প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটি’য়ে ২০২৪-২৫ বিত্তীয় বৰ্ষত ‘ভাৰতীয় খাদ্য নিগম’ (এফচিআই)ত কাৰ্যকৰী মূলধনৰ বাবে ১০,৭০০ কোটি টকাৰ ‘ইকুইটী’ প্ৰয়োগৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে কৃষিখণ্ডক শক্তিশালী কৰা আৰু দেশজুৰি কৃষকসকলৰ কল্যাণ নিশ্চিত কৰা। এই কৌশলগত পদক্ষেপে কৃষকসকলক সহোযোগিতা আগবঢ়োৱাৰ লগতে ভাৰতৰ কৃষি অৰ্থনীতিক সুদৃঢ় কৰাৰ বাবে চৰকাৰে পোষণ কৰা দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰদৰ্শন কৰে।

‘এফচিআই’-য়ে ১৯৬৪ চনত ১০০ কোটি টকাৰ অনুমোদিত মূলধন আৰু ৪ কোটি টকাৰ ‘ইকুইটী’ৰে যাত্ৰা আৰম্ভ কৰিছিল। ‘এফচিআই’ৰ কাৰ্যকলাপ বহুগুণে বৃদ্ধি পাইছিল যাৰ ফলত ২০২৩ৰ ফেব্ৰুৱাৰী মাহত কৰ্তৃত্বপ্ৰাপ্ত মূলধন ১১,০০০ কোটি টকাৰ পৰা ২১,০০০ কোটি টকালৈ বৃদ্ধি হৈছিল। ২০১৯-২০ বিত্তীয় বৰ্ষত ‘এফচিআই’-ৰ ‘ইকুইটী’ আছিল ৪,৪৯৬ কোটি টকা, যি ২০২৩-২৪ বিত্তীয় বৰ্ষত ১০,১৫৭ কোটি টকালৈ বৃদ্ধি পাইছিল। এতিয়া, ভাৰত চৰকাৰে ‘এফচিআই’-ৰ বাবে ১০,৭০০ কোটি টকাৰ যথেষ্ট পৰিমাণৰ ইকুইটী’ অনুমোদন জনাইছে যি নিগমটোক আৰ্থিকভাৱে শক্তিশালী কৰিব আৰু ইয়াৰ ৰূপান্তৰণৰ বাবে লোৱা পদক্ষেপসমূহক এক ডাঙৰ উৎসাহ প্ৰদান কৰিব।

‘এফচিআই’য়ে ‘ন্যূনতম সমৰ্থন মূল্য’(এমএছপি)ত খাদ্যশস্য ক্ৰয় কৰি খাদ্য সুৰক্ষা নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উপৰি কৌশলগত খাদ্যশস্যৰ সামগ্ৰী ৰক্ষণাবেক্ষণ, কল্যাণমূলক ব্যৱস্থাৰ বাবে খাদ্যশস্য বিতৰণ আৰু বজাৰত খাদ্যশস্যৰ মূল্য স্থিৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

‘ইকুইটী’ৰ সঞ্চাৰ হৈছে ‘এফচিআই’-ৰ আদেশ কাৰ্যকৰীভাৱে পূৰণ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ক্ষমতা বৃদ্ধি কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ‘এফচিআই’-য়ে পুঁজিৰ প্ৰয়োজনীয়তাৰ ব্যৱধানৰ সৈতে মিলাবলৈ হ্ৰস্বম্যাদী ঋণৰ আশ্ৰয় লৈছে। এই সঞ্চাৰে সূতৰ বোজা হ্ৰাস কৰাত সহায় কৰিব আৰু অৱশেষত ভাৰত চৰকাৰৰ ৰাজসাহায্য হ্ৰাস কৰিব।

‘এমএছপি’-আধাৰিত ক্ৰয় আৰু ‘এফচিআই’-ৰ কাৰ্যকৰী সামৰ্থ্যত বিনিয়োগৰ প্ৰতি চৰকাৰৰ দ্বৈত প্ৰতিশ্ৰুতিয়ে কৃষকসকলক শক্তিসমৃদ্ধ কৰা, কৃষি খণ্ডক শক্তিশালী কৰা আৰু দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ দিশত এক সহযোগিতামূলক প্ৰচেষ্টাকে সূচিত কৰে।

 

  • सुधीर बुंगालिया January 11, 2025

    हर हर मोदी
  • Jayakumar G January 08, 2025

    🌹🌺🚩❇️🚩🌹Protect Our Bharat Culture.🌺🌺🌹 🕉Eradicate Colonial Culture Mindsets in our Bharat🍁🍁@narendramodi @AmitShah @JPNadda #PuducherryJayakumar
  • mahendra s Deshmukh January 07, 2025

    🙏🙏
  • Ganesh Dhore January 01, 2025

    जय श्री राम 🙏
  • Vivek Kumar Gupta December 29, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 29, 2024

    नमो .................................🙏🙏🙏🙏🙏
  • Avdhesh Saraswat December 27, 2024

    NAMO NAMO
  • Gopal Saha December 23, 2024

    hi
  • ओमप्रकाश तरदिया December 22, 2024

    सबका साथ सबका विकास विकसित भारत
  • Vishal Seth December 17, 2024

    जय श्री राम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Indian tea industry's export reaches decade high of 255 mn kg in 2024

Media Coverage

Indian tea industry's export reaches decade high of 255 mn kg in 2024
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মাৰ্চ 2025
March 12, 2025

Appreciation for PM Modi’s Reforms Powering India’s Global Rise