মৰুভূমিত পৰিণত, ভূমিৰ অনুর্বৰতা আৰু খৰাং পৰিস্থিতিৰ সন্দৰ্ভত ৰাষ্ট্রসংঘৰ উচ্চপর্যায়ৰ আলোচনাত প্রধানমন্ত্রীৰ মূল ভাষণ

June 14th, 07:36 pm

সকলো জীৱন আৰু জীৱিকাক ভূমি মৌলিক সহায় আগবঢ়োৱা, জীৱনৰ প্রতিটো ক্ষেত্রত যি এজনে আনজনৰ সৈতে সম্পর্ক ৰাখো, সেই কথা আমি সকলোৱেই অনুভৱ কৰো৷ দুর্ভাগ্যজনকভাৱে আজি সমগ্ৰ বিশ্বৰ দুই-তৃতীয়াংশ অঞ্চলৰ ভূমিত অনুর্বৰতাই প্রভাৱ বিস্তাৰ কৰিছে। ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, এই সমস্যাই আমাৰ সমাজ, অর্থনীতি, খাদ্য সুৰক্ষা, স্বাস্থ্য আৰু জীৱনৰ মান আৰু নিৰাপত্তাৰ বুনিয়াদক ক্ষতি কৰিব৷ সেয়েহে, ভূমি আৰু সম্পদৰ ওপৰত যি বিপুল চাপ আছে, আমি সেয়া কমাব লাগিব৷ স্পষ্টভাৱে আমি বহু কাম কৰিব লাগিব৷ কিন্তু আমি সেইটো কৰিব পাৰো। আমি একেলগে এইটো কৰিম৷

ৰাষ্ট্ৰ সংঘৰ ‘মৰুভূমিলৈ ৰূপান্তৰ, মাটিৰ অবক্ষয় আৰু খৰাং সন্দৰ্ভত উচ্চ-স্তৰীয় আলোচনা’ ত প্ৰধানমন্ত্ৰীৰ মূল ভাষণ প্ৰদান

June 14th, 07:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰ সংঘৰ “মৰুভূমিলৈ ৰূপান্তৰ, মাটিৰ অবক্ষয় আৰু খৰাং সন্দৰ্ভত উচ্চ-স্তৰীয় আলোচনা” ত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কনফাৰেন্স অৱ পাৰ্টিজ অৱ ইউনাইটেড নেশ্যনছ কনভেনশ্যন টু কম্বাট ডিজাৰ্টিফিকেশ্যন (UNCCD) ৰ ১৪ সংখ্যক সত্ৰৰ অধ্যক্ষ হিচাপে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনছৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ

September 10th, 01:36 pm

ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনৰ প্ৰধানমন্ত্ৰী ৰালফ্ ইভাৰাৰ্ড গনজালভেছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ প্ৰধানমন্ত্ৰী গনজালভেছে ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনৰ প্ৰধানমন্ত্ৰী হিচাপে ভাৰতলৈ প্ৰথমটো ভ্ৰমণলৈ আহিছে আৰু তেওঁ কালি নতুন দিল্লীত ইউ এন চি চি ডিৰ এক উচ্চস্তৰীয় বৈঠকতো অংশগ্ৰহণ কৰে৷

‘ৰাষ্ট্ৰসংঘৰ মৰুভূমিকৰণ প্ৰতিৰোধী সভাৰ সদস্যমণ্ডলীৰ চতুৰ্দশ সন্মিলন’ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

September 09th, 10:35 am

‘ৰাষ্ট্ৰসংঘৰ মৰুভূমিকৰণ প্ৰতিৰোধী সভাৰ সদস্যমণ্ডলী’(চিঅ’পি), আপোনালোক আটাইকে মই ভাৰতলৈ স্বাগতম জনাইছো। মৰুস্থলীকৰণ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা বিশেষ উদ্যোগৰ বাবে আৰু এই সন্মিলনখন ভাৰতত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱাৰ বাবে মই পোনতে কাৰ্যবাহী সচিব ইব্ৰাহিম জিঅ’ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। এই সন্মিলনলৈ অহাৰ বাবে পঞ্জীয়ন কৰোতাৰ সংখ্যাই অভিলেখ সৃষ্টি কৰা কথাই আক্ষৰিক অৰ্থতে ভূমিৰ গুণ-মান অৱনমন প্ৰতিৰোধৰ বাবে পৃথিৱী জুৰি আৰম্ভ হোৱা ব্যাপক দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে বুলি অভিহিত কৰিব পাৰি। এই দিশত প্ৰভাৱশালী অৰিহণা আগবঢ়োৱাৰ বাবে ভাৰতেও আগ্ৰহ প্ৰকাশ কৰিছে আৰু তাকে কৰাৰ উদ্দেশ্যই আমি এই সভাৰ দুটা কাৰ্যকালৰ বাবে সহ-পৌৰহিত্যৰ গুৰু দায়িত্ব স্বীকাৰ কৰিছো।

PM Modi addresses 14th Conference of Parties to UNCCD in Greater Noida, U.P

September 09th, 10:30 am

Addressing the Conference, PM Modi said, “We in India,take pride in using remote sensing and space technology for multiple applications, including land restoration. We are working with a motto of per drop more crop. At the same time, we are also focusing on Zero budget natural farming. Going forward, India would be happy to propose initiatives for greater South-South cooperation in addressing issues of climate change, biopersity and land degradation.”