
Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।
জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা বিশ্ববাসীৰ
April 24th, 03:29 pm
২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ নেতাসকল ঐক্যবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰতিশ্ৰুতি দিয়ে যে “ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক পৃথিৱীৰ পৰাই নিৰ্মূল কৰিব।”ডুবাইৰ যুৱৰাজ, ইউএইৰ উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক আদৰণি প্ৰধানমন্ত্ৰীয়ে জনায়
April 08th, 05:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউএইৰ উপ-প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী তথা ডুবাইৰ যুৱৰাজ শ্বেখ হামদান বিন মহম্মদ বিন ৰছিদ অল মাকতুমক আদৰণি জনায়।এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্ব দৃষ্টি
February 25th, 01:15 pm
এই সপ্তাহত ভাৰতে বিশ্ব মঞ্চত এক প্ৰচণ্ড শক্তি হিচাপে নিজৰ স্থিতি শক্তিশালী কৰি কৃত্ৰিম বুদ্ধিমত্তা, শক্তি সুৰক্ষা, মহাকাশ অন্বেষণ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। গোলকীয় এআই নৈতিকতাক গঢ় দিয়াৰ পৰা আৰম্ভ কৰি কৌশলগত অংশীদাৰিত্ব নিশ্চিত কৰালৈকে প্ৰতিটো পদক্ষেপে বৈশ্বিক বিষয়ত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰতিফলিত কৰে।The World This Week On India
February 18th, 04:28 pm
This week, India reinforced its position as a formidable force on the world stage, making headway in artificial intelligence, energy security, space exploration, and defence. From shaping global AI ethics to securing strategic partnerships, every move reflects India's growing influence in global affairs.৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 09:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলে প্ৰদান কৰা শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷লক্ষ্ণৌত ইউপি গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটৰ চতুৰ্থ গ্ৰাউণ্ডব্ৰেকিং সমাৰোহত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 19th, 03:00 pm
আজি আমি ইয়াত বিকশিত ভাৰতৰ বাবে বিকশিত উত্তৰ প্ৰদেশ গঢ়ি তোলাৰ সংকল্প লৈ একত্ৰিত হৈছোঁ। আৰু মোক কোৱা হৈছে যে বৰ্তমান প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে ইউপিৰ ৪০০ৰো অধিক বিধানসভা আসনত লাখ লাখ লোক এই কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে। প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত মোৰ পৰিয়ালৰ এই সকলো সদস্যক মই আন্তৰিকতাৰে আদৰণি জনাইছোঁ। ৭-৮ বছৰ আগতে আমি কল্পনাও কৰিব পৰা নাছিলোঁ যে উত্তৰ প্ৰদেশতো বিনিয়োগ আৰু চাকৰিৰ সন্দৰ্ভত এনে পৰিৱেশৰ সৃষ্টি হ’ব। চৌদিশে অপৰাধ, দাঙ্গা, কাঢ়ি নিয়াৰ খবৰ আহিছিল। সেই সময়ছোৱাত যদি কোনোবাই ক’লেহেঁতেন যে ইউপিক বিকশিত কৰিম, হয়তো কোনেও শুনিবলৈ সাজু নহ’লহেঁতেন, বিশ্বাস কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহ’লহেঁতেন। কিন্তু চাওক আজি, লাখ লাখ কোটি টকাৰ বিনিয়োগ উত্তৰ প্ৰদেশৰ মাটিত অৱতৰণ কৰিছে। আৰু মই উত্তৰ প্ৰদেশৰ সাংসদ। আৰু মোৰ উত্তৰ প্ৰদেশত যেতিয়া কিবা এটা ঘটে তেতিয়া মই আটাইতকৈ বেছি সুখী অনুভৱ কৰোঁ। আজি হাজাৰ হাজাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। এইবোৰ কাৰখানা যিবোৰ আহি আছে, এই উদ্যোগবোৰে যিবোৰ আহি আছে, সেইবোৰে ইউপিৰ ছবি সলনি কৰিবলৈ গৈ আছে। মই সকলো বিনিয়োগকাৰীক, আৰু বিশেষকৈ ইউপিৰ সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছোঁ।উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচী সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ‘ইউপি গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’ৰ ‘চতুৰ্থ গুৰুত্বপূৰ্ণ অনুষ্ঠান’ত উত্তৰ প্ৰদেশত ১০ লাখ কোটি টকাৰো অধিক মূল্যৰ ১৪০০০ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰকল্পসমূহ উৎপাদন, নৱীকৰণযোগ্য শক্তি, তথ্য প্ৰযুক্তি আৰু আইটিইএছ, খাদ্য সংসাধন, গৃহ নিৰ্মাণ আৰু ‘ৰিয়েল এষ্টেট’, আতিথ্য আৰু মনোৰঞ্জন, আৰু শিক্ষাৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।The dreams of crores of women, poor and youth are Modi's resolve: PM Modi
February 18th, 01:00 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.PM Modi addresses BJP Karyakartas during BJP National Convention 2024
February 18th, 12:30 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.হাৰিয়ানাৰ ৰেৱাৰীত উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 16th, 01:50 pm
বীৰৰ জন্মভূমি ৰেৱাৰীৰ পৰা সমগ্ৰ হাৰিয়ানালৈ ৰাম-ৰাম! যেতিয়াই মই ৰেৱাৰীলৈ আহো, বহুতো পুৰণি স্মৃতিয়ে মনত ভূমুকি মাৰেহি। ৰেৱাৰীৰ সৈতে মোৰ সম্পৰ্ক নিতান্তই পৃথক। মই জানো ৰেৱাৰীৰ মানুহে মোদীক বাৰুকৈয়ে ভাল পায়। আৰু অলপ আগতে মাত্ৰ মোৰ বন্ধু ৰাও ইন্দ্ৰজিৎ জীয়ে কোৱাৰ দৰে, মুখ্যমন্ত্ৰী মনোহৰ লালজীয়ে কোৱাৰ দৰে ২০১৩ চনত যেতিয়া ‘ভাৰতীয় জনতা পাৰ্টী’য়ে মোক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল, মোৰ প্ৰথম কাৰ্যসূচী ৰেৱাৰীত অনুষ্ঠিত হৈছিল আৰু সেই সময়ত ৰেৱাৰীয়ে ‘২৭২’ অতিক্ৰম কৰাৰ আশীৰ্বাদ দিছিল। আৰু আপোনালোকৰ সেই আশীৰ্বাদ বাস্তৱ হৈছিল। এতিয়াও মানুহে কৈছে যে মই আকৌ এবাৰ ৰেৱাৰীলৈ আহিছোঁ, গতিকে আপোনালোকৰ আশীৰ্বাদ হৈছে, এইবাৰ ৪০০ পাৰ, এন ডি এ চৰকাৰ ৪০০ পাৰ, অৰ্থাত এনডিএই ৪০০ অতিক্ৰম কৰি চৰকাৰ গঠন কৰিব।হাৰিয়ানাৰ ৰেৱাৰীত ৯,৭৫০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
February 16th, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ৰেৱাৰীত ৯৭৫০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে নগৰপৰিবহন, স্বাস্থ্য, ৰে’ল আৰু পৰ্যটন সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ খণ্ডলৈ সেৱা আগবঢ়াব। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে অনুষ্ঠিত কৰা প্ৰদৰ্শনীসমূহো পদব্ৰজে পৰিদৰ্শন কৰে।বিকশিত ভাৰত বিকশিত ৰাজস্থান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 16th, 11:30 am
উন্নত ভাৰত-উন্নত ৰাজস্থান, ৰাজস্থানৰ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা লাখ লাখ বন্ধু বৰ্তমান এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত জড়িত হৈ আছে। আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু লগতে মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছো যে তেওঁ মোক প্ৰযুক্তিৰ ইমান উৎকৃষ্ট ব্যৱহাৰ কৰি জনসাধাৰণৰ মাজলৈ যোৱাৰ সুযোগ দিছে। কেইদিনমান পূৰ্বে জয়পুৰত আপুনি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক যিদৰে আদৰণি জনাইছিল, সেই আদৰণি কেৱল ভাৰততে নহয়, ফ্ৰান্সতো প্ৰতিধ্বনিত হৈছে। আৰু এইটোৱেই ৰাজস্থানৰ মানুহৰ বিশেষত্ব। আমাৰ ৰাজস্থানৰ ভাই-ভনীসকলে এনেদৰে তেওঁক মৰমেৰে ওপচাই পেলালে যে এই ক্ষেত্ৰত কোনো ৰখা নাই৷ মনত আছে, বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজস্থানলৈ আহিছিলোঁ, কেনেকৈ আপোনালোকে আমাক আশীৰ্বাদ দিবলৈ লৰালৰি কৰিছিল। আপোনালোক সকলোৱে মোদীৰ গেৰাণ্টিত বিশ্বাস কৰিছিল, আপোনালোক সকলোৱে ডাবল ইঞ্জিন চৰকাৰ গঠন কৰিছিল। আৰু বুজি পাইছে, কিদৰে ৰাজস্থানৰ ডাবল ইঞ্জিন চৰকাৰখনে কিমান বেগেৰে কাম আৰম্ভ কৰিছে। আজি ৰাজস্থানৰ উন্নয়নৰ বাবে প্ৰায় ১৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ ৰে’ল, পথ, সৌৰশক্তি, পানী আৰু এলপিজিৰ দৰে উন্নয়নমূলক কাৰ্যসূচীৰ সৈতে জড়িত। এই প্ৰকল্পসমূহে ৰাজস্থানৰ হাজাৰ হাজাৰ যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ গৈ আছে। এই প্ৰকল্পসমূহৰ বাবে ৰাজস্থানৰ পৰা মোৰ সকলো সহকৰ্মীক অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত ৰাজস্থান’ কাৰ্য্যসূচী সম্বোধন কৰে
February 16th, 11:07 am
প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত, বিকশিত ৰাজস্থান’ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰউদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, ৰেলৱে, সৌৰশক্তি, শক্তি পৰিবহণ, খোৱাপানী তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছকে প্ৰমুখ্য কৰি একাধিক গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লয়।বিশ্ব চৰকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 14th, 02:30 pm
বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলনত মূল ভাষণ দিয়াটো মোৰ বাবে এক বৃহৎ সন্মানৰ কথা, আৰু এই সৌভাগ্য মোৰ দ্বিতীয়বাৰৰ বাবে। এই আমন্ত্ৰণ আৰু অদ্ভুত আদৰণিৰ বাবে মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ জীক মই অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো।লগতে মোৰ ভাই মহামহিম শ্বেখ মহম্মদ বিন জায়েদকো ধন্যবাদ জনাইছো। শেহতীয়াকৈ তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলোঁ। তেওঁলোক কেৱল দূৰদৰ্শী নেতা নহয় সংকল্প আৰু দায়বদ্ধতাৰ নেতাও।বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলন ২০২৪ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
February 14th, 02:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইউএইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ শাসক মহামান্য শ্বেখ মহম্মদ বিন ৰছিদ অল মাকতুমৰ আমন্ত্ৰণত তেওঁ সন্মিলনৰ বিষয়বস্তু ভৱিষ্যত চৰকাৰক আকাৰ দিয়াৰ ওপৰত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপেও অংশগ্ৰহণ কৰিছিল। এইবাৰ অনুষ্ঠিত সন্মিলনত ১০ জন ৰাষ্ট্ৰপতি আৰু ১০ জন প্ৰধানমন্ত্ৰীকে ধৰি ২০ জন বিশ্ব নেতাই অংশগ্ৰহণ কৰে। আন্তৰ্জাতিক সন্মিলনখনত ১২০ খনতকৈও অধিক দেশৰ চৰকাৰ আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।‘ইউএই’-ৰ আবু ধাবিত ‘আহলান মোদী’ অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 13th, 11:19 pm
আপোনালোকে আবু ধাবিত আজি এক নতুন ইতিহাস ৰচনা কৰিলে। আপোনালোক ‘ইউএই’-ৰ প্ৰতিটো কোণৰ পৰা আহিছে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও আহিছে, কিন্তু সকলোৰে সৈতে সকলোৰে হৃদয় সংযুক্ত হৈ আছে। এইখন ঐতিহাসিক ষ্টেডিয়ামৰ প্ৰতিটো স্পন্দনs কৈছে– ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো উশাহে কৈ আছে- ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো কণ্ঠই কৈছে ‘ভাৰত- ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! আৰুনো কি লাগিছে... এইটো মুহূৰ্ত হৃদয়ংগম কৰক... হেঁপাহ পলুৱাই অনুভৱ কৰক। আজি আপোনালোকে স্মৃতিৰ প্ৰতিটো মুহূৰ্ত হৃদয়ত সঞ্চিত কৰি লওক, যিবোৰ স্মৃতি আপোনালোকৰ সৈতে আজীৱন ৰৈ যাব। যিবোৰ স্মৃতি মোৰ সৈতেও সমগ্ৰ জীৱন থাকি যাব।ইউনাইটেড আৰব এমিৰেটত ভাৰতীয় সমুদায়ৰ কাৰ্যক্ৰম - "আহলান মোদী"ত প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
February 13th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমীৰশ্বাহীত তেওঁৰ সন্মানত আয়োজিত ভাৰতীয় সমুদায়ৰ কাৰ্যক্ৰম ‘আহলান মোদী’ অনুষ্ঠানত ভাষণ দিয়ে। এই অনুষ্ঠানত ৭খন আমীৰাটৰ পৰা ভাৰতীয় প্ৰবাসী লোকে অংশগ্ৰহণ কৰে আৰু ইয়াত সকলো সম্প্ৰদায়ৰ ভাৰতীয় লোকে অংশগ্ৰহণ কৰে। দৰ্শকৰ মাজত আমীৰাটীসকলো অন্তৰ্ভুক্ত আছিল।প্ৰধানমন্ত্ৰীয়ে আইআইটি দিল্লী-আবু ধাবি কেম্পাছৰ প্ৰথম গোটৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে
February 13th, 07:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইআইটি দিল্লী–আবুধাবি কেম্পাছৰ প্ৰথম গোটৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ভাৰত আৰু ইউএইৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ এক নতুন অধ্যায় আৰম্ভ হোৱাই নহয়, দুয়োখন দেশৰ যুৱক-যুৱতীকো একত্ৰিত কৰা হৈছে।