ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ সপ্তম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 27th, 10:56 am
ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ এই সপ্তম সংস্কৰণত আপোনালোক সকলোৰে মাজত উপস্থিত থাকিব পৰাটো নিজেই এক আনন্দদায়ক অভিজ্ঞতা। একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত, এই আয়োজনে লাখ লাখ লোকৰ ভাগ্য সলনি কৰাৰ সম্ভাৱনা আছে। এটা সময় আছিল যেতিয়া আমি ভৱিষ্যতৰ বিষয়ে কথা পাতিছিলো, ইয়াৰ অৰ্থ আছিল পৰৱৰ্তী দশক, বা ২০-৩০ বছৰ পিছত বা পৰৱৰ্তী শতিকা। কিন্তু আজি, প্ৰতিদিনে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে, আমি কওঁ 'ভৱিষ্যত ইয়াত আৰু এতিয়া', মাত্ৰ কেইমিনিটমান আগতে, মই ইয়াত প্ৰদৰ্শনীত কিছুমান ষ্টল প্ৰত্যক্ষ কৰিছোঁ। এই প্ৰদৰ্শনীত, মই একে ভৱিষ্যতৰ এক আভাস দেখিছোঁ। টেলিকম, প্ৰযুক্তি বা সংযোগ, সেয়া ৬জি, এআই, চাইবাৰ নিৰাপত্তা, ছেমি কণ্ডাক্টৰ, ড্ৰোন বা মহাকাশ খণ্ড, গভীৰ সাগৰ, সেউজ প্ৰযুক্তি বা অন্যান্য খণ্ডই হওঁক, আগন্তুক সময় সম্পূৰ্ণ বেলেগ হ'ব। আৰু ই আমাৰ সকলোৰে বাবে সুখৰ বিষয় যে আমাৰ যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত, আমাৰ প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দি আছে।প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ (আইএমচি) সপ্তম সংস্কৰণ
October 27th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ ২০২৩ৰ সপ্তম সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম'বাইল কংগ্ৰেছ (আইএমচি) হৈছে এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি মঞ্চ আৰু ই ২৭ ৰ পৰা ২৯ অক্টোবৰ ২০২৩ লৈ 'গ্লোবেল ডিজিটেল ইনোভেশন'ৰ বিষয়বস্তুৰে অনুষ্ঠিত হৈছে। আইএমচি ২০২৩-ৰ লক্ষ্য হৈছে মুখ্য অত্যাধুনিক প্ৰযুক্তিৰ বিকাশক, নিৰ্মাতা আৰু ৰপ্তানিকৰ্তা হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহক ১০০ খন '৫জি ইউজ কেছ লেব' প্ৰদান কৰে।মধ্যপ্ৰদেশৰ জবলপুৰত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 05th, 03:31 pm
মা নৰ্মদাৰ এই পুন্যভূমিক প্ৰণাম জনাই, শ্ৰদ্ধাপূৰ্বক প্ৰণিপাত জনাই, মই আজি জবলপুৰৰ এক নতুন ৰূপ দেখিবলৈ পাইছো। মই দেখিছো জবলপুৰত উৎসাহ আছে, মহাকৌশলত মংগল আছে, উদ্দীপনা আছে।প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জবলপুৰত ১২,৬০০ কোটি টকাৰ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে
October 05th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ জবলপুৰত ১২,৬০০ কোটি টকাৰ অধিক মূল্যৰ পথ, ৰে'ল, গেছ পাইপলাইন, গৃহ আৰু বিশুদ্ধ খোৱা পানীৰ দৰে উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। শ্ৰী মোদীয়ে ৰাণী দুৰ্গাৱতীৰ ৫০০ তম জন্ম শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি জবলপুৰত 'বীৰাংগনা ৰাণী দুৰ্গাৱতী স্মাৰক আৰু উদ্যান'ৰ 'ভূমি পূজা' সম্পন্ন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ইন্দোৰত লাইট হাউচ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ১০০০ তকৈও অধিক গৃহ উদ্বোধন, মাণ্ডলা, জবলপুৰ আৰু দিনদোৰী জিলাত একাধিক জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু চিঅ’নি জিলাত জল জীৱন মিছন প্ৰকল্পৰ উৎসৰ্গা, মধ্য প্ৰদেশত পথ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা। ১৮৫০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্প, বিজয়পুৰ-ঔৰেয়া-ফুলপুৰ পাইপলাইন প্ৰকল্প আৰু জবলপুৰত এটা নতুন বটলিং প্ৰকল্প উৎসৰ্গা কৰা, আৰু মুম্বাই নাগপুৰ ঝাৰচুগুড়া পাইপলাইন প্ৰকল্পৰ নাগপুৰ জবলপুৰ শাখাৰ (৩১৭ কিলোমিটাৰ) আধাৰশিলা স্থাপন কৰা।নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ লোকসভাক সম্বোধনৰ পূৰ্ণপাঠ
September 19th, 01:50 pm
নতুন সংসদ ভৱনত এয়া প্ৰথম আৰু ঐতিহাসিক অধিৱেশন। সকলো সন্মানীয় সাংসদ আৰু দেশবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ।নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ লোকসভাক সম্বোধন
September 19th, 01:18 pm
সদনক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি নতুন সংসদ ভৱনত ঐতিহাসিক প্ৰথম অধিৱেশন অনুষ্ঠিত হোৱা বুলি উল্লেখেৰে এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। নতুন সংসদ ভৱনত প্ৰথম দিনাই বিশেষ অধিৱেশনত সদনক সম্বোধনৰ সুযোগ প্ৰদানৰ বাবে অধ্যক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ লগতে সদনৰ সদস্যসকলক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে নতুন সংসদ ভৱনত প্ৰৱেশেৰে ভৱিষ্যতৰ সংকল্প গ্ৰহণেৰে অগ্ৰসৰ হোৱাৰ এই ক্ষণেই হৈছে অমৃত কালৰ আৰম্ভণি। শেহতীয়া সাফল্যৰাজিত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজ্ঞান খণ্ডত চন্দ্ৰযান ৩ৰ সফলতা আৰু জি-২০ সন্মিলন আৰু বিশ্ব পৰ্য্যায়ত ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰে। তেখেতে কয় যে ভাৰতৰ সন্মুখত এক অনন্য সুযোগ প্ৰতিভাত হৈছে আৰু ইয়াৰ আলোকত ৰাষ্ট্ৰখনৰ নতুন সংসদ ভৱন আজি কাৰ্য্যক্ষম হৈ উঠিছে। গণেশ চতুৰ্থীৰ শুভ লগনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাবা গণেশ হৈছে সমৃদ্ধি, মংগল আৰু জ্ঞানৰ দেৱতা। “এয়া সংকল্পৰাজি পৰিপূৰণ তথা নতুন উদ্যম আৰু শক্তিৰে নতুন যাত্ৰা আৰম্ভৰ সময়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। গণেশ চতুৰ্থী আৰু এই নতুন আৰম্ভণি উপলক্ষে লোকমান্য তিলকক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত লোকমান্য তিলকে গণেশ চতুৰ্থীক সমগ্ৰ দেশতে স্বৰাজৰ শিখা প্ৰজ্জ্বলনৰ মাহেন্দ্ৰ ক্ষণলৈ ৰূপান্তৰিত কৰিছিল। আজি আমিও একে প্ৰেৰণাৰে আগবাঢ়িছো বুলি শ্ৰী মোদীয়ে কয়।সংসদৰ চেণ্ট্ৰেল হলত সাংসদসকলৰ উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 19th, 11:50 am
গণেশ চতুৰ্থীৰ দিনা আপোনালোকৰ লগতে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি সকলোৱে মিলি নতুন সংসদ ভৱনত নতুন ভৱিষ্যতৰ শুভাৰম্ভ কৰিবলৈ ওলাইছো। আজি আমি এখন উন্নত ভাৰতৰ প্ৰতিশ্ৰুতিক পুনৰ দোঁহাৰি তাক পূৰণৰ বাবে সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰাৰ উদ্দেশ্যে নতুন ভৱনৰ দিশে আগবাঢ়িছো। সন্মানীয় প্ৰেক্ষাগৃহটো, এই ভৱনটো আৰু সেইটোও এই কেন্দ্ৰীয় হলটো এক প্ৰকাৰে আমাৰ আৱেগেৰে ভৰি আছে। ই আমাক আৱেগিক কৰি তোলে আৰু লগতে আমাৰ কৰ্তব্যৰ বাবেও অনুপ্ৰাণিত কৰে। স্বাধীনতাৰ পূৰ্বে এই খণ্ডটো এক প্ৰকাৰৰ পুথিভঁৰাল হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু পিছলৈ ইয়াতেই আৰম্ভ হ’ল সংবিধান সভাৰ বৈঠক আৰু সংবিধান সভাৰ সেই বৈঠকসমূহৰ জৰিয়তে গভীৰ আলোচনা আৰু বিবেচনাৰ অন্তত আমাৰ সংবিধানখন ইয়াত গঢ় লৈ উঠিছিল৷ ইয়াতেই ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰে ক্ষমতা হস্তান্তৰ কৰিছিল, আমাৰ চেণ্ট্ৰেল হলটোও সেই প্ৰক্ৰিয়াৰ সাক্ষী। এই চেণ্ট্ৰেল হলতে ভাৰতৰ ত্ৰিৰংগা গ্ৰহণ কৰা হ’ল, আমাৰ জাতীয় সংগীত গ্ৰহণ কৰা হ’ল। আৰু ঐতিহাসিক উপলক্ষে স্বাধীনতাৰ পাছতো সকলো চৰকাৰৰ মাজত বহু ঘটনা ঘটিছিল যেতিয়া দুয়োখন সদনে একেলগে আলোচনা কৰিছিল, একমতত উপনীত হৈছিল আৰু ভাৰতৰ ভাগ্য গঢ় দিয়াৰ সিদ্ধান্ত লৈছিল।সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰীয় হলত প্ৰধানমন্ত্ৰীৰ সাংসদসকলক সম্বোধন
September 19th, 11:30 am
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিত সদনত উপস্থিত সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে আজিৰ দিনটো বিশেষ কিয়নো সদনৰ কামকাজ এতিয়াৰ পৰা নতুন ভৱনত চলিব। প্ৰধানমন্ত্ৰীয়ে কয়, “আমি নতুন সংসদ ভৱনলৈ গৈ আছোঁ এক নতুন সংকল্প আৰু দৃঢ়তাৰে ভাৰতক উন্নত ৰাষ্ট্ৰলৈ উন্নীত কৰাৰ বাবে।”যশোভূমিক দেশৰ প্ৰতি উৎসৰ্গা আৰু পিএম বিশ্বকৰ্মা আঁচনি মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 17th, 06:08 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ বন্ধুসকল, দেশৰ চুক-কোণৰ পৰা এই ভব্য ভৱনত আহি উপস্থিত হোৱা মোৰ মৰমৰ ভাই-ভনীসকল, দেশৰ ৭০খনতকৈও অধিক চহৰৰ পৰা সংযুক্ত মোৰ সকলো বন্ধু, অন্যান্য মহানুভৱ, আৰু মোৰ পৰিয়ালৰ সদস্যসকল।নতুন দিল্লীত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু বাণিজ্য কেন্দ্ৰ- ‘যশোভূমি’ৰ প্ৰথম পৰ্যায় দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ
September 17th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু বাণিজ্য কেন্দ্ৰ-‘যশোভূমি’ৰ প্ৰথম পৰ্যায় দেশবাসীৰ নামত উচৰ্গা কৰে৷ ‘যশোভূমি’ত এটা বিশাল সন্মিলন কেন্দ্ৰ, একাধিক প্ৰদৰ্শনী হলৰ লগতে অন্যান্য সা-সুবিধা আছে। বিশ্বকৰ্মা জয়ন্তী উপলক্ষে পৰম্পৰাগত শিল্পী আৰু কাৰিকৰসকলৰ বাবে ‘পি এম বিশ্বকৰ্মা আঁচনি’ মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে পিএম বিশ্বকৰ্মাৰ ল’গ’, টেগলাইন আৰু পৰ্টেলো মুকলি কৰে। এই উপলক্ষে তেওঁ অলংকৃত ষ্টাম্প শ্বীট, সঁজুলিৰ ই-বুকলেট আৰু ভিডিঅ’ও মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত ১৮গৰাকী হিতাধিকাৰীক বিশ্বকৰ্মা প্ৰমাণ পত্ৰ বিতৰণ কৰে।মধ্যপ্ৰদেশৰ ৰোজগাৰ মেলাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 21st, 12:15 pm
আজি আপোনালোক সকলোৱে এই ঐতিহাসিক সময়ত শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বৰ সৈতে নিজকে জড়িত কৰিছে৷ এই বছৰ, মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা সবিশেষ কৈছো যে কিদৰে ৰাষ্ট্ৰীয় চৰিত্ৰই দেশৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এয়া ভাৰতৰ ভৱিষ্যত প্ৰজন্মক নতুন গঢ় দিয়াৰ, তেওঁলোকক আধুনিকতাৰে সজাই তোলাৰ আৰু তেওঁলোকক নতুন দিশ দিয়াৰ দায়িত্ব৷ মই ৫,৫০০তকৈ অধিক শিক্ষকক শুভেচ্ছা জনাইছো, যিসকলে মধ্যপ্ৰদেশৰ প্ৰাথমিক বিদ্যালয়ত নিযু্ক্তি লাভ কৰিছে৷ মোক জনোৱা মতে বিগত তিনি বছৰত মধ্যপ্ৰদেশত ৫০,০০০তকৈ অধিক শিক্ষক নিযুক্তি দিয়া হৈছে৷ মই ইয়াৰ বাবে ৰাজ্য চৰকাৰকো অভিনন্দন জনাইছো৷মধ্যপ্ৰদেশ ৰোজগাৰ মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ
August 21st, 11:50 am
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ লিংকৰ জৰিয়তে মধ্যপ্ৰদেশত আয়োজন কৰা বৃহৎ ৰোজগাৰ মেলা সম্বোধন কৰে।ভাৰতৰ অৰ্থব্যৱস্থা এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত আশাৰ কিৰণ হৈ উজ্জ্বলি উঠিছে: প্ৰধানমন্ত্ৰী
August 19th, 06:42 pm
ভাৰতৰ বাবে আশাবাদৰ কাৰণসমূহৰ বিষয়ে মানিকণ্ট্ৰোল ৱেবছাইটত প্ৰকাশিত লেখা তথা ইন্ফোগ্ৰাফিক্সৰ সংগ্ৰহ সন্দৰ্ভত মন্তব্য কৰি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় অৰ্থব্যৱস্থাৰ শক্তিশালী বৃদ্ধি আৰু সুদৃঢ়তাৰ ভাবনা ব্যক্ত কৰে।৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 15th, 02:14 pm
১৷ মোৰ মৰমৰ পৰিয়ালৰ ১৪০ কোটি সদস্য, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহু লোকে কয় যে জনসংখ্যাৰ দৃষ্টিকোণৰ পৰা লগতে বিশ্বাসৰ দিশতো আমি এক নম্বৰ। ইমান বিশাল দেশ, ১৪০ কোটি দেশবাসী, মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ লোকসকলে আজি স্বাধীনতা উৎসৱ উদযাপন কৰিছে। ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা দেশ আৰু বিশ্বৰ কোটি কোটি জনসাধাৰণলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।India Celebrates 77th Independence Day
August 15th, 09:46 am
On the occasion of India's 77th year of Independence, PM Modi addressed the nation from the Red Fort. He highlighted India's rich historical and cultural significance and projected India's endeavour to march towards the AmritKaal. He also spoke on India's rise in world affairs and how India's economic resurgence has served as a pole of overall global stability and resilient supply chains. PM Modi elaborated on the robust reforms and initiatives that have been undertaken over the past 9 years to promote India's stature in the world.৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:00 am
বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহুতে মত প্ৰকাশ যে জনসংখ্যাৰ ক্ষেত্ৰতো আমি বিশ্বৰ ভিতৰত এক নম্বৰ। ইমান বিশাল দেশ, দেশৰ ১৪০ কোটি মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ সদস্যসকলে আজি স্বাধীনতাৰ উৎসৱ উদযাপন কৰিছে। দেশৰ কোটি কোটি জনসাধাৰণলৈ, ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা কোটি কোটি লোকলৈ দেশৰ আৰু বিশ্বৰ কোটি কোটি লোকলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।21st century is about fulfilling every Indian's aspirations: PM Modi in Lok Sabha
August 10th, 04:30 pm
PM Modi replied to the Motion of No Confidence in Lok Sabha. PM Modi said that it would have been better if the opposition had participated with due seriousness since the beginning of the session. He mentioned that important legislations were passed in the past few days and they should have been discussed by the opposition who gave preference to politics over these key legislations.লোকসভাত অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
August 10th, 04:00 pm
সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ প্ৰতি বাৰে বাৰে আস্থা প্ৰকাশ কৰাৰ বাবে ভাৰতৰ প্ৰতিজন নাগৰিকৰ প্ৰতি তেওঁ অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহিছে। তেওঁ স্মৰণ কৰে যে এয়া চৰকাৰৰ বাবে নহয় বৰঞ্চ ২০১৮ চনত বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ সময়ত সদনত প্ৰৱৰ্তন কৰাসকলৰ বাবেহে ফ্ল’ৰ টেষ্ট। ‘২০১৯ চনত আমি যেতিয়া নিৰ্বাচন খেলিছিলো তেতিয়া ৰাইজে তেওঁলোকৰ ওপৰত সৰ্বতোপ্ৰকাৰে অনাস্থা ঘোষণা কৰিছিল”, এন ডি এ আৰু বিজেপি দুয়োটা দলে অধিক আসন লাভ কৰা বুলি উল্লেখ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে। এক প্ৰকাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ চৰকাৰৰ বাবে ভাগ্যৰ কথা। লগতে এন ডি এ আৰু বিজেপিয়ে সকলো অভিলেখ ভংগ কৰি ৰাইজৰ আশীৰ্বাদত ২০২৪ চনতো বিজয়ী হৈ ওলাই আহিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে।Lokmanya Tilak was a great institution builder and a nurturer of traditions: PM Modi
August 01st, 12:00 pm
PM Modi was conferred the Lokmanya Tilak National Award in Pune. PM Modi described the honour bestowed on him by the place and institution directly linked with the Lokmanya as ‘unforgettable’. He dedicated the Lokmanya Tilak Award to the 140 crore citizens of India. He assured them that the government will leave no stone unturned to help them achieve their dreams and aspirations. The Prime Minister also donated the cash prize to the Namami Gange Project.মহাৰাষ্ট্ৰৰ পুনেত প্ৰধানমন্ত্ৰীক প্ৰদান কৰিলে লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা
August 01st, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক আজি মহাৰাষ্ট্ৰৰ পুনেত লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। লোকমান্য তিলকৰ উত্তৰাধিকাৰক সন্মান জনাই ১৯৮৩ চনত তিলক স্মাৰক মন্দিৰ ট্ৰাষ্টে এই বঁটা প্ৰদান আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে নগদ ধনৰ পুৰস্কাৰ নমামি গংগা প্ৰকল্পৰ নামত উচৰ্গা কৰে৷