প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত আমি সকলোৱে কেৰালাৰ জনসাধাৰণৰ কাষত থিয় দিছোঁ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত আমি সকলোৱে কেৰালাৰ জনসাধাৰণৰ কাষত থিয় দিছোঁ

August 10th, 10:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে কেন্দ্ৰই ভূমিস্খলন প্ৰভাৱিত ৱায়ানাড়ক সকলো ধৰণৰ সাহায্য আগবঢ়াব। ‘এক্স’-ত প্ৰেৰণ কৰা এলানি ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয় যে ৱায়ানাড়ত হোৱা ভূমিস্খলনে আমাৰ সকলোকে দুখিত কৰিছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা মই পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছোঁ। কেন্দ্ৰীয় চৰকাৰে ভুক্তভোগী লোকসকলক সহায় কৰিবলৈ সকলো সাধন সংগঠিত কৰিছে। আজি, মই তালৈ গৈ পৰিস্থিতি পৰ্যালোচনা কৰিলোঁ। মই আকাশমাৰ্গেৰে অঞ্চলটোৰ পৰিস্থিতি অধ্যয়নৰো প্ৰয়াস কৰিছিলো।

কেৰালাৰ ৱায়ানাডৰ ভূমিস্খলন প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ অন্তত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অসমীয়া অনুবাদ

কেৰালাৰ ৱায়ানাডৰ ভূমিস্খলন প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ অন্তত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অসমীয়া অনুবাদ

August 10th, 07:40 pm

যেতিয়াৰে পৰা মই এই দুৰ্যোগৰ বিষয়ে জানিব পাৰিছিঁলো, মই নিৰন্তৰ যোগাযোগত আছোঁ আৰু পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছোঁ। কেন্দ্ৰীয় চৰকাৰৰ সকলো সংশ্লিষ্ট বিভাগক পলম নকৰাকৈ একত্ৰিত কৰাটো অতি প্ৰয়োজনীয়, আৰু এই প্ৰলয়ংকৰী ঘটনাৰ দ্বাৰা প্ৰভাৱিত হোৱা লোকসকলক সহায় কৰাৰ বাবে আমি আমাৰ প্ৰচেষ্টাত একত্ৰিত হোৱাটো অতি প্ৰয়োজনীয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাডৰ ভূমিস্খলনত প্ৰভাৱিতসকলৰ মংগল কামনাৰে উদ্ধাৰ অভিযানত কেন্দ্ৰই সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাডৰ ভূমিস্খলনত প্ৰভাৱিতসকলৰ মংগল কামনাৰে উদ্ধাৰ অভিযানত কেন্দ্ৰই সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে

August 10th, 07:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাডৰ ভূমিস্খলনত প্ৰভাৱিতসকলৰ মংগল কামনা আৰু উদ্ধাৰ অভিযানত কেন্দ্ৰই সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। তেখেতে কয় যে কেন্দ্ৰীয় চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাজ্য চৰকাৰখনৰ কাষত থিয় দিছে। আজি কেৰালাৰ ৱায়ানাডত আকাশ-মাৰ্গেৰে পৰ্য্যবেক্ষণৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূমিস্খলন-প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শনেৰে পৰিস্থিতিৰ বুজ লয়।

কেৰালাৰ ৱায়ানাডৰ কিছু অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে

July 30th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ ৱায়ানাডৰ কিছু অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নৰ সৈতে কথা পাতি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সম্ভৱপৰ সাহাৰ্যৰ আশ্বাস দিয়ে।