
তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
May 24th, 08:35 pm
তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
কেপ্তেইন বিজয়কান্তৰ সমাজসেৱাক স্মৰণ প্ৰধানমন্ত্ৰীৰ
April 14th, 11:04 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেপ্তেইন বিজয়কান্তৰ সৈতে তেওঁৰ বন্ধুত্বৰ কথা স্মৰণ কৰাৰ লগতে কেপ্তেইন বিজয়কান্তে সমাজলৈ আগবঢ়াই যোৱা অৱদানৰ কথাও সোঁৱৰণ কৰে।
Cabinet approves doubling of Tirupati-Pakala-Katpadi single railway line Section at Rs.1332 crore
April 09th, 03:06 pm
The Cabinet Committee on Economic Affairs, chaired by the Prime Minister Shri Narendra Modi, has approved the doubling of Tirupati – Pakala – Katpadi single railway line Section (104 km) in Andhra Pradesh and Tamil Nadu with total cost of Rs.1332 crore (approx.).থিৰু কুমাৰী অনন্তনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
April 09th, 02:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ নেতা থিৰু কুমাৰী অনন্তনৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।তামিলনাডুৰ ৰামেশ্বৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 06th, 02:00 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী আৰু ড° এল মুৰুগন জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ, অন্যান্য বিশিষ্ট অতিথি আৰু মোৰ মৰমৰ ভাই-ভনীসকল!তামিলনাডুৰ ৰামেশ্বৰমত ৮,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 06th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ ৰামেশ্বৰমত ৮৩০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি জাতিলৈ উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সাগৰীয় দলং-নতুন পাম্বন ৰে’ল দলং উদ্বোধন কৰি পথ দলঙৰ পৰা এখন ৰে’ল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰি দলংখনৰ পৰিচালনাৰ সাক্ষী হয়। তেওঁ লগতে ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰত দৰ্শন আৰু পূজা কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি শ্ৰী ৰাম নৱমীৰ শুভ অনুষ্ঠান। তেওঁ কয় যে আজিৰ পূৰ্বে অযোধ্যাৰ ভব্য ৰাম মন্দিৰত সূৰ্যৰ ঐশ্বৰিক ৰশ্মিয়ে ৰাম লাল্লাক এক ভব্য তিলকেৰে শোভা বৰ্ধন কৰে। “ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ ৰাজত্বকালৰ পৰাই সুশাসনৰ প্ৰেৰণাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উল্লেখযোগ্য ভেটি হিচাপে কাম কৰে”, তেওঁ কয়। তামিলনাডুৰ সংগম যুগৰ সাহিত্যতো ভগৱান শ্ৰীৰামৰ কথা উল্লেখ আছে বুলি উল্লেখ কৰি তেওঁ পবিত্ৰ ৰামেশ্বৰ ভূমিৰ পৰা শ্ৰীৰাম নৱমী উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনায়।ৰাম নৱমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তামিলনাডু ভ্ৰমণেৰে ৰামেশ্বৰমক মূল ভূখণ্ডৰে সংযোগ কৰা নতুন পাম্বন ৰেল সেতু উদ্বোধন কৰিব
April 04th, 02:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ এপ্ৰিলৰ দিনা তামিলনাডু ভ্ৰমণ কৰিব। ৰাম নৱমী উপলক্ষে দুপৰীয়া প্ৰায় ১২ বজাত তেখেতে ভাৰতৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট সামুদ্ৰিক দলং - নতুন পাম্বন ৰেল সেতু উদ্বোধনেৰে পথ দলঙৰপৰা এখন ৰেল আৰু জাহাজৰ ফ্লেগ-অফ কৰিব।জন্ম জয়ন্তীত জয়ললিতাজীক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
February 24th, 05:54 pm
জন্ম জয়ন্তীত আজি জয়ললিতাজীক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁক এগৰাকী সহানুভূতিশীল নেতা আৰু উৎকৃষ্ট প্ৰশাসক হিচাপে প্ৰশংসা কৰে, যিয়ে তামিলনাডুৰ বিকাশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 11:30 am
মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী তামিল সংগমম ২০২৫ৰ অংশ হ’বলৈ আহ্বান জনায়
February 15th, 09:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে কাশী তামিল সংগমম ২০২৫ ৰ অংশ হ'বলৈ আহ্বান জনাইছে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ তামিলনাডুৰ ৰাজ্যপালৰ
December 24th, 12:38 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰেSubramania Bharati Ji was ahead of his time: PM Modi
December 11th, 02:00 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.PM Modi releases compendium of complete works of great Tamil poet Subramania Bharati
December 11th, 01:30 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.চি-২৯৫ এয়াৰক্ৰাফ্ট ফেক্টৰীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 28th, 10:45 am
মহামহিম পেড্ৰ’ ছানচেজ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, স্পেইন আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীগণ, এয়াৰবাছ আৰু টাটা টিমৰ সকলো বন্ধু, দেৱী আৰু সজ্জনসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে গুজৰাটৰ বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে যুটীয়াভাৱে টাটা বিমান কমপ্লেক্স উদ্বোধন কৰে
October 28th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে আজি গুজৰাটৰ বদোদৰাস্থিত টাটা এডভান্সড চিষ্টেম লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা বিমান কমপ্লেক্সযুটীয়াভাৱে উদ্বোধন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰোঅভিজ্ঞতা লয়।তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
September 27th, 01:13 pm
তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টালিনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।Tuticorin International Container Terminal marks a significant milestone in India’s journey towards a Viksit Bharat: PM Modi
September 16th, 02:00 pm
PM Modi addressed the inauguration of Tuticorin International Container Terminal. Speaking on the occasion, the PM underlined that this marks a significant milestone in India’s journey towards becoming a developed nation and hailed the new Tuticorin International Container Terminal as the ‘new star of India's marine infrastructure’.তামিলনাডুৰ ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ টাৰ্মিনেল’ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 16th, 01:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠান’ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতে অব্যাহত ৰখা যাত্ৰাত আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু নতুন ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল’ক তেওঁ 'ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ নতুন তাৰকা' বুলি অভিহিত কৰে। ‘ভি অ’ চিদাম্বৰনাৰ বন্দৰ’ৰ সামৰ্থ্য সম্প্ৰসাৰণত ইয়াৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ১৪ মিটাৰতকৈ অধিক গভীৰ ভাৰবাহী(ডীপ ড্ৰাফ্ট) আৰু ৩০০ মিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ঘাট(বাৰ্থ)ৰ সৈতে এই টাৰ্মিনেল-য়ে ‘ভিঅ’চি বন্দৰ’ৰ সামৰ্থ্য বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ আৰু কয় যে নতুন টাৰ্মিনেল-য়ে বন্দৰত লজিষ্টিক ব্যয় হ্ৰাস কৰিব আৰু ভাৰতৰ বাবে বৈদেশিক মুদ্ৰা ৰাহি কৰিব বুলি আশা কৰা হৈছে। তেওঁ তামিলনাডুৰ লোকসকলক অভিনন্দন জনায় আৰু দুবছৰ পূৰ্বে তেওঁৰ ভ্ৰমণকালত আৰম্ভ কৰা ‘ভিঅ’চি বন্দৰ’ সম্পৰ্কীয় কেইবাটাও প্ৰকল্পৰ কথা স্মৰণ কৰে। তেওঁ প্ৰকল্পটোৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ গুৰুত্বসহকাৰে মন্তব্য কৰে যে ৪০% মহিলা কৰ্মচাৰী থকা টাৰ্মিনেলটোৰ অন্যতম গুৰুত্বপূৰ্ণ সাফল্য হৈছে লিংগ বৈচিত্ৰ্যৰ প্ৰতি থকা ইয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু এয়া হৈছে সামুদ্ৰিক খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতীক।তিনিখন বন্দে ভাৰত ট্ৰেইনক সেউজীয়া পতাকা প্ৰদৰ্শন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 31st, 12:16 pm
কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল জী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলট, ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ আন সহযোগীসকল, ৰাজ্যসমূহৰ উপ-মুখ্যমন্ত্ৰীসকল, মন্ত্ৰীগণ, সাংসদগণ... দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অন্যান্য জনপ্ৰতিনিধিসকল... ভদ্ৰমহিলা আৰু সজ্জনসকল,প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ ‘ফ্লেগ অফ’ কৰে
August 31st, 11:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া' আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী উপলব্ধি কৰা অত্যাধুনিক ‘বন্দে ভাৰত এক্সপ্ৰেছ’-য়ে তিনিটা পথত যোগাযোগ উন্নত কৰিব: ‘মিৰাট-লক্ষ্ণৌ’, ‘মাদুৰাই-বেংগালুৰু’, আৰু ‘চেন্নাই-নাগৰকইল’। এই ৰে'লকেইখনে উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকত পথ-যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিব।