প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় গ্ৰীণ হাইড্রোজেন মিছনক মঞ্জুৰী দিয়ে। মিছনৰ বাবে প্ৰাৰম্ভিক ব্যয় ১৯,৭৪৪ কোটি টকা হ'ব য'ত ছাইট কাৰ্যক্ৰমৰ বাবে ১৭,৪৯০ কোটি টকা, পাইলট পৰিকল্পনাৰ বাবে ১,৪৬৬ কোটি টকা, গৱেষণা আৰু বিকাশৰ বাবে ৪০০ কোটি টকা আৰু অন্য মিছন ঘটকৰ বাবে ৩৮৮ কোটি টকা অন্তৰ্ভুক্ত আছে। নবীন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে (এমএনআৰই) সম্পৰ্কীয় ঘটকৰ ৰূপায়ণৰ বাবে যোজনাৰ দিশনিৰ্দেশ প্ৰস্তুত কৰিব।

মিছনৰ পৰা ২০৩০লৈকে নিম্নলিখিত সম্ভাব্য পৰিণাম প্ৰাপ্ত হ'ব:

  • দেশত প্ৰায় ১২৫টা জিডব্লিউৰ সংবদ্ধ অক্ষয় শক্তি ক্ষমতা বৃদ্ধিৰ লগতে বছৰি কমেও ৫ এমএমটি (মিলিয়ন মেট্ৰিকটন)ৰ সেউজ হাইড্রোজেন উৎপাদন ক্ষমতাৰ বিকাশ,
  • আঠ লাখ কোটি টকাৰ অধিক মুঠ বিনিয়োগ,
  • ছয় লাখৰ অধিক সংস্থাপন সৃষ্টি,
  • মুঠ এক লাখ কোটি টকাৰ অধিক মূল্যৰ জীৱাশ্ম ইন্ধনৰ আমদানি হ্ৰাস,
  • বাৰ্ষিক গ্ৰীণ হাউছ গেছ উৎসৰ্জনত প্ৰায় ৫০ এমএমটি হ্ৰাস।

মিছনৰ পৰা বিভিন্ন প্ৰকাৰৰ লাভ প্ৰাপ্ত হ'ব, যেনে- গ্ৰীণ হাইড্রোজেন আৰু ইয়াৰ সহায়ক সামগ্ৰীৰ বাবে ৰপ্তানিৰ সুযোগ সৃষ্টি; ঔদ্যোগিক, অহাযোৱা আৰু শক্তি ক্ষেত্ৰত কাৰ্বন উৎসৰ্জন হ্ৰাস; আমদানিকৃত জীৱাশ্ম ইন্ধন আৰু ফিডষ্টকৰ ওপৰত নিৰ্ভৰতা হ্ৰাস; স্বদেশী নিৰ্মাণ ক্ষমতাৰ বিকাশ; সংস্থাপনৰ সুযোগ সৃষ্টি; আৰু অত্যাধুনিক প্ৰযুক্তিৰ বিকাশ। ভাৰতৰ গ্ৰীণ হাইড্রোজেন উৎপাদন ক্ষমতা কমেও ৫ এমএমটি বছৰি হোৱাৰ সম্ভাৱনা আছে, য'ত প্ৰায় ১২৫ জিডব্লিউৰ সংবদ্ধ অক্ষয় শক্তি ক্ষমতা অন্তৰ্ভুক্ত আছে। ২০৩০লৈকে ৮ লাখ কোটি টকাৰ বিনিয়োগ হোৱাৰ লক্ষ্য আছে আৰু ৬ লাখৰ অধিক সংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ২০৩০লৈকে কাৰ্বন ডাইঅস্কাইডৰ উৎসৰ্জনত বছৰি প্ৰায় ৫০ এমএমটি হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

এই মিছনৰ জৰিয়তে গ্ৰীণ হাইড্রোজেনৰ চাহিদা, উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ সুবিধা প্ৰাপ্ত হ'ব। গ্ৰীণ হাইড্রোজেন ট্ৰাঞ্জিচন প্ৰগ্ৰেম (এছআইজিএইচটি)ৰ বাবে ৰণনীতিগত কাৰ্যকলাপক লৈ মিছনৰ জৰিয়তে দুটা বেলেগ বেলেগ বিত্তীয় উদগণি তন্ত্ৰ- ইলেক্ট্ৰলাইজাৰৰ ঘৰুৱা নিৰ্মাণ আৰু গ্ৰীণ হাইড্রোজেনৰ উৎপাদনক লক্ষ্য কৰি লোৱা হ'ব। মিছনে উঠি অহা অন্তিম ব্যৱহাৰযোগ্য ক্ষেত্ৰ আৰু উৎপাদন মাৰ্গত পাইলট পৰিকল্পনাৰো সমৰ্থন কৰিব। বৃহৎ হাৰত উৎপাদন আৰু/বা হাইড্রোজেনৰ ব্যৱহাৰৰ সমৰ্থন কৰিবলৈ সক্ষম ক্ষেত্ৰ চিনাক্ত কৰা হ'ব আৰু সেয়া গ্ৰীণ হাইড্রোজেন হাবৰ ৰূপত বিকশিত কৰা হ'ব।

গ্ৰীণ হাইড্রোজেন ইকো-ছিষ্টেমৰ স্থাপনক সমৰ্থন কৰিবলৈ এটা সক্ষম নীতিগত কাৰ্যক্ৰম বিকশিত কৰা হ'ব। এটা মজবুত মানক আৰু নিয়মন আন্তঃগাঁথনিও বিকশিত কৰা হ'ব। ইয়াৰ উপৰিও মিছনৰ জৰিয়তে গৱেষণা আৰু বিকাশ (ৰণনীতিগত হাইড্রোজেন নৱাচাৰ অংশগ্ৰহণ-এছএইচআইপি)ৰ বাবে এটা সাৰ্বজনীন-বেচৰকাৰী অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হ'ব; গৱেষণা আৰু বিকাশ পৰিকল্পনা লক্ষ্য-উন্মুখ, সময়বদ্ধ আৰু বিশ্ব স্তৰত প্ৰতিযোগিতামূলক প্ৰযুক্তি বিকশিত কৰিবলৈ উপযুক্ত ৰূপত বঢ়োৱা হ'ব। মিছনৰ জৰিয়তে এক সমন্বিত দক্ষতা বিকাশ কাৰ্যক্ৰমো চলোৱা হ'ব।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক সকলো সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ, এজেঞ্চী আৰু সংস্থানে মিছনৰ উদ্দেশ্যৰ সফল প্ৰাপ্তি সুনিশ্চিত কৰিবলৈ কেন্দ্ৰিত আৰু সমন্বিত পদক্ষেপ গ্ৰহণ কৰিব। মিছনৰ সামগ্ৰিক সমন্বয় আৰু ৰূপায়ণৰ বাবে নবীন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয় দায়বদ্ধ হ'ব।

 

  • Devendra Kunwar October 17, 2024

    BJP
  • Girendra Pandey social Yogi April 05, 2024

    jay
  • Jayanta Kumar Bhadra February 17, 2024

    Jay Sree Om
  • Jayanta Kumar Bhadra February 17, 2024

    Om Hari
  • Jayanta Kumar Bhadra February 17, 2024

    Jay Ma Tara
  • Jayanta Kumar Bhadra February 17, 2024

    Jay Ganesh
  • Vaishali Tangsale February 06, 2024

    🙏🏻🙏🏻
  • BHOLANATH B.P. SAROJ February 05, 2024

    हर हर महादेव
  • BHOLANATH B.P. SAROJ February 05, 2024

    जय श्री राम
  • KESHAV PRASAD TIWARI January 11, 2024

    जय हो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Bharat Tex showcases India's cultural diversity through traditional garments: PM Modi

Media Coverage

Bharat Tex showcases India's cultural diversity through traditional garments: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister welcomes Amir of Qatar H.H. Sheikh Tamim Bin Hamad Al Thani to India
February 17, 2025

The Prime Minister, Shri Narendra Modi extended a warm welcome to the Amir of Qatar, H.H. Sheikh Tamim Bin Hamad Al Thani, upon his arrival in India.

|

The Prime Minister said in X post;

“Went to the airport to welcome my brother, Amir of Qatar H.H. Sheikh Tamim Bin Hamad Al Thani. Wishing him a fruitful stay in India and looking forward to our meeting tomorrow.

|

@TamimBinHamad”