মন কী বাত, ডিচেম্বৰ ২০২৩
December 31st, 11:30 am
বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।প্ৰধানমন্ত্ৰীয়ে বান্দিপুৰ আৰু মুদুমলাই টাইগাৰ ৰিজাৰ্ভ ভ্ৰমণ কৰে
April 09th, 02:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তামিলনাডুত বান্দিপুৰ তথা মুদুমলাই টাইগাৰ ৰিজাৰ্ভ ভ্ৰমণ কৰে। তেওঁ মুদুমলাই টাইগাৰ ৰিজাৰ্ভত থেপ্পাকডু হাতী কেম্পো ভ্ৰমণ কৰে, য'ত তেওঁ মাউত আৰু কাৱাড়িসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু হাতীক খাদ্য খুৱায় । প্ৰধানমন্ত্ৰীয়ে অস্কাৰ বিজেতা বৃত্তচিত্ৰ, দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছত দেখুওৱা হাতী পালকৰ সৈতে বাৰ্তালাপো কৰে।মাইসূৰুত ব্যঘ্ৰ প্ৰকল্পৰ ৫০ সংখ্য বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 09th, 01:00 pm
প্ৰথমতে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। কাৰণ মই পুৱা ৬ বজাতে ওলাই গৈছিলো, মই ভাবিছিলো যে মই সময়মতেই অৰণ্য পৰিদৰ্শন কৰি ঘূৰি আহিব পাৰিম। পিচে, মই উভতি আহোতে ১ ঘণ্টা পলম কৰিলো। এইখিনি সময় অপেক্ষা কৰি থাকিবলগীয়া হোৱা বাবে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। মোৰ কব খোজা কথাটো হ'ল, আমি আগতে বাঘৰ যি সংখ্যা স্পৰ্শ কৰিছিলো, আমি দেখিবলৈ পাইছো, আমাৰ বাঘৰ পৰিয়াল সম্প্ৰসাৰিত হৈছে, সেয়ে, ই আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মই আপোনালোক সকলোকে আমাৰ বাঘৰ এই পৰিয়ালকেইটাৰ সন্মানাৰ্থে সকলোকে নিজ নিজ স্থানতে থিয় হৈ অভিবাদন জনাবলৈ অনুৰোধ জনাইছো। ধন্যবাদ!কৰ্ণাটকৰ মহীশূৰত ‘ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
April 09th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰৰ মহীশূৰ বিশ্ববিদ্যালয়ত 'ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান' উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স (আইবিচিএ)ৰ শুভাৰম্ভ কৰে। তেওঁ 'বাঘ সংৰক্ষণৰ বাবে অমৃত কালৰ লক্ষ্য', ব্যাঘ্ৰ সংৰক্ষণৰ ব্যৱস্থাপনা কাৰ্যকৰিতা মূল্যায়নৰ পঞ্চম চক্ৰৰ এক সাৰাংশ প্ৰতিবেদন-এইসমূহ পুস্তিকা মুকলি কৰাৰ লগতে বাঘৰ সংখ্যা ঘোষণা কৰে আৰু সৰ্বভাৰতীয় বাঘ অনুমানৰ (পঞ্চম চক্ৰ) সাৰাংশ প্ৰতিবেদন প্ৰকাশ কৰে। তেওঁ প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এটা স্মাৰক মুদ্ৰাও মুকলি কৰে।বঁটা বিজয়ী ডুকুমেন্টৰী চুটি ছবি ‘দ্য এলিফেন্ট হুইছপাৰাৰ্ছ’ৰ নিৰ্মাতাৰে মিলিত প্ৰধানমন্ত্ৰী
March 30th, 03:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী অস্কাৰ বিজয়ী ডুকুমেন্টৰী চুটি ছবি ‘দ্য এলিফেন্ট হুইছপাৰাৰ্ছ’ৰ নিৰ্মাতাসকলৰে মিলিত হয়।