গুজৰাটৰ ভাৰুচত ‘উৎকর্ষ সমাৰোহ’ অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

May 12th, 10:31 am

আজিৰ এই ‘উৎকর্ষ সমাৰোহ’ সঁচাকৈয়ে এক উত্তম সমাৱেশ আৰু এই সমাৱেশে প্রমাণ কৰিছে যে যিসময়ত চৰকাৰে সততাৰে এক সংকল্প লৈ হিতাধিকাৰীসকলৰ কাষত চাপে, তেতিয়া কিমান সার্থক ফল পোৱা যায়৷ মই ভাৰুচৰ জিলা প্রশাসন, গুজৰাট ৰাজ্য চৰকাৰক সামাজিক নিৰাপত্তাৰ সৈতে জড়িত চাৰিখন আঁচনিৰ ১০০ শতাংশ ‘ছেচুৰেচন কভাৰেজ’ৰ বাবে আপোনালোক সকলোকে যিমান শুভেচ্ছাই নজনাও কিয়, সেয়া কম হ’ব৷ আপোনালোক সকলো বহুত বহুত ধন্যবাদৰ পাত্ৰ৷ কিছু সময়ৰ পূৰ্বে মই যেতিয়া এই আচঁনিসমূহৰ হিতাধিকাৰীসকলৰ সৈতে কথা পাতিছিলো, তেতিয়া মই দেখিছিলো যে তেওঁলোকৰ মনত কিমান আনন্দ, কিমান আত্মবিশ্বাস। বহুত সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্রত যেতিয়া চৰকাৰৰ পৰা সৰু সৰু সাহায্যও পোৱা যায়, তেতিয়া মানুহৰ মনত সাহস আৰু অধিক বৃদ্ধি হয় আৰু সমস্যা নিজেই অসহায় হৈ পৰে আৰু যিসকলে সেই সমস্যাসমূহৰ মোকাবিলা কৰে তেওঁলোক শক্তিশালী হৈ পৰে৷

ভাৰুচত উৎকর্ষ সমাৰোহত ভাষণ প্রধানমন্ত্রীৰ

May 12th, 10:30 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে গুজৰাটৰ ভাৰুচত উৎকর্ষ সমাৰোহত ভাষণ প্ৰদান কৰে। জিলাখনত ৰাজ্য চৰকাৰৰ চাৰিখন গুৰুত্বপূর্ণ আঁচনিৰ ১০০শতাংশ কাম সম্পন্ন হোৱাৰ উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। চাৰিখন আঁচনি সম্পন্ন হোৱাৰ ফলত দৰিদ্র লোকে সময়মতে আর্থিক সাহায্য লাভ কৰিব৷ অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্রী শ্রী ভূপেন্দ্রভাই পেটেলকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

PM to address ‘Utkarsh Samaroh’ in Bharuch on 12th May

May 11th, 04:37 pm

Prime Minister Shri Narendra Modi will address ‘Utkarsh Samaroh’ in Bharuch, Gujarat on 12th May, 2022 at 10:30 AM via video conferencing. The programme will mark the celebration of 100% saturation of four key schemes of the state government in the district, which will help provide timely financial assistance to those in need.