ৰত স্থান দিয়ে।
- গংগা নদীত প্ৰথম মাল্টি-মডেল টাৰ্মিণেল
ভাৰতৰ নদীসমূহে কম খৰচত তথা স্থায়ী বহনক্ষম পৰিবহনৰ এক বৃহৎ সম্ভাৱনীয়তা প্ৰদান কৰিছে। অৱশ্যে দেশৰ স্বাধীনতাৰ পিছৰ পৰা নদীসমূহৰ সম্ভাৱনীয়তাৰ সদ্ ব্যৱহাৰ কৰা হোৱা নাছিল। প্ৰধানমন্ত্ৰী মোদীৰ সবল নেতৃত্বত আন্তঃদেশীয় জলপথ বিকশিত কৰিবলৈ আৰম্ভ কৰে। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা নদীত ভাৰতৰ প্ৰথম মাল্টি-মডেল টাৰ্মিণেলৰ উদ্বোধন কৰে আৰু হালদিয়াৰ পৰা বাৰানসীলৈ প্ৰথম কণ্টেইনাৰ সেৱাৰ শুভাৰম্ভ কৰে।