প্ৰধানমন্ত্ৰীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব
March 07th, 07:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব। তেওঁ ৭ মাৰ্চত চিলভাছা ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত তেওঁ ‘এনএএমঅ' হস্পিতাল’ (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত তেওঁ চিলভাছাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২৫৮০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত তেওঁ চুৰাট ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৫ বজাত তেওঁ ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান’ আৰম্ভ কৰিব। ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে নৱসাৰী ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ ‘লাখপতি দিদি’সকলৰ সৈতে বাৰ্তালাপ কৰিব যাৰ পিছত এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰা হ'ব।