প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে হাইব্ৰিড এনুইটি মোডত পঞ্জাব আৰু হাৰিয়ানাৰ ৰাষ্ট্ৰীয় ঘাইপথ(ও)ৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ-৭ (জিৰকপুৰ-পটিয়ালা)ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ-৫ (জিৰকপুৰ-পাৰৱানু) সংযোগী ছয় লেনযুক্ত মুঠ ১৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰকপুৰ বাইপাছ নিৰ্মাণত অনুমোদন জনাইছে। পি এম গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ নীতিৰ আধাৰত সংহত পৰিবহণ আন্তঃগাঁথনিৰ বিকাশৰ সুবিধাৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
এই প্ৰকল্পৰ মুঠ মূলধনী ব্যয় ১৮৭৮.৩১ কোটি টকা।
জিৰকপুৰ বাইপাছ জিৰকপুৰত ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (চণ্ডীগড়-বাথিণ্ডা) সংযোগস্থলৰ পৰা আৰম্ভ হৈ পঞ্জাবত পঞ্জাব চৰকাৰৰ মাষ্টাৰ প্লেন অনুসৰণ কৰি হাৰিয়ানাৰ পঞ্চকুলাত ৫ নং ৰাষ্ট্ৰীয় ঘাইপথ (জিৰকপুৰ-পাৰৱানু) সংযোগস্থলত শেষ হয়। ফলত পঞ্জাবৰ জিৰকপুৰ আৰু হাৰিয়ানাৰ পঞ্চকুলাৰ অধিক নগৰীয়া আৰু জনবহুল অংশ এৰাই চলিব পাৰি।
এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে পাটিয়ালা, দিল্লী, মোহলী এৰোচিটিৰ পৰা যান-বাহনৰ গতিপথ সলনি কৰি হিমাচল প্ৰদেশৰ সৈতে পোনপটীয়া সংযোগ স্থাপনেৰে জিৰকপুৰ, পঞ্চকুলা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত যান-জঁট হ্ৰাস কৰা। বৰ্তমানৰ প্ৰস্তাৱৰ লক্ষ্য হৈছে ভ্ৰমণৰ সময় হ্ৰাস কৰা আৰু ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘন জনবসতিপূৰ্ণ নগৰীয়া অংশত নিৰৱচ্ছিন্ন যাতায়ত নিশ্চিত কৰা।
চৰকাৰে পথ নেটৱৰ্কৰ বিকাশ সাধনেৰে চণ্ডীগড়, পঞ্চকুলা আৰু মোহলীৰ নগৰাঞ্চল ভিৰমুক্ত কৰাৰ কাম আৰম্ভ কৰিছে, যিটোৱে মানচিত্ৰত দেখুওৱাৰ দৰে এটা ৰিং ৰোডৰ ৰূপ ল'ব। জিৰকপুৰ বাইপাছ এই আঁচনিৰ এটা গুৰুত্বপূৰ্ণ উপাদান।
Cabinet approval for the construction of the 6-lane Zirakpur Bypass will reduce travel time and also improve connectivity to Himachal Pradesh and NCR. It is also in line with our PM GatiShakti effort to build seamless, future-ready transport infrastructure.…
— Narendra Modi (@narendramodi) April 9, 2025