পশ্চিমবংগৰ দুৰ্গাপুৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
July 18th, 02:35 pm
আমাৰ দুৰ্গাপুৰ ষ্টীল চিটি হোৱাৰ উপৰিও ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। ভাৰতৰ উন্নয়নত দুৰ্গাপুৰে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি আমি এই ভূমিকাক অধিক সুদৃঢ়কৰণৰ সুযোগ লাভ কৰিছোঁ। কিছু সময় পূৰ্বে ইয়াৰ পৰাই ৫,৪০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিছোঁ। এই সকলোবোৰ প্ৰকল্পই ইয়াৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব। গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিয়ে উদ্দীপনা লাভ কৰিব। আজিৰ প্ৰকল্পসমূহে ষ্টীল চিটিৰ পৰিচয়ক অধিক সুদৃঢ় কৰিব। অৰ্থাৎ এই প্ৰকল্পসমূহে মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড মন্ত্ৰৰে পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে একাধিক কৰ্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
July 18th, 02:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টীল চিটি হিচাপে পৰিচিত দুৰ্গাপুৰ ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। তেখেতে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ উল্লেখযোগ্য অৱদানক স্বীকাৰেৰে কয় যে আজি সেই ভূমিকাক অধিক সুদৃঢ়কৰণৰ অৰ্থে সুযোগৰ উন্মেষ ঘটিছে। শ্ৰী মোদীয়ে কয় যে আজি শুভাৰম্ভ কৰা প্ৰকল্পসমূহে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব, গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিক উদ্দীপনা যোগাব আৰু ষ্টীল চিটি হিচাপে দুৰ্গাপুৰৰ পৰিচয়ক সমৃদ্ধ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পসমূহ “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” দৃষ্টিভংগীৰে সংগতিপূৰ্ণ আৰু ই পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। তেখেতে দৃঢ়তাৰে কয় যে ইয়াৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে অসীম নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে তেখেতে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।বিহাৰৰ কাৰাকটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 30th, 11:29 am
বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী শ্ৰী জিতন ৰাম মাঝি, লাল্লন সিং, গিৰিৰাজ সিং, চিৰাগ পাছৱান, নিত্যানন্দ ৰায়, সতীশ চন্দ্ৰ ডুবে, ৰাজভূষণ চৌধৰী, ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰী, বিজয় কুমাৰ সিনহা, অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উৎসৰ্গা কৰে
May 30th, 10:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই পবিত্ৰ ভূমিত বিহাৰৰ উন্নয়নক ত্বৰান্বিতকৰণৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰে তথা ৪৮,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্য্যত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবা সহস্ৰাধিক লোকে তেখেতক আশীৰ্বাদ দিবলৈ ইয়াত সমবেত হোৱাৰ কথা উল্লেখেৰে বিহাৰৰ প্ৰতি তেওঁলোকৰ মৰমৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশেৰে তেওঁলোকৰ সমৰ্থন সদায় সৰ্বোচ্চ কৰি ৰাখিব বুলি কয়। তেখেতে বিহাৰৰ মাতৃ-ভগ্নীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
April 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।AAP-da's sinking ship will drown in Yamuna Ji: PM Modi in Kartar Nagar, Delhi
January 29th, 01:16 pm
PM Modi today, addressed a massive crowd in Kartar Nagar, declared that Delhi had rejected excuses, fake promises, and deception. He asserted that the city demanded a double-engine BJP government focused on welfare and development, ensuring housing, modernization, piped water, and an end to the tanker mafia. Confident of victory, he proclaimed, On February 5th, AAP-da Jayegi, BJP Aayegi!”PM Modi’s power-packed rally in Kartar Nagar ignites BJP’s campaign
January 29th, 01:15 pm
PM Modi today, addressed a massive crowd in Kartar Nagar, declared that Delhi had rejected excuses, fake promises, and deception. He asserted that the city demanded a double-engine BJP government focused on welfare and development, ensuring housing, modernization, piped water, and an end to the tanker mafia. Confident of victory, he proclaimed, On February 5th, AAP-da Jayegi, BJP Aayegi!”“তিনি নতুন অপৰাধমূলক আইন”ৰ সফল ৰূপায়ণৰ উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
December 03rd, 12:15 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰীমান অমিত শ্বাহ, চণ্ডীগড়ৰ প্ৰশাসক শ্ৰী গুলাবচন্দ কটাৰিয়া জী, মোৰ সতীৰ্থ ৰাজ্যসভাৰ সাংসদ সতনাম সিং সন্ধু জী, উপস্থিত থকা অন্যান্য জনপ্ৰতিনিধিসকল আৰু ভদ্ৰমহিলাসকল। চণ্ডীগড়লৈ আহি মোৰ নিজৰ মানুহৰ মাজলৈ অহা যেন লাগে। চণ্ডীগড়ৰ পৰিচয় শক্তি-স্বৰূপ মা চণ্ডিকা নামৰ সৈতে জড়িত। মা চণ্ডী মানে সেই ক্ষমতাৰ ৰূপ যিয়ে সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰে। এই আৱেগেই ভাৰতীয় ন্যায় সংহিতা আৰু অসামৰিক প্ৰতিৰক্ষা সংহিতাৰ সমগ্ৰ খচৰাৰো আধাৰ। যি সময়ত দেশখন উন্নত ভাৰতৰ সংকল্প লৈ আগবাঢ়িছে, যেতিয়া সংবিধানৰ ৭৫ বছৰ হ’ল...তেতিয়া, সংবিধানৰ মনোভাৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতীয় ন্যায়িক সংহিতাৰ আৰম্ভণি, ইয়াৰ কাৰ্যকৰী হোৱা এটা ডাঙৰ আৰম্ভণি। দেশৰ নাগৰিকৰ বাবে আমাৰ সংবিধানে কল্পনা কৰা আদৰ্শ পূৰণৰ দিশত এয়া এক সুনিৰ্দিষ্ট প্ৰচেষ্টা।মই মাত্ৰ এই আইনবোৰ কেনেকৈ কাৰ্যকৰী হ’ব তাৰ লাইভ ডেমো চাই আছিলো।আৰু ইয়াত থকা সকলোকে সময় উলিয়াই এই Live Demo চাবলৈও আহ্বান জনাইছো। আইনৰ ছাত্ৰ-ছাত্ৰীয়ে চাব লাগে, বাৰ (Bar) বন্ধুসকলে চাব লাগে, ন্যায়পালিকাৰ বন্ধুসকলেও সুবিধা উলিয়াই চাব লাগে। এই উপলক্ষে ভাৰতীয় ন্যায়িক সংহিতা আৰু দেৱানী সংহিতা ৰূপায়ণৰ বাবে সমূহ দেশবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু চণ্ডীগড় প্ৰশাসনৰ লগত জড়িত সকলোকে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন নতুন অপৰাধমূলক আইন সফল ৰূপায়ণৰ বাবে দেশক উৎসৰ্গা কৰিছে
December 03rd, 11:47 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত তিনিখন পৰিৱৰ্তনশীল নতুন অপৰাধ আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ামৰ সফল ৰূপায়ণৰ বাবে দেশক উৎসৰ্গা কৰে। সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে চণ্ডীগড়ৰ পৰিচয় দেৱী মা চণ্ডীৰ সৈতে জড়িত, যিটো শক্তিৰ এক ৰূপ, যিয়ে সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰে। তেওঁ লগতে কয় যে একেটা দৰ্শনেই ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ সমগ্ৰ গাঁথনিটোৰ আধাৰ আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় সংবিধানৰ মনোভাৱেৰে অনুপ্ৰাণিত ভাৰতীয় ন্যায় সংহিতাৰ কাৰ্যকৰী হোৱাটো এক প্ৰসাৰিত মুহূৰ্ত, কিয়নো দেশখন বিকশিত ভাৰতৰ সংকল্পৰ সৈতে অগ্ৰসৰ হৈছে, ইয়াৰ সমান্তৰালকৈ ভাৰতীয় সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে। তেওঁ লগতে কয় যে আমাৰ সংবিধানে দেশৰ নাগৰিকৰ বাবে যি আদৰ্শ কল্পনা কৰিছিল, সেই আদৰ্শ পূৰণৰ দিশত ই এক সুনিৰ্দিষ্ট প্ৰচেষ্টা। শ্ৰী মোদীয়ে কয় যে আনকেইখন কেনেদৰে বলবৎ হ’ব ইয়াৰ এটা লাইভ প্ৰদৰ্শনেৰে তেওঁ মাত্ৰ তাৰ আভাস পাইছে। প্ৰধানমন্ত্ৰীয়ে ৰাইজক আইনসমূহৰ লাইভ ডেমো চাবলৈ আহ্বান জনায়। তিনিখন নতুন ফৌজদাৰী আইন সফল ৰূপায়ণ উপলক্ষে সকলো নাগৰিকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। লগতে চণ্ডীগড় প্ৰশাসনৰ সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে।The BJP has entered the electoral field in Jharkhand with the promise of Suvidha, Suraksha, Sthirta, Samriddhi: PM Modi in Garhwa
November 04th, 12:21 pm
Prime Minister Narendra Modi today addressed a massive election rally in Garhwa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”PM Modi campaigns in Jharkhand’s Garhwa and Chaibasa
November 04th, 11:30 am
Prime Minister Narendra Modi today addressed massive election rallies in Garhwa and Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”গুজৰাটৰ কেৱাড়িয়াত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱস কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 31st, 07:31 am
চৰ্দাৰ চাহাবৰ প্ৰেৰণাদায়ক কথাবোৰ, ষ্টেচু অৱ ইউনিটিৰ ওচৰত অনুষ্ঠিত এই বিশাল অনুষ্ঠান, একতা নগৰৰ অনবদ্য দৃশ্যাৱলী, আৰু অনুপম প্ৰদৰ্শনে উপস্থাপন কৰিছে এক ক্ষুদ্ৰ ভাৰতবৰ্ষৰ শক্তিশালী ছবি। ঠিক ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত কৰা আমাৰ উদযাপনবোৰৰ দৰেই, এই ৩১ অক্টোবৰৰ অনুষ্ঠানেও সমগ্ৰ দেশখনকে শক্তিশালী কৰে। ৰাষ্ট্ৰীয় একতা দিৱসত সমূহদেশবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ, ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ
October 31st, 07:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতিমূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদীয়ে একতা দিৱসৰ প্ৰতিজ্ঞাও পালন কৰাৰ লগতে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে ৩১ অক্টোবৰত উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দিৱস পেৰেডৰ সাক্ষী হয়।‘ৰোজগাৰ মেলা’ৰ মাধ্যমেৰে ৫১,০০০+ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 29th, 11:00 am
আজি হৈছে ‘ধনতেৰছ’ৰ পবিত্ৰ উৎসৱ। ‘ধনতেৰছ’ উপলক্ষে সকলো দেশবাসীক বহুত বহুত অভিনন্দন জনাইছোঁ। দুদিনৰ পিছত আমি সকলোৱে ‘দীপাৱলী’ উৎসৱ উদযাপন কৰিম। আৰু এই বছৰৰ দেৱালী অতিকে বিশেষ হ’ব, বাৰুকৈয়ে বিশেষ হ’ব। আপোনালোকে জানে যে দেৱালী প্ৰতিবাৰেই আহে, তেন্তে এইবাৰনো একেটা উত্সৱেই কিয় বিশেষ হৈ উঠিছে, বিশেষ হোৱাৰ কাৰণ মই আপোনালোকক ক'ম। ৫০০ বছৰৰ পিছত ভগৱান শ্ৰী ৰাম তেওঁৰ অযোধ্যাৰ বিশাল মন্দিৰত উপৱিষ্ট হৈছেহি। আৰু ভব্য মন্দিৰত উপৱিষ্ট হোৱাৰ পিছত এইটো হৈছে প্ৰথমটো দীপাৱলী, আৰু এনে এটা দীপাৱলীৰ বাবে অপেক্ষা কৰি কৰিয়েই বহু প্ৰজন্মই জীৱনপাত কৰিছিল, লাখ লাখ লোকে বলিদান দিছিল আৰু যাতনা ভূগিবলগীয়া হৈছিল। আমি সকলোৱেই বহুত সৌভাগ্যশালী কিয়নো আমি ইমান বিশেষ, অন্যন্য, বিশাল দীপাৱলী প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছোঁ। এই উৎসৱৰ পৰিৱেশত... আজি এই শুভ দিনত... ‘নিযুক্তি মেলা’ত ৫১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তিপত্ৰ দিয়া হৈছে। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।PM Narendra Modi addresses Rozgar Mela
October 29th, 10:30 am
PM Modi addressed the Rozgar Mela and distributed more than 51,000 appointment letters to newly appointed youth in Government departments and organizations. Citing the Pradhan Mantri Internship Yojana, PM Modi said provisions are made for paid internships in the top 500 companies of India, where every intern would be given Rs 5,000 per month for one year. He added the Government’s target is to ensure one crore youth get internship opportunities in the next 5 years.ৰাছিয়াত ভাৰতীয় সমূদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 11:35 am
আপোনালোকৰ মৰম, আপোনালোকৰ স্নেহৰ বাবে, আপানোলেকে ইয়ালৈ আহিবলৈ সময় উলিওৱাৰ বাবে, মই আপোনালোকৰ ওচৰত অতিশয় কৃতজ্ঞ। মই অকলে অহা নাই। লগত বহুত লৈ আহিছো। মই লগত লৈ আহিছো ভাৰতৰ মাটিৰ সুগন্ধি। মোৰ লগত লৈ আহিছো ১৪০ কোটি দেশবাসীৰ মৰম। মই তেওঁলোকৰ শুভেচ্ছা আপোনালোকৰ বাবে লৈ আহিছো আৰু তৃতীয়বাৰৰ বাবে চৰকাৰলৈ অহাৰ পিছত প্ৰবাসী ভাৰতীয়ৰ সৈতে মস্কোত মোৰ প্ৰথম মত বিনিময় অতি সুখকৰ।প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজক সম্বোধন কৰে
July 09th, 11:30 am
আজি মস্কোত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজখনৰ সৈতে মত-বিনিময় কৰে। ইয়াত তেখেতক বিশেষ সৌহাদ্য আৰু মৰমেৰে আদৰণি জনায় এই সমাজৰ লোকসকলে।