অসমৰ গুৱাহাটীত ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

অসমৰ গুৱাহাটীত ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 24th, 06:40 pm

অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য জী, শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী ড° এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, অন্যান্য মন্ত্ৰীগণ, সাংসদগণ, বিধায়ক, সকলো শিল্পী বন্ধু আৰু অসমৰ মোৰ ভাতৃ আৰু ভগ্নীসকল,

গুৱাহাটীত ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

গুৱাহাটীত ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

February 24th, 06:39 pm

আজি অসমৰ গুৱাহাটীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা ঝুমইৰ বিনন্দিনী ২০২৫ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষ্যে আয়োজিত বিশাল সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অনুষ্ঠানটোৱে শক্তি, উৎসাহ আৰু উত্তেজনাৰ প্ৰতিধ্বনিৰে ভৰা এক পৰিৱেশৰ সৃষ্টি কৰিছে । চাহ বাগিচাৰ সুগন্ধি আৰু সৌন্দৰ্য্য প্ৰতিফলিত কৰা ঝুমইৰ নৃত্যৰ বাবে সকলো শিল্পীয়ে কৰা আকৰ্ষণীয় প্ৰস্তুতিৰ কথাও তেওঁ লক্ষ্য কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ঝুমইৰ আৰু চাহ বাগিচাৰ সংস্কৃতিৰ সৈতে ৰাইজৰ যিদৰে বিশেষ সম্পৰ্ক আছে, ঠিক তেনেদৰে তেওঁৰো ইয়াৰ সৈতে একেধৰণৰ সংযোগ আছে। তেওঁ লগতে কয় যে আজি ইমান বৃহৎ সংখ্যক শিল্পীয়ে একেলগে ঝুমইৰ নৃত্য পৰিবেশন কৰি অভিলেখ গঢ়িলে। ২০২৩ চনত ১১ হাজাৰ শিল্পীয়ে বিহু নৃত্য পৰিবেশন কৰি অভিলেখ ৰচনা কৰাৰ সময়ত অসম ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া তেওঁৰ বাবে এক অবিস্মৰণীয় স্মৃতি । এনে এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে আজি অসমৰ বাবে গৌৰৱৰ দিন, এই বৃহৎ উদযাপনত চাহ জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহণ কৰিছে। এই বিশেষ দিনটোতে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। এনে অনুষ্ঠান কেৱল অসমৰ গৌৰৱৰেই সাক্ষ্য নহয়, ই ভাৰতৰ মহান বৈচিত্ৰ্যও প্রদর্শন কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে উন্নয়ন আৰু সংস্কৃতিৰ দিশৰ পৰা অসম তথা উত্তৰ-পূর্বাঞ্চল অৱহেলিত হৈ আছিল ৷ তেওঁ লগতে এইবুলিও কয় যে এতিয়া তেওঁ নিজেই উত্তৰ-পূবৰ সংস্কৃতিৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে তেওঁ অসমৰ কাজিৰঙাত থাকি ইয়াৰ জৈৱ বৈচিত্ৰ্যক বিশ্বৰ আগত প্ৰচাৰ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী। তেওঁ লগতে উল্লেখ কৰে যে কেইমাহমানৰ পূৰ্বে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল, যিটো স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণে দশক দশক ধৰি অপেক্ষা কৰি আছিল। ইয়াৰ উপৰি চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এয়া চৰকাৰৰ প্ৰচেষ্টাৰ বলতেই লাভ কৰা এক উল্লেখযোগ্য কৃতিত্ব বুলি তেওঁ উল্লেখ কৰে।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 04th, 07:00 pm

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 04th, 06:55 pm

লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।

আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 03rd, 09:35 am

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, আন্তৰ্জাতিক কৃষি অৰ্থনীতি পৰিষদৰ অধ্যক্ষ ড° মতীন কাইম, নিটি আয়োগৰ সদস্য শ্ৰী ৰমেশ জী, ভাৰত আৰু অন্যান্য দেশৰ কৃষি বিজ্ঞানী, গৱেষক, কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ সতীৰ্থসকল , বিশেষজ্ঞ আৰু অংশীদাৰসকল, ভদ্ৰমহিলাসকল,

PM inaugurates the 32nd International Conference of Agricultural Economists

August 03rd, 09:30 am

Prime Minister Narendra Modi inaugurated the 32nd International Conference of Agricultural Economists, emphasizing the need for global cooperation in agriculture and the importance of sustainable farming practices. The PM also highlighted India's efforts in digital agriculture, water conservation, and soil health management.

অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়টোক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

March 09th, 02:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে। তেওঁ চাহ জনগোষ্ঠীয় সম্প্ৰদায়টোক তেওঁলোকৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে।