এয়া সকলোৱে জানে যে দূৰত্বৰ অসুবিধাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল চৰকাৰৰ পোনপটীয়া দৃষ্টিৰ পৰা সদায় আঁতৰত থাকে। অৱশ্যে মোদী চৰকাৰে এই অঞ্চলটোৰ প্ৰচুৰ সম্ভাৱনাক বিকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ তেওঁলোকে অঞ্চলটোৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰাকৈ এক শক্তিশালী ভেটি স্থাপন কৰিছে৷
দেশৰ অন্য প্ৰান্তৰ দৰে উত্তৰ-পূৰ্বাঞ্চলক বিকাশৰ ধাৰাৰ সৈতে সংযুক্ত কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ যোৱা ৫বছৰত তেওঁলোকে উত্তৰ-পূববাসীৰ দাবী পূৰণ কৰাৰ লগতে দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা আন্তঃগাথনিমূলক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিছে৷
আন্তঃগাথনিগত বিকাশৰ গতি বৃদ্ধিঃ
আন্তঃগাথনিগত বিকাশৰ গতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰূপ সলনি কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ আৰু যোগাযোগ ব্যৱস্থা নিশ্চিত কৰিবলৈ ছিকিমত পাকিয়ং বিমানবন্দৰ(দেশৰ পাঁচটা সৰ্বোচ্চ বিমানবন্দৰৰ অন্যতম), ধলা-শদিয়া দলং(ভাৰতৰ সবাতোকৈ দীঘল দলং), বগীবিল দলং(ভাৰতৰ সৰ্ববৃহৎ ৰেলৰোড দলং) সফলতাৰে কাৰ্যক্ষম কৰি তোলা হৈছে৷
চৰকাৰে ১,১০০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত নতুন এইমছ স্থাপনৰ কাম আৰম্ভ কৰিছে৷ ইয়াৰ জৰিয়তে কেন্দ্ৰই অসমলৈ কঢ়িয়াই আনিছে উন্নত স্বাস্থ্যসেৱাৰ সুবিধা৷ উত্তৰ-পূবক ৰাষ্ট্ৰীয় গেছ গ্ৰীডেৰে সংযুক্ত কৰিবলৈ গেইলে ৩,০০০কোটি টকা ব্যয় সাপেক্ষে এক গেছ পাইপলাইন গুৱাহাটীলৈ সংস্থাপন কৰিছে৷
উত্তৰ-পূবলৈ অধিক বিদ্যুতৰ সুবিধা
প্ৰতিখন গাঁও আৰু প্ৰতিটো পৰিয়ালক বিদ্যুৎ সংযোগেৰে সাঙুৰি লোৱাৰ পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলক যথেষ্ট পৰিমাণে উপকৃত কৰিছে৷ যোৱা পাঁচ বছৰত উত্তৰ-পূবৰ মুঠ ৬০০০ খন গাঁও আৰু প্ৰায় ১৩লাখ পৰিয়ালে বিদ্যুতৰ সুবিধা লাভ কৰিছে৷ ছিকিম আৰু ত্ৰিপুৰাৰ পাছত শেহতীয়াকৈ মিজোৰাম অতিৰিক্ত বিজুলী উৎপাদনকাৰী তৃতীয়খন ৰাজ্য হিচাপে চিহ্নিত হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলে এতিয়া ‘উন্নয়নৰদ্বাৰা পৰিৱৰ্তন’ৰ অভিজ্ঞতা লাভ কৰি আছে৷
স্থানীয় বস্ত্ৰশিল্প, বাণিজ্য আৰু পৰ্যটনলৈ উদগণি
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক বৈচিত্ৰতাৰে ভৰপূৰ৷ বিশেষকৈ বস্ত্ৰশিল্পৰ কথা এই প্ৰসংগত উল্লেখ কৰিবই লাগিব৷ অঞ্চলটোৰ বস্ত্ৰশিল্প আৰু আনুসংগিক খণ্ডৰ প্ৰসাৰৰ উদ্দেশ্যে শ্বিলঙত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় উত্তৰ-পূব বিনিয়োগ সন্মিলন৷
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বস্ত্ৰশিল্প খণ্ডৰ বিকাশ আৰু আধুনিকীকৰণে অধিক সংস্থাপন সৃষ্টি কৰিব, বিশেষকৈ এই অঞ্চলটোৰ মহিলাসকলক উপকৃত কৰিব৷ উত্তৰ-পূৰ্বাঞ্চল বস্ত্ৰশিল্প আঁচনিৰ অধীনত প্ৰতিটো পোচাক আৰু বস্ত্ৰ নিৰ্মাণ কেন্দ্ৰত প্ৰায় ১,২০০ লোকে সংস্থাপনৰ সুযোগ লাভ কৰিছে৷
ভাৰতৰ ‘এক্ট ইষ্ট পলিচী’ৰ অধীনত অঞ্চলটোক ব্যৱসায় আৰু পৰ্যটনৰ কেন্দ্ৰস্থল হিচাপে বিকশিত কৰি থকা হৈছে৷ ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথে সীমাহীন যাত্ৰী আৰু মালবাহী বাহনৰ গতিবিধিৰে এছিয়ান বজাৰ মুকলি কৰি দিছে৷
পূব ভাৰতৰ বৌদ্ধ পৰ্যটনৰ ক্ষেত্ৰখন বিহাৰৰ পৰা আৰম্ভ হয় আৰু পৰ্যটনকাৰীয়ে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ মাজেৰে দক্ষিণ পূব এছিয়ালৈ ৰাওনা হয়৷ সেই অনুসৰি, এক অনুকূল পৰিৱেশ ৰচনা কৰা হৈছে৷ এই পদক্ষেপে উত্তৰ-পূবক পৰ্যটন খণ্ডত আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব৷
বাঁহ খেতিলৈ উদগণি
বাঁহখেতি হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাম্য অৰ্থনীতিৰ প্ৰধান উপাদান৷ গছ হিচাপে ইয়াৰ শ্ৰেণীবিভাজনে উৎপাদন, পৰিবহন আৰু বিক্ৰীত বিভিন্ন বাধাৰ সৃষ্টি কৰে৷ স্থানীয় অৰ্থনীতিক উৎসাহিত কৰিবলৈ চৰকাৰে বাঁহৰ শ্ৰেণীবিভাজন ‘গছ’ৰ পৰা ‘ঘাঁহ’লৈ সলনি কৰে৷ ইয়ে বাঁহৰ সামগ্ৰীৰ মুক্ত সৰবৰাহ নিশ্চিত কৰে আৰু বাঁহৰ পুলি ৰোপনক উৎসাহিত কৰে৷ একেদৰে, বাঁহ খেতিয়কৰ উপাৰ্জন বৃদ্ধি হয়৷
জৈৱিক কৃষি খণ্ডৰ সৱলীকৰণঃ
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল হ’ল জৈৱিক কৃষিৰ কেন্দ্ৰস্বৰূপ৷ চৰকাৰৰ পৰা লাভ কৰা প্ৰয়োজনীয় সহযোগিতাই ইয়াক দেশ আৰু বিশ্বৰ এক বহনক্ষম কৃষি আৰ্হি হিচাপে অক্ষুন্ন ৰাখিছে৷ পৰম্পৰাগত কৃষি বিকাশ যোজনাই জৈৱিক কৃষিৰ অধীনত ৪৫,০০০ হেক্টৰ ভূমি সাঙুৰি লৈছে৷ তদুপৰি, বীজ, প্ৰমাণপত্ৰ, প্ৰস্তুতকৰণ, মাৰ্কেটিং আৰু ব্ৰেণ্ড প্ৰসাৰণৰ দৰে সেৱাৰ জৰিয়তে এক জৈৱিক ভেল্যু চেইন গঢ়ি তোলা হৈছে৷
বিভিন্ন খণ্ডত নিৰন্তৰ প্ৰয়াসেৰে এখন নতুন উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ ধৰণকৈ লৈ অঞ্চলবাসীৰ মাজত যথেষ্ট উৎসুকতা দেখা যায়৷ এখন নতুন উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ উন্নয়নৰ যাত্ৰাক নেতৃত্ব দিবলৈ যেন সাজু হৈছে৷