প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেটে ‘অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলৰ ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম’ ত প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনি (অংশ II) ৰূপায়ণৰ বাবে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনালে। ইয়াৰ অধীনত অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলত গিগা ৱাট (GW) স্কেলৰ উৎপাদন ক্ষমতা আহৰণৰ বাবে ১৯,৫০০ কোটি টকা ব্যয় কৰা হ’ব।

এই অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলৰ ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমৰ লক্ষ্য হৈছে ভাৰতত অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউল উৎপাদনৰ বাবে এক বাতাবৰণ গঢ়ি তোলা আৰু ইয়াৰ জৰিয়তে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰখনত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। ই আত্মনিৰ্ভৰ ভাৰত পদক্ষেপক সুদৃঢ়ৰ লগতে নিয়োগ সৃষ্টি কৰিব।

এটি নিকা বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে সৌৰ পিভি নিৰ্মাতাসকলক বাছনি কৰা হ’ব। ঘৰুৱা বজাৰখনৰপৰা অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউল বিক্ৰীৰ অৰ্থে সৌৰ পিভি উৎপাদন প্ৰকল্পসমূহ চালিতকৰণৰ পিছত ৫ বছৰৰ বাবে পিএলআই আগবঢ়োৱা কাৰ্য্যই উদ্দীপনা যোগাব।

এই আঁচনিৰ ফলাফল/লাভা-লাভসমূহ তলত উল্লেখ কৰা হ’লঃ

i.   সম্পূৰ্ণ আৰু আংশিক, একত্ৰিতভাৱে বছৰি প্ৰায় ৬৫,০০০ মেগাৱাট সৌৰ পিভি মডিউলৰ উৎপাদন ক্ষমতা সংস্থাপনৰ আশা কৰা হৈছে।

ii.  এই আঁচনিৰ জৰিয়তে প্ৰায় ৯৪,০০০ কোটি টকাৰ প্ৰত্যক্ষ বিনিয়োগৰ সঞ্চাৰ হ’ব।

iii. ইভিএ, ছ’লাৰ গ্লাছ, বেকশ্বীট আদিৰ দৰে বেলেন্স অৱ মেটেৰিয়েলৰ বাবে উৎপাদন ক্ষমতা আহৰণ।

iv.  প্ৰায় ১,৯৫,০০০ জনক প্ৰত্যক্ষ নিয়োগ আৰু প্ৰায় ৭,৮০,০০০ জনক পৰোক্ষ নিয়োগ।

v.   প্ৰায় ১.৩৭ লাখ কোটি টকাৰ আমদানি লাঘৱ।

vi.  সৌৰ পিভি মডিউলৰ অধিক কাৰ্য্যক্ষমতা আহৰণৰ বাবে গৱেষণা আৰু উন্নয়নক উদ্দীপনা।

 

  • Babla sengupta December 23, 2023

    Babla sengupta
  • Bharat mathagi ki Jai vanthay matharam jai shree ram Jay BJP Jai Hind October 02, 2022

    0254
  • ashok sharma October 01, 2022

    आत्मनिर्भर भारत
  • Pawan jatasara September 28, 2022

    जय हिन्द।।
  • Chowkidar Margang Tapo September 28, 2022

    namo namo namo namo namo namo again
  • Ranjeet Kumar September 27, 2022

    jay sri ram
  • Jayantilal Parejiya September 26, 2022

    Jay Hind 7
  • Chowkidar Margang Tapo September 26, 2022

    namo namo namo bharat
  • शिवानन्द राजभर September 26, 2022

    जय माता दी
  • Sanjay Kumar Singh September 26, 2022

    Jai Shri Krishna
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Economy delivers a strong start to the fiscal with GST, UPI touching new highs

Media Coverage

Economy delivers a strong start to the fiscal with GST, UPI touching new highs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 মে’ 2025
May 02, 2025

PM Modi’s Vision: Transforming India into a Global Economic and Cultural Hub