নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে ১০ ছেপ্টেম্বৰ, ২০২৩ত প্ৰধানমন্ত্ৰী শ্ৰীন নৰেন্দ্ৰ মোদী কোৰিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত য়ুন ছুক য়েউলৰ সৈতে বৈঠকত মিলিত হয়৷
ৰাষ্ট্ৰপতি য়ুন ছুক য়েউলে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়৷ তেওঁ লগতে চন্দ্ৰযান অভিযানৰ সফলতাৰ বাবেও প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়৷
নেতাদ্বয়ে উল্লেখ কৰে যে এই বছৰ দুয়োখন দেশৰ মাজৰ কূটনেতিক সম্পৰ্ক ৫০সংখ্যক বৰ্ষপূৰ্তি৷ দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা উৎপাদন, ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিক বাহন প্ৰযুক্তিকে ধৰি দ্বিপাক্ষিক বিশেষ কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰগতিৰ পৰ্যালোচনা কৰে৷
দুয়োগৰাকী নেতাই লগতে আঞ্চলিক আৰু বৈশ্বিক বিষয়তো মত বিনিময় কৰে৷
윤석열 대통령과 심도 있는 논의를 하였습니다. @President_KR 양국 관계의 전반적인 현황을 논의하고 인도와 대한민국의 통상 관계 및 문화 교류를 더욱 강화하기로 하였습니다. pic.twitter.com/FuTEBA6igQ
— Narendra Modi (@narendramodi) September 10, 2023
The deliberations with @President_KR Yoon Suk Yeol were extensive. Reviewing the complete spectrum of bilateral relations, we agreed to further boost commercial and cultural ties between India and the Republic of Korea. pic.twitter.com/SVOalbmUnM
— Narendra Modi (@narendramodi) September 10, 2023