‘মন কি বাত’ৰ প্ৰতি মানুহে যি মৰম দেখুৱাইছে সেয়া অভূতপূৰ্বঃ প্ৰধানমন্ত্ৰী মোডী
May 28th, 11:30 am
'মন কী বাত'লৈ আকৌ এবাৰ আপোনালোক সকলোকে এক উষ্ম আদৰণি জনাইছো। এইবাৰ 'মন কী বাত'ৰ এই খণ্ডটো ইয়াৰ দ্বিতীয়টো শতিকাৰ আৰম্ভণি খণ্ড। যোৱা মাহত আমি সকলোৱে ইয়াৰ বিশেষ শতিকা উদযাপন কৰিছো। আপোনালোকৰ অংশগ্ৰহণ হৈছে এই কাৰ্যসূচীৰ আটাইতকৈ ডাঙৰ শক্তি। শততম খণ্ডৰ সম্প্ৰচাৰৰ সময়ত, এক প্ৰকাৰে সমগ্ৰ দেশ যেন একেডাল সূতাৰে বান্ধ খাইছিল। অনাময় কৰ্মচাৰী ভাই-ভনী হওক বা বিভিন্ন খণ্ডৰ ব্যক্তিয়েই হওঁক, 'মন কী বাতে' সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। 'মন কী বাত'ৰ বাবে আপোনালোক সকলোৱে দেখুওৱা স্নেহ আৰু মৰম অভূতপূৰ্ব, ই মানুহক আৱেগিক কৰি তোলে। যেতিয়া 'মন কী বাত' সম্প্ৰচাৰ কৰা হৈছিল, পৃথিৱীৰ বিভিন্ন দেশত, বিভিন্ন সময় অঞ্চলত, কৰবাত সন্ধিয়া হৈছিল আৰু কৰবাত ৰাতি পলম হৈছিল... তথাপিও, বহু সংখ্যক লোকে শততম খণ্ডটো শুনিবলৈ সময় উলিয়াইছিল। মই হাজাৰ হাজাৰ মাইল দূৰত থকা নিউজিলেণ্ডৰ সেই ভিডিঅ'টোও দেখিছিলো, য'ত এগৰাকী ১০০ বছৰীয়া মহিলাই তেওঁৰ মাতৃসূলভ আশীৰ্বাদ দিছে। ভাৰত আৰু বিদেশৰ মানুহে 'মন কী বাত' সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে। বহুলোকে গঠনমূলক বিশ্লেষণো আগবঢ়াইছে। 'মন কী বাত'ত কেৱল দেশ আৰু দেশবাসীৰ সাফল্যৰ বিষয়ে আলোচনা কৰা হৈছে বুলি ৰাইজে প্ৰশংসা কৰিছে। এই আশীৰ্বাদৰ বাবে মই আপোনালোক সকলোকে সম্পূৰ্ণ সন্মান জনাইছো।প্ৰধানমন্ত্ৰীয়ে যুৱ সঙ্গমৰ দ্বিতীয় পৰ্যায়ৰ বাবে পঞ্জীয়ন কৰিবলৈ যুৱক-যুৱতীসকলক আহ্বান জনায়
April 07th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উজ্জ্বলা যোজনাৰ দ্বাৰা দেশৰ বহু মাতৃ-ভগ্নী যথেষ্ট উপকৃত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে।