
ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 08th, 08:30 pm
ৰিঅ’ আৰু ব্ৰাজিলিয়াত উষ্ম আদৰণি জনোৱাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আমাজনৰ সৌন্দৰ্য আৰু আপোনালোকৰ সৌৰ্হাদ্যই আমাক সঁচাকৈয়ে স্পৰ্শ কৰিছে।
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনৰ মাজতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 07th, 05:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনৰ মাজতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় আনৱাৰ বিন ইব্ৰাহিমক সাক্ষাৎ কৰে।
ত্ৰিনিদাদ আৰু টোবাগোৰ ভাৰতীয় সমাজক প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
July 04th, 05:56 am
আজি সন্ধিয়াটো আপোনালোক সকলোৰে সৈতে কটাবলৈ পোৱাটো মোৰ বাবে অসীম গৌৰৱ আৰু আনন্দৰ কথা। প্ৰধানমন্ত্ৰী কমলা ডাঙৰীয়াণীক তেওঁৰ উষ্ম আতিথ্য আৰু সৌহাৰ্দ্যপূৰ্ণ কথা-বতৰাৰ বাবে ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোত সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
July 04th, 04:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোত প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই অনুষ্ঠানত ত্ৰিনিদাদ আৰু টোবাগো গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰ, তেওঁৰ কেবিনেটৰ সদস্যসকল, সংসদৰ সদস্য আৰু আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াত প্ৰধানমন্ত্ৰীগৰাকীক প্ৰবাসীসকলে ব্যতিক্ৰমীভাৱে আদৰণি জনোৱাৰ লগতে ভাৰত-ত্ৰিনিদাদৰ বৰ্ণিল পৰম্পৰা প্ৰদৰ্শন কৰে।ঘানা, ত্ৰিনিদাদ আৰু টোবাগো, আৰ্জেন্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
July 02nd, 07:34 am
মই ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাৰ নিমন্ত্ৰণমৰ্মে ২-৩ জুলাইত ঘানা ভ্ৰমণ কৰিম। ঘানা হৈছে গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দেশখনে আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ অৰ্থনৈতিক সমাজত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ ঐতিহাসিক সম্পৰ্কক অধিক গভীৰ কৰি তোলা আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা, সামৰ্থ্য গঠন তথা উন্নয়ন অংশীদাৰিত্বকে প্ৰমুখ্য কৰি সহযোগিতাৰ নতুন পথ মুকলিৰ লক্ষ্যৰে আলোচনাৰ বাবে মই আগ্ৰহী হৈ উঠিছোঁ। ঘানাৰ সংসদত ভাষণ প্ৰদান কাৰ্য্য সন্মানৰ কথা হ’ব।নতুন দিল্লীৰ বিজ্ঞান ভৱনত আচাৰ্য শ্ৰী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 28th, 11:15 am
শ্ৰৱণ বেলাগোলা স্বামী চাৰুকীৰ্তি জীৰ মুৰব্বী পুৰোহিত আচাৰ্য প্ৰজ্ঞা সাগৰ মহাৰাজ জী, মোৰ সহকৰ্মী গজেন্দ্ৰ সিং শ্বেখাৱত জী, মোৰ সতীৰ্থ সাংসদ ভাই নবীন জৈন জী, ভগৱান মহাবীৰ অহিংসা ভাৰতী ট্ৰাষ্টৰ সভাপতি প্ৰিয়ংক জৈন জী, সচিব মমতা জৈনজী, ট্ৰাষ্টী পীয়ুষ জৈন জী, অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তি, সন্ত, ভদ্ৰ পৰুষ-মহিলাসকল, জয় জিনেন্দ্ৰ!আচাৰ্য শ্ৰী বিদ্যানন্দ জি মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 28th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি আচাৰ্য শ্ৰী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপনৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰী বিদ্যানন্দ জী মুনিৰাজৰ শতবাৰ্ষিকী উদযাপনৰ পবিত্ৰতাক উজ্জ্বল কৰি তুলি ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সাক্ষী হৈ থকা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে পূজনীয় আচাৰ্যৰ অমৰ প্ৰেৰণাৰে ৰঞ্জিত এই অনুষ্ঠানে এক অসাধাৰণ আৰু উত্থানশীল পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।বিহাৰৰ ছিৱানত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
June 20th, 01:00 pm
সকলোকে প্ৰণাম জনাইছো। প্ৰথম ৰাষ্ট্ৰপতি দেশৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ পবিত্ৰ ভূমি বাবা মহেন্দ্ৰ নাথ, বাবা হন্সনাথ, সোহাগ্ৰা ধাম, মা থাৱে ভৱানী, মা অম্বিকা ভৱানীক প্ৰণাম জনাইছো।বিহাৰৰ ছিৱানত ৫,২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
June 20th, 12:00 pm
আজি বিহাৰৰ ছিৱানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে বাবা মহেন্দ্ৰ নাথ আৰু বাবা হান্স নাথক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে সোহগৰা ধামৰ পবিত্ৰ উপস্থিতিৰ কথাও প্ৰকাশ কৰে। তেওঁ লগতে মা থাৱে ভৱানী আৰু মা অম্বিকা ভৱানীকো প্ৰণাম জনায়। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথম ৰাষ্ট্ৰপতি দেশৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ স্মৃতিও সোঁৱৰণ কৰে।ক্ৰ'ৱেচিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
June 18th, 11:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাগ্ৰেবতত ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত আন্দ্ৰেজ প্লেনকভিচক সাক্ষা কৰে। প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণৰ এয়া আছিল আৰু সেয়েহে ভাৰত-ক্ৰ’ৱেচিয়া সম্পৰ্কৰ এক ঐতিহাসিক মাইলৰ খুঁটি। ঐতিহাসিক বানস্কি ডভ’ৰি ৰাজপ্ৰসাদত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী প্লেংকভিচে আগবঢ়ায় নিয়াৰ লগতে আনুষ্ঠানিকভাৱে আদৰণি জনায়। ইয়াৰ পূৰ্বে বিশেষ ভংগীমাৰে প্ৰধানমন্ত্ৰীক জাগ্ৰেবৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী প্লেংকভিচে আদৰণি জনায়।ক্ৰয়েচিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
June 18th, 09:56 pm
ঐতিহাসিক আৰু সুন্দৰ চহৰ জাগ্ৰেবত মোক যি উষ্ম, উৎসাহ আৰু মৰমেৰে আদৰণি জনাইছে, তাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ক্ৰ’ৱেচিয়া চৰকাৰক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জি-৭ সন্মিলনৰ আঁৰত মেক্সিকোৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
June 17th, 11:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত মেক্সিকোৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ ক্লডিয়া শ্বেইনবম পাৰ্ডোৰে মিলিত হয়। এয়া আছিল দুয়োগৰাকী নেতাৰ প্ৰথম সাক্ষাৎ। প্ৰধানমন্ত্ৰীগৰাকীয়ে মেক্সিকোৰ ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জনায়।চাইপ্ৰাছ গণৰাজ্য আৰু ভাৰত গণৰাজ্যৰ মাজত ব্যাপক অংশীদাৰিত্ব ৰূপায়ণ সন্দৰ্ভত যৌথ ঘোষণাপত্ৰ
June 16th, 03:20 pm
চাইপ্ৰাছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে ২০২৫ চনৰ ১৫ জুনৰ পৰা ১৬ জুনলৈ চাইপ্ৰাছলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনায়।প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে দুটা দশকৰো অধিক সময়ৰ পিছত প্ৰথমবাৰৰ বাবে কৰা চাইপ্ৰাছলৈ ভ্ৰমণ। সেয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণে দুয়ো খন দেশৰ মাজত গভীৰ আৰু চিৰস্থায়ী বন্ধুত্বক পুনৰ সুদৃঢ় কৰি তুলিছে । এই ভ্ৰমণে কেৱল ঐতিহাসিকভাবেই গুৰুত্বপূ্ৰ্ণ নহয়, ই দুয়োখন দেশৰ মাজত ভৱিষ্যতৰ যৌথ কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক বিশ্বাস তথা সন্মানৰ মাজত শিপাই থকা অংশীদাৰিত্বৰৰ কথাও প্ৰতিফলিত কৰিছে।চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
June 16th, 03:15 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে আনুষ্ঠানিকভাৱে আদৰণি জনায়। কালিও প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰতে ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে উষ্ম আদৰণি জনাইছিল, এই কাৰ্য্যই দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা পাৰস্পৰিক আস্থা আৰু চিৰস্থায়ী বন্ধুত্বৰ মনোভাৱকে প্ৰতিফলিত কৰে।চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ ব্রিফিঙত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতিৰ অসমীয়া অনুবাদ
June 16th, 01:45 pm
আৰম্ভণিতেই মাননীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কালি চাইপ্ৰাছত ভৰি দিয়াৰ পৰাই ৰাষ্ট্ৰপতি আৰু এই দেশৰ জনসাধাৰণে প্ৰদৰ্শন কৰা মৰমে মোৰ হৃদয় স্পৰ্শ কৰিছে।The inauguration of mega infrastructure projects today marks a turning point in Jammu and Kashmir's development journey: PM Modi in Katra
June 06th, 12:50 pm
PM Modi launched multiple development projects worth over Rs. 46,000 crore in Jammu and Kashmir. He inaugurated the Chenab and Anji rail bridges and flagged off Vande Bharat Trains. Emphasizing that both the bridges will serve as catalysts for prosperity in J&K, the PM said, “these landmark projects will boost tourism and also benefit various sectors of the economy, creating opportunities for businesses and industries”.জম্মু-কাশ্মীৰত ৪৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 06th, 12:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ কাটৰাত ৪৬,০০০কোটি টকাতকৈও অধিক ব্যয়ৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সাহসী বীৰ জোৰাৱাৰ সিঙৰ ভূমিক অভিবাদন জনাই তেওঁ মন্তব্য কৰে যে আজিৰ অনুষ্ঠানটো ভাৰতৰ একতা আৰু সংকল্পৰ এক বিশাল উদযাপন। শ্ৰী মোদীয়ে কয় যে মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদত কাশ্মীৰ উপত্যকা এতিয়া ভাৰতৰ বিশাল ৰে’ল নেটৱৰ্কৰ সৈতে সংযুক্ত হৈছে। উধামপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল লাইন প্ৰকল্প কেৱল এটা নাম নহয়, জম্মু-কাশ্মীৰৰ নতুন শক্তিৰ প্ৰতীক আৰু ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰমাণ বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আমি সদায়ে মা ভাৰতীক 'কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ'বুলি গভীৰ শ্ৰদ্ধাৰে উল্লেখ কৰি আহিছোঁআজি আমাৰ ৰে’ল নেটৱৰ্কতো ই বাস্তৱত পৰিণত হৈছে।৬ জুনত জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 04th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুনত জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব। অঞ্চলটোত ৰে’ল আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১১ বজাত চেনাব দলং উদ্বোধন কৰাৰ লগতে দলঙৰ ডেক পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে তেওঁ আঞ্জি দলং পৰিদৰ্শন কৰাৰ লগতে উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছত তেওঁ কাট্ৰাত ৪৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।বিহাৰৰ কাৰাকটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 30th, 11:29 am
বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী শ্ৰী জিতন ৰাম মাঝি, লাল্লন সিং, গিৰিৰাজ সিং, চিৰাগ পাছৱান, নিত্যানন্দ ৰায়, সতীশ চন্দ্ৰ ডুবে, ৰাজভূষণ চৌধৰী, ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰী, বিজয় কুমাৰ সিনহা, অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!৩১ মে'ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 30th, 11:15 am
‘লোকমাতা’ দেৱী অহিল্যা বাই হোলকাৰৰ ৩০০ সংখ্যক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ মে'ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ভূপালত পুৱা প্ৰায় ১১:১৫ বজাত ‘লোকমাতা দেৱী অহিল্যবাঈ মহিলা সৱলীকৰণ মহাসন্মিলন’ত অংশগ্ৰহণ কৰিব। তেওঁ ভূপালত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।