‘স্বচ্ছ ভাৰত অভিযান’ৰ ১০টা বছৰক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

October 02nd, 09:19 am

ভাৰতক স্বচ্ছ কৰি তোলা আৰু উন্নত অনাময় সুবিধা নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সামূহিক প্ৰচেষ্টা- ‘স্বচ্ছ ভাৰত অভিযান’ৰ ১০টা বছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংশ্লিষ্ট সকলোকে প্ৰশংসা কৰে।

স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উপলক্ষে অহা ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱস ২০২৪ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 30th, 08:59 pm

স্বচ্ছ ভাৰত অভিযানৰ অন্যতম প্ৰভাৱশালী স্বচ্ছ আন্দোলন স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫৫ সংখ্যক গান্ধী জয়ন্তীৰ দিনা স্বচ্ছ ভাৰত দিৱস ২০২৪ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অহা ২ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

স্বচ্ছ ভাৰত দিৱস-২০১৯ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 02nd, 08:04 pm

মই আজিৰ ভাষণ আৰম্ব কৰাৰ পূৰ্বে সবৰমতীৰ এই প্ৰাংগনত উপস্থিত থকা সকলো পঞ্চায়তৰ জৰিয়তে দেশৰ সকলো পঞ্চায়, পৌৰ সভা, পৌৰনিগমৰ সকলো পৰিচালকবৃন্দ, ভগ্নীসকলক অভিনন্দন জ্ঞাপন কৰিছো, যিসকলে বিগত পাঁচ বছৰে একেৰাহে কঠোৰ পৰিশ্ৰম, ত্যাগ ভাৱেৰে পূজ্য বাপুৰ সপোন বাস্তৱত পৰিণত কৰিলে৷ তেওঁলোক সকলোকে মই প্ৰণাম জনাইছো৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে স্বচ্ছ ভাৰত দিৱস ২০১৯

October 02nd, 08:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত স্বচ্ছ ভাৰত দিৱস ২০১৯ মুকলি কৰে৷ তেওঁ মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে স্মাৰক ডাক টিকট আৰু ৰূপৰ মুদ্ৰা মুকলি কৰে৷ তেওঁ বিজেতাসকলক স্বচ্ছ ভাৰত বঁটাও প্ৰদান কৰে৷ দিনটোৰ আৰম্ভণিতে তেওঁ সবৰমতী আশ্ৰমত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ তেওঁ মদন নিৱাস (চৰখা গেলেৰী)পৰিদৰ্শন কৰে আৰু তাত শিশুসকলৰ সৈতে মত–বিনিময় কৰে৷