২৫ এপ্ৰিলৰ সন্ধিয়া চৰ্দাৰ প্ৰকাশ সিং বাদল জীৰ দেহাৱসানৰ দুঃসংবাদটো পাওঁতে মই মৰ্মান্তিক আঘাত পাইছিলোঁ। তেওঁৰ বিয়োগত মই এজন পিতৃতুল্য ব্যক্তিক হেৰুৱাবলগীয়া হয়। তেওঁ মোক কেইবা দশক ধৰি মাৰ্গ দৰ্শন কৰি আহিছে। একাধিক পন্থাৰে তেওঁ ভাৰত আৰু পঞ্জাৱৰ ৰাজনীতিক গঢ় দিছিল যাক অতুলনীয় বুলি ক'ব পাৰি।
বাদল চাহাবৰ নেতৃত্বৰ বিশালতা বহুলভাৱে সমাদৃত। কিন্তু, তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ এজন বহল অন্তৰৰ লোক আছিল। এজন ডাঙৰ নেতা হোৱাটো সহজ, কিন্তু এজন বিশাল হৃদয়ৰ লোক হ’বলৈ বহু চেষ্টাৰ প্ৰয়োজন। সমগ্ৰ পঞ্জাৱৰ লোকে কয় - বাদল চাহাবৰ কথা বহুত বেলেগ! (‘বাদল চাহাব কী বাত অলগ থী’)
নিশ্চিতভাৱে এটা কথা ক’ব পাৰি যে চৰ্দাৰ প্ৰকাশ সিং বাদল চাহাব আমাৰ সময়ৰ অন্যতম শীৰ্ষস্থানীয় কিষাণ নেতা। কৃষি আছিল তেওঁৰ প্ৰকৃত আবেগ। যিকোনো অনুষ্ঠানত যেতিয়াই তেওঁ বক্তব্য ৰাখে, তেতিয়াই তেওঁৰ কথা সত্য, শেহতীয়া তথ্য আৰু বহু ব্যক্তিগত অন্তৰ্দৃষ্টিৰে পৰিপূৰ্ণ হৈ থাকে।
১৯৯০ত উত্তৰ ভাৰতত দলৰ কামৰে জড়িত হৈ থকাৰ সময়ত বাদল চাহাবৰে মোৰ ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেতিয়াই বাদল চাহাবৰ সুনাম বিয়পি পৰিছিল - তেওঁ আছিল এজন ৰাজনৈতিক অগ্ৰদূত যিয়ে পঞ্জাৱৰ সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালনৰ লগতে সমগ্ৰ বিশ্বৰ কোটি-কোটি পাঞ্জাৱী লোকৰ হৃদয়ত স্থান লাভ কৰিছিল। মই তেতিয়া এজন সাধাৰণ কাৰ্য্যকৰ্তা আছিলোঁ। তথাপিও, স্বকীয় স্বভাৱৰে তেওঁ কেতিয়াও ইয়াৰ বাবে আমাৰ মাজত ব্যৱধান সৃষ্টি হ’বলৈ নিদিছিল। তেওঁৰ মন সস্নেহ আৰু দয়াৰে ভৰি আছিল। এয়া তেওঁৰ অন্তিমকণ উশাহ থকালৈকে বিদ্যমান আছিল। বাদল চাহাবৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা প্ৰতিজন ব্যক্তিয়ে তেওঁৰ বৈদগ্ধ্য আৰু হাস্যৰসৰ কথা স্মৰণ কৰিব।
১৯৯০ৰ মাজভাগ আৰু শেষৰফালে পঞ্জাৱৰ ৰাজনৈতিক পৰিবেশ বহুখিনি বেলেগ হৈ পৰিছিল। ৰাজ্যখনত নানা অস্থিৰতাই দেখা দিছিল আৰু ইয়াৰ মাজতে ১৯৯৭ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। আমাৰ দলসমূহ একেলগে ৰাইজৰ ওচৰলৈ গৈছিল আৰু তেতিয়া বাদল চাহাব আমাৰ নেতা আছিল। তেওঁৰ গ্ৰহণযোগ্যতাৰ বাবে ৰাইজে আমাক জয়ৰ আশীৰ্বাদ দিছিল। কেৱল সেয়াই নহয়, চণ্ডীগড় পৌৰসভাৰ নিৰ্বাচনত আমাৰ মিত্ৰজোঁটে সফলতাৰে জয়লাভ কৰাৰ লগতে মহানগৰখনৰ লোকসভাৰ আসনতো জয়লাভ কৰিছিল। তেওঁৰ ব্যক্তিত্বৰ বলত আমাৰ মিত্ৰজোঁটে ১৯৯৭ ৰপৰা ২০১৭লৈ ১৫ বছৰে ৰাজ্যখনৰ সেৱা কৰিছিল!
মই এটা কথা কেতিয়াও পাহৰিব নোৱাৰিম। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত বাদল চাহাবে মোক কৈছিল, আমি একেলগে অমৃতসৰলৈ যাম, তাত এৰাতি কটাই পিছদিনা প্ৰাৰ্থনা কৰি লংগৰ কৰিম। মই এটা অতিথিশালাত মোৰ কোঠাত আছিলো। তেওঁ এই কথা গম পোৱা মাত্ৰেকে তেওঁ মোৰ কোঠালৈ আহি মোৰ বয়-বস্তুসমূহ দঙা-পৰা কৰিছিল। মই তেওঁক কিয় এনে কৰিছে বুলি সোধাত তেওঁ মোক কৈছিল যে মই তেওঁৰ লগত তেওঁৰ বাবে নিৰ্ধাৰিত কোঠাটোলৈ যাব লাগিব আৰু তাতেই থাকিব লাগিব। মই তেওঁক নালাগে বুলি কোৱা সত্বেও তেওঁ জোৰ দি থাকিল। অৱশেষত বাদল চাহাব আন এটা কোঠালৈ গ’ল। মোৰ দৰে এজন অতি সাধাৰণ কাৰ্য্যকৰ্তাৰ প্ৰতি তেওঁৰ এই মনোভাৱক মই সদায় মনত ৰাখিম।
গোশালাসমূহৰ প্ৰতি বাদল চাহাবৰ বিশেষ আগ্ৰহ আছিল আৰু ভিন্ন জাতৰ গাই পালন কৰিছিল। আমাৰ এখন সভাত তেওঁ মোক কৈছিল যে তেওঁৰ গিৰৰপৰা গো প্ৰজননৰ ইচ্ছা আছে। মই তেওঁৰ বাবে ৫ জনী গাইৰ ব্যৱস্থা কৰিছিলো আৰু তাৰ পিছত আমি লগ হ’লে গাইবোৰৰ বিষয়ে মোৰ সৈতে কথা পাতিছিল আৰু লগতে ধেমালি কৰি কৈছিল যে সেই গৰুবোৰৰ সৈতে ল’ৰা-ছোৱালীয়ে খেলা-ধূলা কৰিলেও কেতিয়াও নুখুচে। তেওঁ এনেদৰেও কৈছিল যে গুজৰাটীসকলৰ মন ইমান কোমল হোৱাৰ অন্যতম কাৰণ হৈছে তেওঁলোকে গিৰ গাইৰ গাখীৰ সেৱন কৰে।
২০০১ৰ পাছত মই বাদল চাহাবৰ সৈতে এক সুকীয়া দায়িত্বৰে মত-বিনিময়ৰ সুযোগ লাভ কৰিছিলো – তেতিয়া আমি আছিলো নিজ-নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত।
মই জল সংৰক্ষণ, পশুপালন আৰু দুগ্ধ উৎপাদনকে প্ৰমুখ্য কৰি কৃষি-কাৰ্য্যৰে জড়িত নানা বিষয়ত বাদল চাহাবৰ পৰামৰ্শ লাভেৰে ধন্য হৈছিলোঁ। তেওঁ বহিঃৰাষ্ট্ৰত বসবাস কৰা ভালে সংখ্যক কঠোৰ পৰিশ্ৰমী পাঞ্জাৱী লোকৰ সম্ভাৱনা অন্বেষণক বিশ্বাস কৰিছিল।
এবাৰ মোক আলং শ্বিপয়াৰ্ড সম্পৰ্কে জানিবলৈ তেওঁৰ আগ্ৰহৰ কথা কৈছিল। তাৰ পিছত তেওঁ আলং শ্বিপয়াৰ্ডলৈ গৈ তাত গোটেই দিনটো কটায় পুনঃব্যৱহাৰ (recycling) সম্পৰ্কে বুজি উঠিছিল। পঞ্জাৱ উপকূলীয় ৰাজ্য নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বাবে শ্বিপয়াৰ্ডৰ প্ৰত্যক্ষ অভিজ্ঞতা গ্ৰহণৰ আৱশ্যকতা নাছিল যদিও নিত্য-নতুন কথা শিকিবলৈ তেওঁৰ ইমানেই ইচ্ছা আছিল যে তেওঁ দিনটো তাতেই কটাইছিল আৰু খণ্ডটোৰ ভিন্ন দিশ সম্পৰ্কে বুজিবলৈ চেষ্টা কৰিছিল।
২০০১ৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা কচ্ছৰ পবিত্ৰ লখপট গুৰুদ্বাৰাৰ মেৰামতি আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ বাবে গুজৰাট চৰকাৰৰ প্ৰতি তেওঁৰ প্ৰশংসাসূচক বাক্যৰাজিক মই সদায় লালন-পালন কৰি থাকিম।
২০১৪ত কেন্দ্ৰত এনডিএ চৰকাৰ অধিষ্ঠিত হোৱাৰ পিছত তেওঁ পুনৰবাৰ স্বকীয় বিশাল চৰকাৰী অভিজ্ঞতাৰ ভিত্তিত মূল্যৱান অন্তৰ্দৃষ্টি আগবঢ়াইছিল। তেওঁ ঐতিহাসিক জিএছটিকে ধৰি একাধিক সংস্কাৰ সাধনৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন আগবঢ়াইছিল।
তেতিয়া আমাৰ মত-বিনিময়ৰ কেইটামান দিশ সম্পৰ্কে ব্যক্ত কৰিব খুজিছো। এক বিস্তৃত পৰিসৰত আমাৰ ৰাষ্ট্ৰলৈ তেওঁৰ অৱদান অতুলনীয়। জৰুৰীকালীন সময়ৰ অন্ধকাৰাচ্ছন্ন দিনসমূহত গণতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে তেওঁ অন্যতম অগ্ৰদূতৰ ভূমিকা পালন কৰিছিল। এই অভিজ্ঞতাই গণতন্ত্ৰৰ প্ৰতি তেওঁৰ বিশ্বাসক অধিক সুদৃঢ় কৰি তুলিছিল।
১৯৭০-১৯৮০ৰ অশান্তজৰ্জৰ সময়ছোৱাত পঞ্জাৱত বাদল চাহাবে পঞ্জাৱক প্ৰথম আৰু ভাৰতক প্ৰথম স্থান দিছিল। ভাৰতক দুৰ্বল কৰি তোলা বা পঞ্জাৱৰ জনসাধাৰণৰ স্বাৰ্থৰে আপোচ কৰা সকলো পৰিকল্পনাক দৃঢ়তাৰে বিৰোধিতা কৰিছিল।
তেওঁ মহান গুৰু চাহিবসকলৰ আদৰ্শৰাজি পৰিপূৰণৰ বাবে গভীৰভাৱে দায়বদ্ধ আছিল। তেওঁ শিখ ঐতিহ্যৰ সংৰক্ষণ আৰু উদযাপনৰ বাবেও উল্লেখযোগ্য প্ৰচেষ্টা গ্ৰহণ কৰিছিল। ১৯৮৪ৰ দাঙ্গাৰ বলি হোৱা লোকসকলৰ ন্যায় নিশ্চিতকৰণৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা যুগমীয়া হৈ ৰ’ব।
বাদল চাহাব এগৰাকী জনতাক সংগঠিত কৰা লোক আছিল। তেওঁ সকলো মতাদৰ্শৰ নেতাৰ সৈতে কাম কৰিব পাৰিছিল। বাদল চাহাবে কেতিয়াও ৰাজনৈতিক লাভ-লোকচানৰ সৈতে কোনো সম্পৰ্কক জড়িত কৰা নাছিল। বিশেষকৈ ৰাষ্ট্ৰীয় ঐক্যৰ মনোভাৱক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই মনোভাৱ উপযোগী হৈ উঠিছিল।
বাদল চাহাবৰ বিয়োগে সৃষ্টি কৰা শূন্যতা পূৰণ কৰাটো কঠিন হ’ব। তেওঁ এনে এগৰাকী ৰাষ্ট্ৰনেতা আছিল, যাৰ জীৱনলৈ বহু প্ৰত্যাহ্বান অহা সত্বেও তেওঁ এইসমূহ অতিক্ৰমেৰে ফিনিক্স পক্ষীৰ দৰে জীয়াই আছিল। তেওঁলৈ মনত পৰাৰ সমান্তৰালকৈ তেওঁ আমাৰ হৃদয়তে থাকিব আৰু তেওঁ বহু দশক ধৰি কৰা অসাধাৰণ কৰ্মৰাজিয়েও তেওঁক জীয়াই ৰাখিব।