হাজিৰাত ৰ’-পেক্স টার্মিনেলৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবা
November 08th, 10:51 am
যি কোনো প্ৰকল্পৰ কাম আৰম্ভ হ’লে কিদৰে ‘ইজ অফ ডুয়িং বিজনেছ’ৰ লগতে ‘ইজ অফ লিভিঙো’ বৃদ্ধি পাই ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল এই প্ৰকল্পটো৷ ইয়াত আহি যি ৪–৫গৰাকী ভাই–ভনীৰ সৈতে কথা কোৱাৰ সুযোগ পাইছো, তেওঁলোকে যিদৰে নিজৰ অভিজ্ঞতাৰ কথা ক’লে, তীর্থযাত্রাৰ পৰা আৰম্ভ কৰি যান–বাহনৰ ন্যূনতম লোকচান, সময় ৰাহি অথবা কৃষি উৎপাদন বৃদ্ধি, অপচয় হ্রাস, সতেজ ফল আৰু শাক–পাছলি সৰবৰাহ দ্রুতগতিত ছুৰাটৰ দৰে ডাঙৰ বজাৰলৈ নিয়াৰ ইমান ভাল ব্যৱস্থা এই সকলো বন্ধুসকলৰ জীৱনত এক নতুন মাত্রা যোগ হোৱাত তেওঁলোক অতিশয় আনন্দিত হৈছে৷ তেওঁলোকে মোক জনায় যে এই প্ৰকল্পৰ ফলত কিদৰে তেওঁলোকৰ ব্যৱসায়–বাণিজ্যৰ কাম সুগম হ’ব, গতি বৃদ্ধি পাব৷ মই ভাৱো সেইবাবেই আজি আপোনালোক ইমান আনন্দিত হৈছে৷ আজি এই আনন্দময় পৰিৱেশত ব্যৱসায়ী, শ্ৰমিক, কর্মচাৰী, কৃষক, ছাত্ৰ–ছাত্রী প্ৰত্যেকৰ জীৱনত এই অভূতপূর্ব যোগাযোগ ব্যৱস্থাই ইতিবাচক প্ৰভাৱ পেলাব৷ যেতিয়া নিজৰ মাজত দূৰত্ব কমে, তেতিয়া মনটোও আনন্দৰে ভৰি পৰে৷হাজিৰাত ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়
November 08th, 10:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ হাজিৰাত এটা ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰাৰ লগতে হাজিৰা আৰু ঘোঘাৰ মাজত পতাকা জোকাৰি ফেৰী সেৱাৰো শুভাৰম্ভ কৰে। তেওঁ স্থানীয় ব্যৱহাৰকাৰীসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। ইফালে, তেওঁ কেন্দ্ৰীয় ‘জাহাজ পৰিবহণ মন্ত্ৰালয়’ক ‘বন্দৰ, জাহজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ হিচাপে পুনৰ-নামকৰণ কৰাৰ সিদ্ধান্তৰ কথাও জানিবলৈ দিয়ে।প্ৰধানমন্ত্ৰীয়ে ৮ নবেম্বৰত হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স ফেৰী সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰি
November 06th, 03:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নবেম্বৰ, ২০২০ত দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গুজৰাটৰ হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰিব। এয়া জলপথৰ ব্যৱহাৰ আৰু তাক দেশৰ অৰ্থনৈতিক বিকাশৰ সৈতে একত্ৰিত কৰিবৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিজ্যনৰ দিশত এক বিশেষ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত এই সেৱা ব্যৱহাৰ কৰা স্থানীয় মানুহৰ সৈতে বাৰ্তালাপো কৰিব। এই উপলক্ষে শ্বিপিং ৰাজ্য মন্ত্ৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।