
২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 29th, 11:30 am
নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।
নতুন দিল্লীৰ বিজ্ঞান ভৱনত আচাৰ্য শ্ৰী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 28th, 11:15 am
শ্ৰৱণ বেলাগোলা স্বামী চাৰুকীৰ্তি জীৰ মুৰব্বী পুৰোহিত আচাৰ্য প্ৰজ্ঞা সাগৰ মহাৰাজ জী, মোৰ সহকৰ্মী গজেন্দ্ৰ সিং শ্বেখাৱত জী, মোৰ সতীৰ্থ সাংসদ ভাই নবীন জৈন জী, ভগৱান মহাবীৰ অহিংসা ভাৰতী ট্ৰাষ্টৰ সভাপতি প্ৰিয়ংক জৈন জী, সচিব মমতা জৈনজী, ট্ৰাষ্টী পীয়ুষ জৈন জী, অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তি, সন্ত, ভদ্ৰ পৰুষ-মহিলাসকল, জয় জিনেন্দ্ৰ!আচাৰ্য শ্ৰী বিদ্যানন্দ জি মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 28th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি আচাৰ্য শ্ৰী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপনৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰী বিদ্যানন্দ জী মুনিৰাজৰ শতবাৰ্ষিকী উদযাপনৰ পবিত্ৰতাক উজ্জ্বল কৰি তুলি ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সাক্ষী হৈ থকা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে পূজনীয় আচাৰ্যৰ অমৰ প্ৰেৰণাৰে ৰঞ্জিত এই অনুষ্ঠানে এক অসাধাৰণ আৰু উত্থানশীল পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।শ্ৰী নাৰায়ণ গুৰু আৰু গান্ধীজীৰ মাজৰ বাৰ্তালাপৰ শতাব্দী সমাৰোহ বৈঠকত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 24th, 11:30 am
আজি এই চৌহদ দেশৰ ইতিহাসত এক অভূতপূৰ্ব পৰিঘটনাৰ স্মৃতিৰ সাক্ষী হৈ পৰিছে। এনে এক ঐতিহাসিক পৰিঘটনা, যিয়ে আমাৰ স্বাধীনতা আন্দোলনক নতুন দিশ দিয়াই নহয়, বৰং স্বাধীনতাৰ উদ্দেশ্য, স্বাধীন ভাৰতৰ সপোনকো সুনিৰ্দিষ্ট অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰৰ আগতে শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সেই সাক্ষাৎ, আজিও সিমানেই প্ৰেৰণাদায়ক, সিমানেই প্ৰাসংগিক। ১০০ বছৰ আগতে হোৱা সেই সাক্ষাৎ, সামাজিক সম্প্ৰীতিৰ বাবে, উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে, আজিও শক্তিৰ এক বৃহৎ উৎস। এই ঐতিহাসিক অনুষ্ঠানত মই শ্ৰী নাৰায়ণ গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ। মই গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
June 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু তথা মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি এই স্থান দেশৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ঐতিহাসিক ঘটনাই স্বাধীনতা আন্দোলনক নতুন দিশ প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ উদ্দেশ্য আৰু স্বাধীন ভাৰতৰ সপোনক দৃঢ় অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰ পূৰ্বৰ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা বৈঠক আজিও অনুপ্ৰেৰণামূলক আৰু প্ৰাসংগিক হৈ থকাৰ লগতে সামাজিক সম্প্ৰীতি তথা উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে শক্তিৰ এক শক্তিশালী উৎস হিচাপে পৰিগণিত হৈ আহিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।আজি নাৰী শক্তিয়ে এখনি বিকশিত ভাৰতৰ সংকল্পত সক্ৰিয়ভাৱে অংশগ্ৰহণেৰে ভিন্ন খণ্ডত নিদৰ্শন দাঙি ধৰিছেঃ প্ৰধানমন্ত্ৰী
June 08th, 11:14 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত মহিলা-নেতৃত্বাধীন উন্নয়নৰ প্ৰতি চৰকাৰৰ গুৰুত্ব আৰোপৰ কথা উল্লেখেৰে এখনি উন্নত ভাৰতৰ অভিমুখে যাত্ৰাত মহিলাসকলে পালন কৰা ৰূপান্তৰশীল ভূমিকাত আলোকপাত কৰিছে।The inauguration of mega infrastructure projects today marks a turning point in Jammu and Kashmir's development journey: PM Modi in Katra
June 06th, 12:50 pm
PM Modi launched multiple development projects worth over Rs. 46,000 crore in Jammu and Kashmir. He inaugurated the Chenab and Anji rail bridges and flagged off Vande Bharat Trains. Emphasizing that both the bridges will serve as catalysts for prosperity in J&K, the PM said, “these landmark projects will boost tourism and also benefit various sectors of the economy, creating opportunities for businesses and industries”.জম্মু-কাশ্মীৰত ৪৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 06th, 12:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ কাটৰাত ৪৬,০০০কোটি টকাতকৈও অধিক ব্যয়ৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সাহসী বীৰ জোৰাৱাৰ সিঙৰ ভূমিক অভিবাদন জনাই তেওঁ মন্তব্য কৰে যে আজিৰ অনুষ্ঠানটো ভাৰতৰ একতা আৰু সংকল্পৰ এক বিশাল উদযাপন। শ্ৰী মোদীয়ে কয় যে মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদত কাশ্মীৰ উপত্যকা এতিয়া ভাৰতৰ বিশাল ৰে’ল নেটৱৰ্কৰ সৈতে সংযুক্ত হৈছে। উধামপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল লাইন প্ৰকল্প কেৱল এটা নাম নহয়, জম্মু-কাশ্মীৰৰ নতুন শক্তিৰ প্ৰতীক আৰু ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰমাণ বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আমি সদায়ে মা ভাৰতীক 'কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ'বুলি গভীৰ শ্ৰদ্ধাৰে উল্লেখ কৰি আহিছোঁআজি আমাৰ ৰে’ল নেটৱৰ্কতো ই বাস্তৱত পৰিণত হৈছে।‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 14th, 12:00 pm
হাৰিয়ানাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নয়াব সিং চাইনীজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনোহৰ লালজী, ৰাও ইন্দ্ৰজিৎ সিং জী আৰু কৃষ্ণ পালজী, হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল। হাৰিয়ানাৰ মোৰ ভাই-ভনীসকলক মোদীয়ে শুভেচ্ছা জনাইছোঁ।হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 14th, 11:54 am
আজি হাৰিয়ানাৰ যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। হাৰিয়ানাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ হাৰিয়ানাৰ পবিত্ৰ ভূমিক শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ পবিত্ৰ ভূমিক মা সৰস্বতীৰ উৎপত্তিস্থল, মন্ত্ৰ দেৱীৰ বাসস্থান, পঞ্চমুখী হনুমান জীৰ জন্মস্থান আৰু ধন্য কপালমোচন চাহিবৰ উৎপত্তিস্থল বুলি স্বীকাৰ কৰে। “হাৰিয়ানা হৈছে সংস্কৃতি, ভক্তি আৰু নিষ্ঠাৰ সংগম”,ৰ কথাও তেওঁ বৰ্ণনা কৰে। তেওঁ বাবাছাহেব আম্বেদকাৰৰ ১৩৫সংখ্যক জয়ন্তীত সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বাবা চাহেবৰ দৃষ্টিভংগী আৰু প্ৰেৰণাক আলোকপাত কৰে, যিয়ে ভাৰতৰ উন্নয়নৰ দিশত যাত্ৰা অব্যাহত ৰাখিছে।Navkar Mahamantra is not just a mantra, it is the core of our faith: PM Modi
April 09th, 08:15 am
PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.PM Modi inaugurates the Navkar Mahamantra Divas
April 09th, 07:47 am
PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 28th, 08:00 pm
শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে
March 28th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।গুজৰাটৰ চুৰাটত চুৰাট খাদ্য সুৰক্ষা পৰিপূৰক অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 07th, 05:34 pm
আশাকৰোঁ আপোনালোক সকলোৰে ভালেই আছে। এই দেশৰ জনসাধাৰণৰ লগতে বিশেষকৈ গুজৰাটৰ জনসাধাৰণৰ কৃপাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পোৱাটো সঁচাকৈয়ে এক সন্মানৰ কথা। পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই মোৰ প্ৰথমবাৰৰ বাবে চুৰাট ভ্ৰমণ। গুজৰাটৰ পৰা পোৱা মৰম আৰু সমৰ্থনে মোৰ এই যাত্ৰাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু ইয়াৰ বাবে মই চিৰদিনৰ বাবে কৃতজ্ঞ হৈ থাকিম। আজি চুৰাট ভ্ৰমণ কৰি থাকোঁতে এই চহৰখনৰ সজীৱ মনোভাৱৰ কথা মনত নেপেলোৱাকৈ থাকিব নোৱাৰিলোঁ৷ চুৰাট হৈছে এনে এখন ঠাই য’ত কাম আৰু দান-বৰঙণি একেলগে চলে, আৰু য’ত সমাজে ইজনে সিজনক সহায় কৰে, সামূহিক অগ্ৰগতিৰ উদযাপন কৰে। আজিৰ অনুষ্ঠানটো চুৰাটৰ এই আত্মা আৰু আৱেগক প্ৰচাৰৰ ক্ষেত্ৰত এক পদক্ষেপ।