‘মন কি বাত’ৰ প্ৰতি মানুহে যি মৰম দেখুৱাইছে সেয়া অভূতপূৰ্বঃ প্ৰধানমন্ত্ৰী মোডী

May 28th, 11:30 am

'মন কী বাত'লৈ আকৌ এবাৰ আপোনালোক সকলোকে এক উষ্ম আদৰণি জনাইছো। এইবাৰ 'মন কী বাত'ৰ এই খণ্ডটো ইয়াৰ দ্বিতীয়টো শতিকাৰ আৰম্ভণি খণ্ড। যোৱা মাহত আমি সকলোৱে ইয়াৰ বিশেষ শতিকা উদযাপন কৰিছো। আপোনালোকৰ অংশগ্ৰহণ হৈছে এই কাৰ্যসূচীৰ আটাইতকৈ ডাঙৰ শক্তি। শততম খণ্ডৰ সম্প্ৰচাৰৰ সময়ত, এক প্ৰকাৰে সমগ্ৰ দেশ যেন একেডাল সূতাৰে বান্ধ খাইছিল। অনাময় কৰ্মচাৰী ভাই-ভনী হওক বা বিভিন্ন খণ্ডৰ ব্যক্তিয়েই হওঁক, 'মন কী বাতে' সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। 'মন কী বাত'ৰ বাবে আপোনালোক সকলোৱে দেখুওৱা স্নেহ আৰু মৰম অভূতপূৰ্ব, ই মানুহক আৱেগিক কৰি তোলে। যেতিয়া 'মন কী বাত' সম্প্ৰচাৰ কৰা হৈছিল, পৃথিৱীৰ বিভিন্ন দেশত, বিভিন্ন সময় অঞ্চলত, কৰবাত সন্ধিয়া হৈছিল আৰু কৰবাত ৰাতি পলম হৈছিল... তথাপিও, বহু সংখ্যক লোকে শততম খণ্ডটো শুনিবলৈ সময় উলিয়াইছিল। মই হাজাৰ হাজাৰ মাইল দূৰত থকা নিউজিলেণ্ডৰ সেই ভিডিঅ'টোও দেখিছিলো, য'ত এগৰাকী ১০০ বছৰীয়া মহিলাই তেওঁৰ মাতৃসূলভ আশীৰ্বাদ দিছে। ভাৰত আৰু বিদেশৰ মানুহে 'মন কী বাত' সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে। বহুলোকে গঠনমূলক বিশ্লেষণো আগবঢ়াইছে। 'মন কী বাত'ত কেৱল দেশ আৰু দেশবাসীৰ সাফল্যৰ বিষয়ে আলোচনা কৰা হৈছে বুলি ৰাইজে প্ৰশংসা কৰিছে। এই আশীৰ্বাদৰ বাবে মই আপোনালোক সকলোকে সম্পূৰ্ণ সন্মান জনাইছো।

নতুন দিল্লীত ‘কৰ্তব্য পথ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

September 08th, 10:41 pm

আজিৰ এই ঐতিহাসিক কাৰ্যক্ৰমৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি আছে, সকলো দেশবাসীয়েই এই মুহূৰ্তত এই কাৰ্যক্ৰমেৰে জড়িত হৈছে। মই এই মুহূৰ্তটোৰ সাক্ষী হোৱা সকলো দেশবাসীক আন্তৰিকতাৰে স্বাগত জনাইছো, অভিনন্দন জনাইছো। এই ঐতিহাসিক ক্ষণত মোৰ সৈতে মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী হৰদীপ পুৰী জী, শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুনৰাম মেঘৱাল জী, শ্ৰীমতী মীনাক্ষী লেখী জী, শ্ৰী কৌশল কিশোৰ জী, আজি মোৰ সৈতে মঞ্চত উপস্থিত আছে। দেশৰ অনেক গণ্যমান্য ব্যক্তিসকলো আজি ইয়াত উপস্থিত আছে।

PM inaugurates 'Kartavya Path' and unveils the statue of Netaji Subhas Chandra Bose at India Gate

September 08th, 07:00 pm

PM Modi inaugurated Kartavya Path and unveiled the statue of Netaji Subhas Chandra Bose. Kingsway i.e. Rajpath, the symbol of colonialism, has become a matter of history from today and has been erased forever. Today a new history has been created in the form of Kartavya Path, he said.

আমি পানী সংৰক্ষণ কৰিবলৈ সকলোধৰণৰ প্ৰয়াস কৰিব লাগিব: মন কী বাতত প্ৰধানমন্ত্ৰী

March 27th, 11:00 am

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। যোৱা সপ্তাহত, আমি এনে এক কৃতিত্ব অৰ্জন কৰিছিলোঁ যিয়ে আমাক গৌৰৱান্বিত কৰি তুলিছিল। আপুনি হয়তো শুনিছে যে ভাৰতে যোৱা সপ্তাহত ৪০০ বিলিয়ন ডলাৰ, অৰ্থাৎ ৩০ লাখ কোটি টকাৰ ৰপ্তানিৰ লক্ষ্য লাভ কৰিছে। প্ৰথমবাৰৰ বাবে, এনে লাগে যে ই অৰ্থনীতিৰ সৈতে সম্পৰ্কিত, কিন্তু ই অৰ্থনীতিতকৈ অধিক, ই ভাৰতৰ শক্তি, ভাৰতৰ সম্ভাৱনাৰ সৈতে সম্পৰ্কিত। এটা সময়ত, ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ আছিল ১০০ বিলিয়ন, কেতিয়াবা ১৫০ বিলিয়ন, কেতিয়াবা ২০০ বিলিয়ন, এতিয়া, ভাৰত ৪০০ বিলিয়ন ডলাৰত উপনীত হৈছে। ইয়াৰ অৰ্থ হৈছে যে সমগ্ৰ বিশ্বতে ভাৰতত নিৰ্মাণ কৰা বস্তুৰ চাহিদা বৃদ্ধি পাইছে, আনটোৰ অৰ্থ হৈছে যে ভাৰতৰ যোগান শৃংখলা দিনক দিনে শক্তিশালী হৈ আহিছে আৰু ইয়াৰ এটা ডাঙৰ বাৰ্তাও আছে। যেতিয়া সংকল্প সপোনতকৈ ডাঙৰ হয় তেতিয়া দেশখনে মহান পদক্ষেপ গ্ৰহণ কৰে। যেতিয়া অহৰ্নিশে সংকল্পৰ বাবে আন্তৰিক প্ৰচেষ্টা কৰা হয়, সেই সংকল্পবোৰো প্ৰমাণিত হয়, আৰু আপুনি দেখিছে, এজন ব্যক্তিৰ জীৱনতো একে ধৰণৰ ঘটনা ঘটে। যেতিয়া এজনৰ সংকল্প, তেওঁৰ প্ৰচেষ্টা তেওঁৰ সপোনতকৈ ডাঙৰ হয়, তেতিয়া সাফল্য নিজে বাট বুলি তেওঁৰ ওচৰলৈ আহে।

কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

March 23rd, 06:05 pm

পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!

শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

March 23rd, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।

‘শ্বহীদ দিৱস’ত কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘বিপ্লৱী ভাৰত বিথিকা’

March 22nd, 11:45 am

অহা ২৩ মাৰ্চত অনুষ্ঠিতব্য ‘শ্বহীদ দিৱসৰ দিনা’ আবেলি ৬ বাজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ৰ শুভ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে উক্ত অনুষ্ঠানত সমবেত ৰাইজক সম্বোধি ভাষণো প্ৰদান কৰিব।

আজি ভাৰতত হোৱা ইতিবাচক পৰিৱৰ্তনে নেতাজী সুভাষ বসুক অতিশয় গৰ্বিত কৰিবঃ প্ৰধানমন্ত্ৰী

January 23rd, 11:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেতাজী সুভাষ বসুৰ উক্ত স্মৰণ কৰি কয় যে আমাৰ এটা লক্ষ্য আৰু শক্তি থকা উচিত যিয়ে আমাক সাহসৰ সৈতে বলিষ্ঠভাৱে চালিত কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। আজিৰ আত্মনিৰ্ভৰ ভাৰতত, আমাৰ সেই লক্ষ্য আৰু শক্তি আছে। আমাৰ অভ্যন্তৰীণ শক্তি আৰু সংকল্পৰে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য সফল হ’ব, শ্ৰী মোদীয়ে কয়। নেতাজী সুভাষ চন্দ্ৰ বসুৰ উদ্ধৃতি দি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ তেজ আৰু ঘামেৰে আমাৰ ৰাষ্ট্ৰখনলৈ বৰঙণি যোগাবৰ অৰ্থে আমাৰ একমাত্ৰ লক্ষ্য থকা উচিত আৰু আমাৰ কঠোৰ শ্ৰম আৰু উদ্ভাৱনেৰে ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিব লাগে। কলকাতাৰ ভিক্ট’ৰিয়া মেম’ৰিয়েলত ‘পৰাক্ৰম দিৱস’তে তেখেতে এইদৰে কয়।

২৩ জানুৱাৰীত অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 21st, 02:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জানুৱাৰী, ২০২১ত কলকাতা ভ্ৰমণ কৰিব, য’ত তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকীৰ স্মৃতিত কলকাতা উদযাপন কৰিবলগীয়া ‘পৰাক্ৰম দিৱস’ত ভাষণ আগবঢ়াব৷ প্ৰধানমন্ত্ৰীয়ে লগতে অসমৰ শিৱসাগৰৰ জেৰেঙা পথাৰত ১.০৬ লাখ লোকক ভুমি পট্টা/আৱণ্টন পত্ৰ বিতৰণ কৰিব৷

We want to make India a hub of heritage tourism: PM Modi

January 11th, 05:31 pm

PM Modi today visited the Old Currency Building in Kolkata. Addressing a gathering there, PM Modi emphasized on heritage tourism across the country. He said that five iconic museums of the country will be made of international standards. The PM also recalled the invaluable contributions made by Rabindranath Tagore, Subhas Chandra Bose, Swami Vivekananda and several other greats.

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰিলে কলকাতাৰ চাৰিটা পুনৰ নিৰ্মিত ঐতিহাসিক ভৱন

January 11th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰলৈ বুলি আজি কলকাতাৰ চাৰিটা পুনৰ নিৰ্মিত ঐতিহাসিক ভৱন উচৰ্গা কৰে৷ এই চাৰিটা ভৱন হ’ল অ’ল্ড কাৰেন্সী বিল্ডিং, বেলভেডেৰ হাউচ, মেটকাফ হাউচ আৰু ভিক্ট’ৰিয়া মেম’ৰিয়েল হ’ল৷