মই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা লেক্স ফ্ৰিডমেনৰ সাক্ষাৎকাৰটো শুনিছো, আৰু মই ইয়াক ইংৰাজীত শুনিছিলো, কিন্তু হিন্দীতো শুনিছিলো, যদিও মই ভালকৈ হিন্দী বুজি নাপাওঁ, কাৰণ মই ইয়াক মূলত শুনিব বিচাৰিছিলোঁ, আৰু মই প্ৰধানমন্ত্ৰীক এই বিষয়ে অৱগতও কৰিছিলোঁ। মই ক'লো, ডাঙৰ ভাই, মই সেই পডকাষ্টটো শুনিছো, আৰু মই এগৰাকী আধ্যাত্মিক নেতাক প্ৰত্যক্ষ কৰিছিলোঁ। মই অনুভৱ কৰিছিলো যেন মই এগৰাকী আধ্যাত্মিক গুৰুৰ কথাহে শুনি আছোঁ। ই আধ্যাত্মিকভাৱে অতি পৰিপূৰ্ণ আছিল।
মই প্ৰধানমন্ত্ৰী মোদীক মোৰ ডাঙৰ ভাতৃ হিচাপে গণ্য কৰোঁ। তেওঁ মোক পথ প্ৰদৰ্শন কৰে, সেয়েহে মই তেওঁক মোৰ পৰামৰ্শদাতা হিচাপে বিবেচনা কৰোঁ, আৰু তেওঁৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎ অতিকে বিশেষ বুলি অনুভৱ কৰোঁ। এইবাৰো, আমি বিমষ্টেক-ৰ কাৰ্যক্ৰম আৰু বিমষ্টেক-ত ভাৰতৰ নেতৃত্বৰ ভূমিকা সন্দৰ্ভত অতি চমুকৈ উল্লেখ কৰিছোঁ, বিমষ্টেকৰ আটাইতকৈ ডাঙৰ সদস্য ৰাষ্ট্ৰ হিচাপে, আটাইতকৈ জনবহুল সদস্য ৰাষ্ট্ৰ হিচাপে, আটাইতকৈ ডাঙৰ অৰ্থনীতি আৰু বিমষ্টেক অঞ্চলৰ আটাইতকৈ শক্তিশালী দেশ হিচাপে। আমি ভাৰতৰ নেতৃত্বৰ বাবে আশাৰে অপেক্ষা কৰি আছো, আৰু প্ৰধানমন্ত্ৰী মোদীয়ে সেই নেতৃত্ব বহণ কৰি আহিছে। সেয়েহে মই বিমষ্টেকৰ ভালৰ বাবে কেনেকৈ কিছু সম্ভাৱনা উপলব্ধি কৰি অৱশেষত প্ৰাপ্ত কৰা প্ৰসংগ উল্লেখ কৰিছিলো। -
ভাৰত হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ। ভাৰতত ক্ষমতাৰ পৃথকীকৰণ আছে। ভাৰতত মত প্ৰকাশৰ স্বাধীনতা আছে। ভাৰতত আপোনালোকে দাৰিদ্ৰ্য আৰু বৈষম্যৰ বিৰুদ্ধে যুঁজি আহিছে। ভাৰতত আপোনালোক বিশ্বশান্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী মোদীৰ আজিকালি এক অদ্ভুত স্থিতি আছে, তেওঁ বিশ্বৰ প্ৰতিগৰাকী নেতা, শ্ৰীযুত পুটিন, মিষ্টাৰ ট্ৰাম্প, মিঃ জেলেনস্কি আৰু ইউৰোপীয় ইউনিয়ন আৰু ব্ৰিকছ বা ইৰাণৰ, লেটিন আমেৰিকান নেতাসকলৰ সৈতে কথা পাতিব পাৰে। এয়া এনেকুৱা এটা বস্তু যিটো এইমুহূৰ্তত আন কোনো নেতাই কৰিব নোৱাৰে। আপুনি (প্ৰধানমন্ত্ৰী মোদী) আজি-কালি ভূ-ৰাজনৈতিক প্ৰেক্ষাপটৰ এক গুৰুত্বপূৰ্ণ পক্ষ। -
আমাৰ দেশ দুখনৰ (ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ) মাজৰ অংশীদাৰিত্ব দশক দশক ধৰি শক্তিশালী হৈ আহিছে আৰু দুজন মহান নেতা তথা মহান বন্ধু, ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত শান্তি আৰু স্বাধীনতা, নিৰাপত্তা আৰু সমৃদ্ধিৰ উমৈহতীয়া মূল্যবোধৰ ওপৰত নিহিত হৈ আছে। মই আত্মবিশ্বাসী যে আমাৰ দুয়োখন ৰাষ্ট্ৰ আৰু আমাৰ নেতাসকলৰ মাজত এই অংশীদাৰিত্ব আৰু বন্ধুত্ব অবিৰতভাৱে ত্বৰান্বিত হৈ থকাৰ লগতে শক্তিশালী হৈ থাকিব।
মই নৰেন্দ্ৰ মোদীৰ সৈতে ভাৰতৰ উন্নয়ন, ২০৪৭ চনত বিকশিত ভাৰতৰ দিশে যাত্ৰা তথা স্বাস্থ্য, কৃষি, কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি সম্প্ৰতি প্ৰভাৱ সৃষ্টি কৰা বিভিন্ন ক্ষেত্ৰত উৎসাহজনক অগ্ৰগতিৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিলো। ভাৰতত উদ্ভাৱনে কেনেদৰে স্থানীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত প্ৰগতি অব্যাহত ৰাখিছে সেয়া আকৰ্ষণীয়।
মই ভাবো এইটো এটা অতি উৎসাহপূৰ্ণ সময়। ১৯৯৭ চনত যেতিয়া মই প্ৰথমবাৰৰ বাবে ইয়ালৈ (ভাৰত) আহিছিলো তেতিয়া মই মাইক্ৰ’ছফ্টৰ পূৰ্ণকালীন চিইঅ’ আছিলো। মই ইতিমধ্যে দেখিছিলোঁ যে আমি ভাৰতৰ পৰা নিয়োগ কৰা লোকসকলে আমাক অবাক কৰিছিল আৰু মই ইয়ালৈ আহি এই দেশে আন্তঃগাঁথনি আৰু শিক্ষাত বিনিয়োগ কৰা দেখিছিলোঁ। মই ভাবিছিলো যে এই দেশ এদিন মহাশক্তি হ'ব। মই ভাবিব পৰা নাছিলো যে এইটো ইমান সোনকালে সম্ভৱ হ’ব।
ভাৰতে কেৱল নিজৰ বাবে প্ৰগতিৰ পথেৰে ধাৱমান হৈ থকা নাই, ই এনে সমাধান সৃষ্টি কৰি আছে যাৰ জৰিয়তে বিশ্ব স্বাস্থ্য আৰু উন্নয়নৰ পৰিৱৰ্তনৰ পথ প্ৰশস্ত হৈ উঠিব।
প্ৰধানমন্ত্ৰী হিচাপে আপোনাৰ অসাধাৰণ কৃতিত্বৰ মই এগৰাকী ডাঙৰ শুভাকাংক্ষী। আপুনি জানে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অধিষ্ঠিত হোৱাৰ প্ৰায় ১১ বছৰত আপুনি ক’ভিড ধুমুহাক সহ্য কৰি এতিয়াও ভাৰতৰ অৰ্থনীতি ৫০% সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে।
আপুনি আপোনাৰ ২৫ কোটি দেশবাসীক দৰিদ্ৰতাৰ পৰা উলিয়াই আনি চৰম দৰিদ্ৰতা দূৰ কৰিলে। আৰু আজি ভাৰত প্ৰযুক্তিৰ ক্ষেত্ৰত বিপুল উদ্ভাৱনী সম্ভাৱনাৰে আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে
আপোনালোকেই আছিল প্ৰথমখন দেশ—যি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল আৰু এই প্ৰক্ৰিয়াত ভাৰতৰ অসাধাৰণ প্ৰযুক্তিগত দক্ষতাৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল
বিশ্বৰ নেতাসকলে তেওঁলোকৰ দেশ প্ৰথম বুলি ঘোষণা কৰা শুনিছো। ইতিহাসৰ কোনো সময়তে পৃথিৱীৰ কোনো ঠাইতে ইমান বৃহৎ দেশৰ নেতাই ‘চুবুৰী প্ৰথম’ বুলি কোৱাৰ কথা শুনা নাই। ই এক সুন্দৰ সুযোগ। মই আন চুবুৰীয়া দেশৰ হৈ কথা ক’ব নোৱাৰো, কিন্তু ভূটানৰ বাবে ‘চুবুৰী প্ৰথম’ৰ ফলত দুখন দেশৰ মাজত বন্ধুত্ব আৰু অধিক গভীৰ হৈছে আৰু ভাৰতৰ পৰা আৰু অধিক সমৰ্থন আৰু সহায় লাভ কৰা হৈছে। ই আমাক আমাৰ অৰ্থনীতি বৃদ্ধি কৰিবলৈ আৰু আমাৰ উন্নয়নমূলক লক্ষ্য পূৰণ কৰিবলৈ অনুমতি দিছে।
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ প্ৰতি মোৰ বিপুল শ্ৰদ্ধা আছে আৰু লগতে তেওঁ মোক ব্যক্তিগতভাৱে প্ৰদান কৰা প্ৰকৃত মৰমৰ শলাগ লৈছো। সঁচাকৈয়ে তেওঁ মোক সৰু ভাইটি হিচাপে গ্ৰহণ কৰিছে৷ মই তেওঁক মোৰ গুৰু হিচাপে মানি লৈছো আৰু তেওঁক মোৰ ‘মাৰ্গদৰ্শক’ বুলি আখ্যা দিছো।
পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ, ভাৰতৰ দৰে ডাঙৰ দেশৰ নেতৃত্ব দিয়াটো এটা কঠিন কাম। কিন্তু মহামহিম, আপোনাৰ নেতৃত্ব আৰু ১৪০ কোটি জনসাধাৰণৰ প্ৰতি নিস্বাৰ্থ সেৱাৰ জৰিয়তে আপুনি কেৱল ভাৰতবাসীৰ নহয়, ভূটান আৰু সমগ্ৰ বিশ্বৰ মৰম, শ্ৰদ্ধা আৰু সন্মান অৰ্জন কৰিছে।
আপোনাৰ (প্ৰধাননন্ত্ৰী নৰেন্দ্ৰ মোদী)ৰ মাজত মই এই তিনি বোধিসত্ত্বৰ প্ৰকাশ দেখিছোঁ – মঞ্জুশ্ৰী, বজ্ৰপানী, অৱলোকিতেশ্বৰ।
আপোনাৰ মাজত মই সেইবোৰৰ বৈশিষ্ট্যৰ প্ৰকাশ দেখিছোঁ— সেয়া হৈছে প্ৰজ্ঞা, সাহস আৰু মমতা।
ভাৰতৰ সম্পূৰ্ণ সম্ভাৱনাক কল্পনা কৰিবলৈ আপুনি গভীৰ জ্ঞানেৰে নেতৃত্ব দিয়ে।
সাহসেৰে সিদ্ধান্ত ল’বলৈ আৰু প্ৰত্যাহ্বানৰ সন্মুখত দৃঢ়তাৰে থিয় দিবলৈ আপুনি সাহসেৰে নেতৃত্ব দিয়ে।
সৰ্বোপৰি আপুনি দয়াৰে নেতৃত্ব দিয়ে, সদায় আপোনাৰ শাসনৰ মূলত আপোনাৰ জনসাধাৰণৰ মংগল ৰাখে।