গোৱাত নৱম বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সামৰণি অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 11th, 04:15 pm
গোৱাৰ সুন্দৰ ভূমিত বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ বাবে ভাৰত আৰু বিদেশৰ পৰা সমবেত হোৱা সকলো বন্ধুক মই স্বাগতম জনাইছো। বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সফলতাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। এই অনুষ্ঠানটো এনে এক সময়ত অনুষ্ঠিত হৈছে যেতিয়া ভাৰতৰ স্বাধীনতাৰ 'অমৃত কাল' (সোণালী যুগ) যাত্ৰা আৰম্ভ হৈছে। আমাৰ জ্ঞান, বিজ্ঞান আৰু সাংস্কৃতিক অভিজ্ঞতাৰ জৰিয়তে বিশ্বৰ কল্যাণৰ সংকল্প হৈছে 'অমৃত কাল'ৰ এক ডাঙৰ লক্ষ্য আৰু আয়ুৰ্বেদ ইয়াৰ বাবে এক শক্তিশালী আৰু কাৰ্যকৰী মাধ্যম। ভাৰতেও এই বছৰ জি-২০ গোটৰ আয়োজন আৰু অধ্যক্ষতা কৰিছে। জি-২০ সন্মিলনৰ বিষয়বস্তু হৈছে – এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত! বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছত সমগ্ৰ বিশ্বৰ স্বাস্থ্যৰ সৈতে আপোনালোক সকলোৱে এনে বিষয়ৰ ওপৰত আলোচনা কৰিব। মই সুখী যে বিশ্বৰ ৩০ খনতকৈও অধিক দেশে আয়ুৰ্বেদক পৰম্পৰাগত ঔষধৰ ব্যৱস্থা হিচাপে স্বীকৃতি দিছে। আমি একেলগে আয়ুৰ্বেদৰ স্বীকৃতিৰ বাবে ইয়াক অধিক সংখ্যক দেশলৈ লৈ যাব লাগিব।PM addresses valedictory function of 9th World Ayurveda Congress
December 11th, 04:00 pm
PM Modi addressed the valedictory function of the 9th World Ayurveda Congress. He also inaugurated three National Ayush Institutes. Dwelling upon the philosophical underpinnings of Ayurveda the PM said, Ayurveda goes beyond treatment and promotes wellness, as he pointed out that the world is shifting towards this ancient way of life after going through various changes in trends.