মুম্বাইত অভিজাত মাৰাঠী ভাষা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 05th, 07:05 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱীছ জী, অজিত পাৱাৰ জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী, বহু প্ৰজন্মত নিজৰ গায়কীৰে পৰিচয় দাঙি ধৰা আশাতাই জী, সুপৰিচিত অভিনেতা ভাই শচীন জী, নামদেৱ কম্বলে জী, সদানন্দ ম’ৰে জী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী ভাই দীপক জী, মংগলপ্ৰভাত লোধা জী, বিজেপি মুম্বাইৰ সভাপতি ভাই আশীষ জী, অন্যান্য বিশিষ্ট ভাই-ভনীসকল!মহাৰাষ্ট্ৰৰ মুম্বাইত অভিজাত মাৰাঠী ভাষাৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 05th, 07:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিজাত মাৰাঠী ভাষাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই উপলক্ষে ভাষণত তেওঁ কয় যে মাৰাঠী ভাষাক কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে এই মুহূৰ্তৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাৰাঠী ভাষাৰ ইতিহাসৰ এক সোণালী মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ মাৰাঠী ভাষী লোকসকলৰ দীৰ্ঘদিনীয়া আকাংক্ষাক স্বীকাৰ কৰি মহাৰাষ্ট্ৰৰ সপোন পূৰণৰ দিশত অৰিহণা যোগোৱাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰবাসীক অভিনন্দন জনোৱাৰ লগতে এই ঐতিহাসিক সাফল্যৰ অংশ হোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে বাংলা, পালি, প্ৰাকৃত, আৰু অসমীয়া ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা বুলি ঘোষণা কৰি এই ভাষাসমূহৰ সৈতে জড়িত লোকসকলক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেগু ভাষা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে
August 29th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেগু ভাষা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। তেখেতে তেলেগুক অধিক জনপ্ৰিয়কৰণৰ বাবে কাম কৰা সকলোৰে শলাগ লয়।মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকল লাভৱান হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
August 25th, 11:30 am
বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।