চৰ্দাৰ বল্লভভাই পেটেল জুলজিকেল পাৰ্ক উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়

October 30th, 06:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেভাড়িয়াত চৰ্দাৰ পেটেল জুলজিকেল পাৰ্ক আৰু জিওডেছিক এভিয়েৰী ডম উদ্বোধন কৰে। তেওঁ কেভাড়িয়াত সমন্বিত উন্নয়ন আঁচনিৰ অধীনত ১৭ টা প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে আৰু ৪ টা নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই আঁচনিবোৰৰ ভিতৰত আছে নেভিগেচন চেনেল, নতুন ব'ল্ড ব্ৰীজ, গৰুড়েশ্বৰ বান্ধ, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কোৱাৰ্টাৰ, বাছ বে টাৰ্মিনাছ, একতা নাৰ্চাৰী, ভৱানী ইকো-ট্যুৰিজম আৰু জনজাতীয় আবাসস্থান বা হোমষ্টে। তেওঁ এই অনুষ্ঠানত ষ্টেছ্যু অৱ ইউনিটি-ৰ বাবে একতা ক্ৰুজ সেৱাও মুকলি কৰে।