Quoteপ্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় প্ৰায় ৬,৪৫৬ কোটি টকা আৰু ২০২৮-২৯ চনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব
Quoteএই প্ৰকল্পসমূহ নিৰ্মাণৰ সময়ত প্ৰায় ১১৪ (এশ চৈধ্য) লাখ মানৱ দিনৰ নিয়োগ সৃষ্টি হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (চিচিইএ)য়ে ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৬,৪৫৬ কোটি টকাৰ মুঠ আনুমানিক ব্যয় সাপেক্ষে তিনিটা প্ৰকল্পত অনুমোদন জনাইছে।

এই প্ৰকল্পসমূহে দুৰ্গম অঞ্চলসমূহ সংযোগ কৰি, লজিষ্টিক দক্ষতা উন্নত কৰা, বৰ্তমানৰ লাইন ক্ষমতা বৃদ্ধি কৰা আৰু পৰিবহণ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাৰ লগতে যোগান শৃংখলা সুশৃংখলিত কৰিব, যাৰ ফলত দ্ৰুত অৰ্থনৈতিক বিকাশ হ’ব।

নতুন লাইনৰ প্ৰস্তাৱসমূহে প্ৰত্যক্ষ সংযোগ সৃষ্টি কৰিব আৰু গতিশীলতা উন্নত কৰিব, আৰু ভাৰতীয় ৰে’লৱেৰ দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিব। মাল্টি ট্ৰেকিং প্ৰস্তাৱে কাম-কাজ সহজ কৰি তুলিব আৰু যানজঁট হ্ৰাস কৰিব, যাৰ ফলত ভাৰতীয় ৰে’লৱেৰ ব্যস্ততম অংশত অতি প্ৰয়োজনীয় আন্তঃগাঁথনিৰ উন্নতি হ’ব। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে মিল আছে, যাৰ ফলত বিভিন্ন খণ্ডৰ সৰ্বাংগীন উন্নয়ন হ'ব আৰু মানুহক "আত্মনিৰ্ভৰশীল" কৰি তোলা হ'ব আৰু তেওঁলোকৰ কৰ্ম সংস্থাপন/আত্ম সংস্থাপনৰ সুযোগ বৃদ্ধি পাব।

এই প্ৰকল্পসমূহ মাল্টি-মডেল কানেক্টিভিটিৰ বাবে পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ফল, যি এক সংহত পৰিকল্পনাৰ ডিজাইনৰ দ্বাৰা সম্ভৱ হৈছে আৰু যিয়ে মানুহ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

ওড়িশা, ঝাৰখণ্ড, পশ্চিম বংগ আৰু ছত্তীশগড়ৰ দৰে ৪খন ৰাজ্যৰ ৭খন জিলাত ৰূপায়ণ হ’বলগীয়া তিনিটা প্ৰকল্পৰ জৰিয়তে ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৩০০ কিলোমিটাৰ সম্প্ৰসাৰণ হ’ব।

এই প্ৰকল্পসমূহৰ সৈতে ১৪টা নতুন ষ্টেচন নিৰ্মাণ কৰা হ’ব, যাৰ ফলত দুখন আকাংক্ষী জিলা (নুৱাপাৰা আৰু পূব সিংভূম)ৰ সৈতে উন্নত সংযোগৰ ব্যৱস্থা হ’ব। এই নতুন লাইন প্ৰকল্পৰ জৰিয়তে প্ৰায় ১,৩০০ গাঁও আৰু প্ৰায় ১১ লাখ লোকে সংযোগ পাব। মাল্টি ট্ৰেকিং প্ৰকল্পৰ জৰিয়তে প্ৰায় ১,৩০০খন গাঁৱৰ লগতে প্ৰায় ১৯ লাখ লোকে সংযোগৰ ব্যৱস্থা লাভ কৰিব।

এই পথসমূহ কৃষিজাত সামগ্ৰী, সাৰ, কয়লা, লোৰ অক্সাইড, তীখা, চিমেণ্ট, চূণশিল আদিৰ দৰে সামগ্ৰী পৰিবহণৰ বাবে অতি প্ৰয়োজনীয়। ক্ষমতা সংযোজনৰ কামৰ ফলত ৪৫ এমটিপিএ (বছৰি মিলিয়ন টন) অতিৰিক্ত মালবাহী যাতায়াত হ’ব। ৰে’লপথ পৰিৱেশ অনুকূল আৰু শক্তি-দক্ষ পৰিবহণৰ পদ্ধতি আৰু ই জলবায়ুৰ লক্ষ্যত উপনীত হোৱাত আৰু দেশৰ লজিষ্টিক খৰচ হ্ৰাস কৰাত সহায় কৰিব, তেল আমদানি (১০ কোটি লিটাৰ) হ্ৰাস কৰিব আৰু কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন (২৪০ কোটি কিলোগ্ৰাম) হ্ৰাস কৰিব, যিটো হ’ল ৯.৭ কোটি গছ ৰোপণৰ সমতুল্য।

 

  • HEMANGINI RAVAL October 25, 2024

    jay ho
  • Rampal Baisoya October 18, 2024

    🙏🙏
  • Harsh Ajmera October 14, 2024

    Love from hazaribagh 🙏🏻
  • Aniket Malwankar October 08, 2024

    #NaMo
  • Lal Singh Chaudhary October 07, 2024

    शहंशाह ए हिन्द मोदी जी को जय श्री राम
  • Manish sharma October 04, 2024

    🇮🇳
  • Chowkidar Margang Tapo October 02, 2024

    jai shree,,, ram..
  • Dheeraj Thakur September 29, 2024

    जय श्री राम ,
  • Dheeraj Thakur September 29, 2024

    जय श्री राम,
  • Sonu Kaushik September 27, 2024

    रेलवे ने आपके प्रधान सेवक बनने के बाद से देश एक बहुत अच्छा मुकाम हासिल किया है सर पर अभी और सख्ती की जरूरत है लोकल चलने वाली रेल गाड़ियों में
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Dassault Aviation doubles engineering footprint in India; bets on local expertise to enhance internal operations

Media Coverage

Dassault Aviation doubles engineering footprint in India; bets on local expertise to enhance internal operations
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Dev Deepawali
November 05, 2025

The Prime Minister, Shri Narendra Modi has extended greetings on the occasion of Dev Deepawali."The sacred city of Baba Vishwanath is today illuminated by the unparalleled radiance of Dev Deepavali. Along the banks of Mother Ganga, millions of lamps lit on the ghats of Kashi carry wishes for happiness and prosperity for all", Shri Modi stated..

|
|

The Prime Minister posted on X:

"बाबा विश्वनाथ की पावन नगरी आज देव दीपावली के अनुपम प्रकाश से आलोकित है। मां गंगा के किनारे काशी के घाटों पर प्रज्वलित लाखों दीपों में सबके लिए सुख-समृद्धि की कामना है। यह दिव्यता और भव्यता हर किसी के मन-प्राण को मंत्रमुग्ध कर देने वाली है।

आप सभी को देव दीपावली की हार्दिक शुभकामनाएं। हर-हर महादेव!"

“Spectacular Dev Deepawali in Kashi!“ 

|
|