বল্লালাৰ হিচাপেও পৰিচিত শ্ৰী ৰামলিংগম স্বামীৰ ২০০ সংখ্যক জন্ম-বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
October 05th, 02:00 pm
নমস্কাৰ! বল্লালাৰ নামেৰেও পৰিচিত মহান শ্ৰী ৰামলিংগম স্বামী জীৰ দুশ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে এই কাৰ্য্যসূচীত ভাষণ দিবলৈ পাই সন্তোষ পাইছোঁ। ইয়াতকৈয়ো বিশেষ এয়ে যে এই অনুষ্ঠান বল্লালাৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ঠাই বাদালুৰত অনুষ্ঠিত হৈছে। বল্লালাৰ আমাৰ অন্যতম সন্মানীয় সন্ত। ১৯ শতিকাত তেওঁ এই পৃথিৱীলৈ আহিছিল। তেওঁৰ আধ্যাত্মিক অন্তৰ্দৃষ্টিয়ে আজিও লাখ-লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ প্ৰভাৱ বিশ্বব্যাপী। তেওঁৰ চিন্তা আৰু আদৰ্শৰ আধাৰত কেইবাটাও সংগঠনে কাম কৰি আছে।প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰামলিঙ্গ স্বামী বা ভাল্লালাৰৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে ভাষণ দিয়ে
October 05th, 01:30 pm
প্ৰধানমন্ত্ৰীয়ে কয়, যেতিয়া আমি ভাল্লালাৰক স্মৰণ কৰোঁ, তেতিয়া আমি তেওঁৰ যত্ন আৰু সহানুভূতিৰ মনোভাৱৰ কথা মনত পেলাওঁ। তেওঁ উল্লেখ কৰে যে ভাল্লালাৰে জীৱনৰ এক বিশেষ পথত বিশ্বাস কৰিছিল য'ত সহ-মানৱৰ প্ৰতি সহানুভূতি প্ৰাথমিক আছিল। প্ৰধানমন্ত্ৰীয়ে ক্ষুধা আঁতৰাবলৈ তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আৰু প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি কয়, খালী পেটত শুবলৈ যোৱা মানুহতকৈ একোৱেই তেওঁক বেদনা দিয়া নাছিল। তেওঁ বিশ্বাস কৰিছিল যে ভোকাতুৰলোকৰ সৈতে খাদ্য ভাগ-বাটোৱাৰা কৰাটো সকলো দয়াৰ কাৰ্য্যৰ ভিতৰত আটাইতকৈ মহৎ। ভাল্লালাৰৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়, যেতিয়াই মই শস্য শুকাই যোৱা দেখিছিলো, ময়ো শুকাই গৈছিলো।চৰকাৰ তেওঁৰ আদৰ্শৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কোভিড মহামাৰীৰ সময়ত বিনামূলীয়া ৰেচন প্ৰদান কৰি ৮০ কোটি ভাৰতীয়ক ডাঙৰ সকাহ দিয়াৰ উদাহৰণ দিয়ে।