জি-20 শিক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ

June 22nd, 11:00 am

মই জি-20 শিক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ বাবে ভাৰতলৈ আপোনালোকক আদৰণি জনাইছোঁ। শিক্ষা কেৱল এনে বুনিয়াদেই নহয় যাৰ ওপৰত আমাৰ ক্ষমতাৰ নিৰ্মাণ হৈছে, বৰং ই মানৱতাৰ ভৱিষ্যতৰ বাস্তুকাৰো। শিক্ষা মন্ত্ৰী হিচাপে, আপোনালোক সকলোৰে বাবে বিকাশ, শান্তি আৰু সমৃদ্ধিৰ আমাৰ প্ৰয়াসত মানৱ জাতিৰ নেতৃত্ব কৰা শেৰ্পা। ভাৰতীয় শাস্ত্ৰত শিক্ষাৰ ভূমিকাৰ বৰ্ণনা আনন্দ প্ৰদান কৰোঁতাৰ ৰূপত কৰা হৈছে। বিদ্যা দদাতি বিনয়ম্ বিনায়দ্ য়াতি পাত্ৰতাম্। পাত্ৰত্বাত্ ধনমাপ্ৰোন্তি ধনাদ্ধৰ্ম তত: সুখম্।। ইয়াৰ অৰ্থ হৈছে: প্ৰকৃত জ্ঞানে বিনম্ৰতা দিয়ে। বিনম্ৰতাৰ পৰা যোগ্যতা আহে, পাত্ৰতাৰ পৰা ধনৰ প্ৰাপ্তি হয়। সম্পদে ব্যক্তিক ভাল কাম কৰিবলৈ সক্ষম কৰে আৰু সিয়েই আনন্দ আনে। এই কাৰণেই ভাৰতত, আমি এক সামগ্ৰিক আৰু ব্যাপক যাত্ৰাৰ সূত্ৰপাত কৰিছোঁ। আমাৰ বিশ্বাস আছে যে মৌলিক সাক্ষৰতাই আমাৰ যুৱক-যুৱতীৰ বাবে এক মজবুত আধাৰৰ নিৰ্মাণ কৰে আৰু আমি ইয়াক প্ৰযুক্তিৰ সৈতেও সংযুক্ত কৰি আছোঁ। ইয়াৰ বাবে আমি বোধ আৰু সংখ্যাত্মকতাৰ সৈতে পঢ়াত প্ৰৱীনতাৰ বাবে ৰাষ্ট্ৰীয় পদক্ষেপ বা নিপুণ ভাৰত পদক্ষেপ আৰম্ভ কৰিছোঁ। মই আনন্দিত যে মৌলিক সাক্ষৰতা আৰু অংক জ্ঞানৰ আপোনালোকৰ গোটৰ দ্বাৰাও প্ৰাথমিকতা হিচাপে চিনাক্ত কৰা হৈছে। আমি ২০৩০লৈকে সময়বদ্ধ উপায়েৰে ইয়াৰ ওপৰত কাম কৰাৰ সংকল্প লোৱা দৰকাৰ।

জি-২০ শিক্ষা মন্ত্ৰীসকলৰ বৈঠকত ভাষণ প্ৰধানমন্ত্ৰী

June 22nd, 10:36 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে পুনেত অনুষ্ঠিত জি-২০ শিক্ষামন্ত্ৰীসকলৰ বৈঠকত ভাষণ আগবঢ়ায়৷

শিক্ষক পৰ্বৰ অধিবেশনত উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ

September 07th, 10:31 am

শিক্ষক পৰ্বৰ এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত আমাৰ সৈতে জড়িত হৈ থকা কেবিনেটত মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, শ্ৰীমতী অন্নপূৰ্ণা দেৱী জী, ডঃ সুভাষ চৰকাৰৰ জী, ডঃ ৰাজকুমাৰ ৰঞ্জন সিং জী, দেশৰ বেলেগ-বেলেগ ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰীসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল ৰূপ প্ৰস্তুতকৰ্তা সমিতিৰ অধ্যক্ষ ডঃ কস্তুৰী ৰঞ্জন জী, তেওঁৰ টিমৰ সকলো মাননীয় সদস্যসকল, আমাৰ সৈতে জড়িত সমগ্ৰ দেশৰ সকলো বিদ্বান অধ্যক্ষ, শিক্ষক, আৰু মৰমৰ বিদ্যাৰ্থীসকল!

শিক্ষক পৰ্বৰ উদ্বোধনী সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণ

September 07th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে আজি শিক্ষক পৰ্বৰ উদ্বোনী সমাৰোহৰত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে তেওঁ ভাৰতীয় সাংকেতিক ভাষা অভিধান(শ্ৰৱন শক্তিহীন দিব্যাংগসকলৰ সাৰ্বজনীন শিক্ষণ ডিজাইনৰ অনুৰূপ শ্ৰাব্য আৰু লিখিত সাংকেতিক ভাষা), টকিং বুক (দৃষ্টিহীনসকলৰ বাবে শ্ৰাব্য গ্ৰন্থ), চিবিএছইৰ বাবে স্কুল কোৱালিটী এছ্যুৰেন্স আৰু এছেচমেণ্ট ফ্ৰেমৱৰ্ক, নিপুন ভাৰতৰ বাবে নিষ্ঠা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আৰু বিদ্যাঞ্জলি প’ৰ্টেল (শিক্ষা স্বেচ্ছাসেৱকসকল/দাতব্য/বিদ্যালয়ৰ উন্নয়নৰ বাবে চিএছআৰ বৰঙণিদাতাসকলৰ)ৰ শুভাৰম্ভ কৰে৷