India and Trinidad & Tobago share a relationship rooted in centuries-old bonds: PM Modi in Parliament of Trinidad & Tobago

India and Trinidad & Tobago share a relationship rooted in centuries-old bonds: PM Modi in Parliament of Trinidad & Tobago

July 04th, 09:30 pm

At the invitation of the President of the Senate, H.E. Wade Mark and the Speaker of the House, H.E. Jagdeo Singh, Prime Minister Shri Narendra Modi today addressed the Joint Assembly of the Parliament of Trinidad & Tobago [T&T]. He is the first Prime Minister from India to address the T&T Parliament and the occasion marked a milestone in India-Trinidad & Tobago bilateral relations.

PM Modi addresses joint session of parliament of Trinidad & Tobago

PM Modi addresses joint session of parliament of Trinidad & Tobago

July 04th, 09:00 pm

PM Modi addressed the Joint Assembly of the Parliament of Trinidad & Tobago. He noted that India was privileged to stand in solidarity with the people of Trinidad & Tobago on their path to freedom. He further emphasised that the deep-rooted bonds between the two countries as modern nations have gone from strength to strength.

২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 29th, 11:30 am

নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।

শ্ৰী নাৰায়ণ গুৰু আৰু গান্ধীজীৰ মাজৰ বাৰ্তালাপৰ শতাব্দী সমাৰোহ বৈঠকত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 24th, 11:30 am

আজি এই চৌহদ দেশৰ ইতিহাসত এক অভূতপূৰ্ব পৰিঘটনাৰ স্মৃতিৰ সাক্ষী হৈ পৰিছে। এনে এক ঐতিহাসিক পৰিঘটনা, যিয়ে আমাৰ স্বাধীনতা আন্দোলনক নতুন দিশ দিয়াই নহয়, বৰং স্বাধীনতাৰ উদ্দেশ্য, স্বাধীন ভাৰতৰ সপোনকো সুনিৰ্দিষ্ট অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰৰ আগতে শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সেই সাক্ষাৎ, আজিও সিমানেই প্ৰেৰণাদায়ক, সিমানেই প্ৰাসংগিক। ১০০ বছৰ আগতে হোৱা সেই সাক্ষাৎ, সামাজিক সম্প্ৰীতিৰ বাবে, উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে, আজিও শক্তিৰ এক বৃহৎ উৎস। এই ঐতিহাসিক অনুষ্ঠানত মই শ্ৰী নাৰায়ণ গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ। মই গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

June 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু তথা মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি এই স্থান দেশৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ঐতিহাসিক ঘটনাই স্বাধীনতা আন্দোলনক নতুন দিশ প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ উদ্দেশ্য আৰু স্বাধীন ভাৰতৰ সপোনক দৃঢ় অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰ পূৰ্বৰ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা বৈঠক আজিও অনুপ্ৰেৰণামূলক আৰু প্ৰাসংগিক হৈ থকাৰ লগতে সামাজিক সম্প্ৰীতি তথা উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে শক্তিৰ এক শক্তিশালী উৎস হিচাপে পৰিগণিত হৈ আহিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।

আজি নাৰী শক্তিয়ে এখনি বিকশিত ভাৰতৰ সংকল্পত সক্ৰিয়ভাৱে অংশগ্ৰহণেৰে ভিন্ন খণ্ডত নিদৰ্শন দাঙি ধৰিছেঃ প্ৰধানমন্ত্ৰী

June 08th, 11:14 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত মহিলা-নেতৃত্বাধীন উন্নয়নৰ প্ৰতি চৰকাৰৰ গুৰুত্ব আৰোপৰ কথা উল্লেখেৰে এখনি উন্নত ভাৰতৰ অভিমুখে যাত্ৰাত মহিলাসকলে পালন কৰা ৰূপান্তৰশীল ভূমিকাত আলোকপাত কৰিছে।

ভূপালত অনুষ্ঠিত ‘দেৱী অহিল্যাবাঈ মহিলা সাৱলীকৰণ মহাসন্মিলন’ত এলানি প্ৰকল্পৰ শুভাৰম্ভণি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

May 31st, 11:00 am

মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান মোহন যাদৱ জী, প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত কেন্দ্ৰীয় মন্ত্ৰীসকল, ইন্দোৰৰ পৰা তোখন সাহু জী, দতিয়াৰ পৰা ৰাম মোহন নাইডু জী, সতনাৰ পৰা মুৰালীধৰ মোহল জী, ইয়াত মঞ্চত উপস্থিত ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱড়া জী, ৰাজেন্দ্ৰ শুক্লাজী, লোকসভাৰ মোৰ সহকৰ্মী ভি ডি শৰ্মা জী, অন্য মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু ইয়াত বৃহৎ সংখ্যাত উপস্থিত থকা মোৰ প্ৰিয় ভাই-ভনীসকল।

মধ্য প্ৰদেশৰ ভূপালত লোকমাতা দেৱী অহিল্যা বাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মহিলা সশক্তিকৰণ মহাসমিলনত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

May 31st, 10:27 am

আজি মধ্যপ্ৰদেশৰ ভূপালত লোকমাতা দেৱী অহিল্য বাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমাতা দেৱী অহিল্যবাই মহিলা শক্তিকৰণ মহাসভাত ভাষণ প্ৰদান কৰে। ভূপালত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ ‘মা ভাৰতী’ক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ভাৰতৰ মহিলাসকলৰ শক্তিক স্বীকাৰ কৰি আৰম্ভ কৰে। অনুষ্ঠানটোক আশীৰ্বাদ দিবলৈ অহা ভগ্নী-কন্যাসকলৰ বৃহৎ সমাৱেশৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ উপস্থিতিৰ বাবে তেওঁ সন্মানিত অনুভৱ কৰা বুলি উল্লেখ কৰে।

গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কামৰ উদ্বোধনীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 08th, 11:50 am

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল জী, নৱছাৰীৰ সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী, কেন্দ্ৰীয় মন্ত্ৰী ভাই চি আৰ পেটেল, মঞ্চত উপস্থিত পঞ্চায়তৰ সদস্যগণ আৰু লাখপতি দিদিসকল, অন্যান্য জনপ্ৰতিনিধিগণ আৰু ইয়ালৈ যিসকল বৃহৎ সংখ্যাত আহিছে, বিশেষকৈ মোৰ মাতৃ, ভগ্নী আৰু কন্যাসকল, আপোনালোক সকলোকে নমস্কাৰ!

গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কাম আৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 08th, 11:45 am

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ নৱছাৰীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠানত ভাষণ দি তেওঁ উপস্থিত বৃহৎ সংখ্যক মাতৃ, ভগ্নী, কন্যাসকলৰ পৰা পোৱা মৰম, মৰম আৰু আশীৰ্বাদৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি সমগ্ৰ দেশৰ মহিলাসকললৈ উষ্ম অভিনন্দন জনায়। তেওঁ কয় যে মহাকুম্ভৰ সময়ত তেওঁ মা গংগাৰ আশীৰ্বাদ লাভ কৰিছিল যদিও আজি তেওঁ মাতৃশক্তিৰ মহাকুম্ভত উপস্থিত থাকি ধন্য অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত G-SAFAL (Gujarat Scheme for Antyodaya Families for Augmenting Livelihoods) আৰু G-MAITRI (Gujarat Mentorship and Acceleration of Inpiduals for Transforming Rural Income) নামৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিও গুজৰাটত আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও বিভিন্ন আঁচনিৰ ধন পোনপটীয়াকৈ মহিলাসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হোৱাৰ কথা উল্লেখ কৰি এই উল্লেখযোগ্য কৃতিত্বৰ বাবে সকলোকে অভিনন্দন জনায়।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 04th, 07:00 pm

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 04th, 06:55 pm

লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।

Delhi's voters have resolved to free the city from 'AAP-da': PM Modi

January 03rd, 01:03 pm

PM Modi inaugurated key development projects in Delhi, including housing for poor families. He emphasized India’s vision for 2025 as a year of growth, entrepreneurship, and women-led development, reaffirming the goal of a pucca house for every citizen.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

January 03rd, 12:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশত ভাষণ দি শ্ৰী মোদীয়ে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু বিশ্বাস ব্যক্ত কৰে যে ২০২৫ বৰ্ষটো ভাৰতৰ উন্নয়নৰ বাবে এক অপৰিসীম সুযোগ হ'ব, যাৰ ফলত দেশখন বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ লক্ষ্যৰ দিশে আগবাঢ়িব। প্ৰধানমন্ত্ৰীয়ে কয়, আজি ভাৰত ৰাজনৈতিক আৰু অৰ্থনৈতিক স্থিৰতাৰ এক বিশ্বব্যাপী প্ৰতীক হিচাপে থিয় হৈ আছে। তেওঁ লগতে কয় যে অহা বছৰত দেশৰ ভাবমূৰ্তি অধিক শক্তিশালী হ'ব। শ্ৰী মোদীয়ে ২০২৫ বৰ্ষৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ভাৰতক বিশ্বৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলা, ষ্টাৰ্ট-আপ আৰু উদ্যোগৰ বাবে যুৱসকলক শক্তিশালী কৰা, নতুন কৃষি অভিলেখ স্থাপন কৰা, মহিলাৰ নেতৃত্বত বিকাশৰ প্ৰচাৰ কৰা আৰু জীৱনধাৰণৰ সহজতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিজন নাগৰিকৰ জীৱনৰ মান উন্নত কৰাৰ বছৰ হিচাপে গুৰুত্ব আৰোপ কৰে।

বিশ্ব সমবায় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 25th, 03:30 pm

ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ কনিষ্ঠ ভ্ৰাতৃ, ফিজিৰ উপ-প্ৰধানমন্ত্ৰী, ভাৰতৰ সমবায় মন্ত্ৰী অমিত শ্বাহ, আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ অধ্যক্ষ, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি, সমগ্ৰ বিশ্বৰপৰা ইয়াত সমবেত হোৱা সমবায় জগতৰ সৈতে জড়িত সকলো সহযোগী, ভদ্ৰলোক আৰু মহিলাসকল।

PM Modi inaugurates ICA Global Cooperative Conference 2024

November 25th, 03:00 pm

PM Modi inaugurated the ICA Global Cooperative Conference 2024. Emphasising the centuries-old culture, Prime Minister Modi said, “For the world, cooperatives are a model but for India it is the basis of culture, a way of life.”

The bond between India & Guyana is of soil, of sweat, of hard work: PM Modi

November 21st, 08:00 pm

Prime Minister Shri Narendra Modi addressed the National Assembly of the Parliament of Guyana today. He is the first Indian Prime Minister to do so. A special session of the Parliament was convened by Hon’ble Speaker Mr. Manzoor Nadir for the address.

PM Modi addresses the Parliament of Guyana

November 21st, 07:50 pm

PM Modi addressed the National Assembly of Guyana, highlighting the historical ties and shared democratic ethos between the two nations. He thanked Guyana for its highest honor and emphasized India's 'Humanity First' approach, amplifying the Global South's voice and fostering global friendships.

"সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা তথা দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ" শীৰ্ষক জি-২০ অধিবেশনত প্ৰধানমন্ত্ৰীৰ বক্তব্য

November 18th, 08:00 pm

আৰম্ভণিতে মই ৰাষ্ট্ৰপতি লুলাক জি-২০ সন্মিলন আয়োজনৰ বাবে আৰু জি-২০ৰ সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছোঁ।

‘সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতা’ৰ বিৰুদ্ধে যুঁজ সন্দৰ্ভত ‘জি-২০’ অধিৱেশনত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে

November 18th, 07:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ' সন্দৰ্ভত জি-২০ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত লুইছ ইনাচিও লুলা দা ছিলভাক সন্মিলনখন আয়োজন কৰাৰ বাবে আৰু তেওঁৰ আন্তৰিকতাপূৰ্ণ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। বহনক্ষম উন্নয়ন লক্ষ্যত গুৰুত্ব দিয়া ব্ৰাজিলিয়ান জি-২০ কাৰ্যসূচীৰ প্ৰশংসা কৰি তেওঁ কয় যে এই পদ্ধতিয়ে ‘গোলকীয় দক্ষিণ’ৰ উদ্বেগৰ প্ৰসংগত আলোকপাত কৰিছে আৰু নতুন দিল্লী জি-২০ সন্মিলনৰ জনকেন্দ্ৰিক সিদ্ধান্তসমূহক আগুৱাই নিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় জি-২০ প্ৰেচিডেন্সিৰ এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ আহ্বান ৰিঅ'ৰ আলোচনাত প্ৰতিধ্বনিত হৈছে।