কাশীত কাশী তেলেগু সংগমমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 29th, 07:46 pm
আপোনালোক সকলোকে গংগা-পুষ্কৰালু উৎসৱৰ আন্তৰিক শুভাকামনা জ্ঞাপন কৰিছো৷ আপোনালোক কাশীলৈ আহিছে, সেইবাবে আপোনালোক ব্যক্তিগতভাৱে মোৰ অতিথিও আৰু আমাৰ ইয়াৰ কোৱা হয় যে অতিথি দেৱতাৰ সমান৷ মই কৰ্তব্যৰ খাতিৰত আপোনালোকক আদৰণি জনাবলৈ কাশীলৈ যাব পৰা নাই যদিও মোৰ মনটো আপোনালোকৰ মাজতে থকাৰ দৰে অনুভৱ হৈছে৷ মই এই অনুষ্ঠান আয়োজনৰ বাবে কাশী-তেলেগু সমিতি আৰু সংসদৰ মোৰ সতীৰ্থ বি এল নৰসিংহ ৰাও জীক অভিনন্দন জনাইছো৷ কাশীৰ ঘাটত এই গংগা-পুষ্কৰালু উৎসৱ, গংগা আৰু গোদাবৰীৰ সংগমৰ দৰে৷ এয়া ভাৰতৰ প্ৰাচীন সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ সংগমৰ উৎসৱ৷ আপোনালোকৰ নিশ্চয় মনত আছে, কেইমাহমান পূৰ্বে এই কাশী ভূমিত কাশী-তামিল সংগমম অনুষ্ঠিত কৰা হৈছিল৷ কেইদিনমান পূৰ্বে মই সৌৰাষ্ট-তামিল সংগমমত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছিলো৷ তেতিয়া মই কৈছিলো, আজাদীৰ এই অমৃতকাল দেশৰ বৈচিত্ৰতা, বিভিন্ন ধাৰাৰ সংগমকাল৷ বৈচিত্ৰতাৰ এই সংগমৰ জৰিয়তে ৰাষ্ট্ৰীয়তা অমৃত ওলাইছে, যি ভাৰতক অনন্ত ভৱিষ্যতলৈকে শক্তিশালী কৰি ৰাখিব৷উত্তৰ প্ৰদেশৰ কাশীত গংগা পুষ্কাৰালু উৎসৱত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 29th, 07:45 pm
প্ৰধানমন্ত্ৰীয়ে গংগা পুষ্কৰলু উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি ভাষণ আৰম্ভ কৰে আৰু সকলোকে উষ্ম আদৰণি জনায়। তেওঁ কয় যে ইয়াত উপস্থিত থকা সকলো লোক তেওঁৰ ব্যক্তিগত অতিথি আৰু ভাৰতীয় সংস্কৃতিত অতিথিজনক ঈশ্বৰৰ মৰ্যাদা দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যদিও মই আপোনালোকক আদৰণি জনোৱাৰ বাবে তাত উপস্থিত থাকিব নোৱাৰিলো, তথাপিও মোৰ মন আপোনালোক সকলোৰে সৈতে আছে। তেওঁ কাশী-তেলেগু সমিতি আৰু সাংসদ শ্ৰী জিভিএল নৰসিংহ ৰাওক এই অনুষ্ঠানৰ আয়োজনকৰাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কাশীৰ ঘাটত অনুষ্ঠিত গংগা-পুষ্কৰলু উৎসৱ গংগা আৰু গোদাৱৰীৰ সঙ্গমৰ দৰে। তেওঁ লগতে কয় যে ই ভাৰতৰ প্ৰাচীন সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ সংগমৰ উৎসৱ। তেওঁ কেইমাহমান আগতে ইয়াত অনুষ্ঠিত কাশী-তামিল সঙ্গমৰ কথা স্মৰণ কৰে। তেওঁ সৌৰাষ্ট্ৰ-তামিল সঙ্গমত তেওঁৰ শেহতীয়া অংশগ্ৰহণৰ কথাও উল্লেখ কৰে, য'ত তেওঁ স্বাধীনতাৰ অমৃত কালক ভাৰতৰ বৈচিত্ৰ্য আৰু সংস্কৃতিৰ সংগম হিচাপে দেখিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, বৈচিত্ৰ্যৰ এই সঙ্গমে জাতীয়তাবাদৰ অমৃত সৃষ্টি কৰিছে, যি ভৱিষ্যতে ভাৰতৰ বাবে সম্পূৰ্ণ শক্তি নিশ্চিত কৰিব।