
ছৌদি আৰৱলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণৰ সামৰণিত যৌথ বিবৃতি
April 23rd, 12:44 pm
এক ঐতিহাসিক বন্ধুত্ব; প্ৰগতিৰ বাবে এক অংশীদাৰিত্ব।” ছৌদি আৰব ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী, ভাৰত গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত ছৌদি আৰৱ ৰাজ্যত ৰাজ্যিক ভ্ৰমণ কৰে। এয়া আছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছালমান বিন আব্দুলজিজ আল চৌদৰ ভাৰত ভ্ৰমণৰ পিছত জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ আৰু ভাৰত-ছৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ প্ৰথমখন বৈঠকৰ সহ-অধ্যক্ষতা।
ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈত টেলিফোনিত বাৰ্চালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 16th, 05:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে আজি এক টেলিফোনিক বাৰ্তালাপ কৰে।
Cabinet approves Modernization of Command Area Development and Water Management for FY 25-26
April 09th, 03:12 pm
The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today approved the Modernization of Command Area Development and Water Management (M-CADWM) as a sub-scheme of Pradhan Mantri Krishi Sinchayee Yojana (PMKSY) for the period 2025-2026 with an initial total outlay of Rs.1600 crore.কেবিনেটে ২০২৪-২৫ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈ ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰম-II (VVP-II)ত অনুমোদন জনায়
April 04th, 03:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি কেন্দ্ৰীয় খণ্ডৰ আঁচনি (১০০% কেন্দ্ৰীয় পুঁজি) হিচাপে ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰম-II (VVP-II)ত অনুমোদন জনায়। এই অনুমোদনে ‘নিৰাপদ, সুৰক্ষিত আৰু স্পন্দনশীল স্থল সীমান্ত’ৰ ক্ষেত্ৰত বিকশিত ভাৰত@২০৪৭-ৰ দৃষ্টিভংগীৰ বাবে এই কাৰ্য্যসূচীৰ দায়বদ্ধতাৰ বৰ্ধন ঘটায়। এই কাৰ্য্যসূচীয়ে ইতিমধ্যে ভিভিপি-I ৰ অধীনত সামৰি লোৱা উত্তৰ সীমান্তৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় স্থল সীমান্তৰ (ILB) সংলগ্ন ব্লকসমূহত অৱস্থিত গাঁওসমূহৰ ব্যাপক উন্নয়নত সহায় কৰিব।ভাৰতৰ নৱীকৰণযোগ্য শক্তি খণ্ডৰ উল্লেখনীয় বিকাশৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
April 01st, 07:40 pm
ভাৰতৰ নৱীকৰণযোগ্য শক্তি খণ্ডৰ বিকাশক ‘উল্লেখনীয়’ আৰু ‘স্থিৰতাৰ প্ৰতি আমাৰ জনসাধাৰণৰ প্ৰতিশ্ৰুতি’ বুলি আজি প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 30th, 11:30 am
নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-বিশ্ব জল দিৱসত জল সংৰক্ষণৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 22nd, 10:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জল সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে ভাৰতৰ দায়বদ্ধতাক পুনৰ দোহাৰিছে। মানৱ সভ্যতাত পানীৰ অতি গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এই অমূল্য সম্পদবিধ সুৰক্ষিত কৰাৰ বাবে সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।কেবিনেটে দুগ্ধ উন্নয়নৰ অৰ্থে সংশোধিত ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমত (NPDD) অনুমোদন জনায়
March 19th, 04:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি দুগ্ধ উন্নয়নৰ অৰ্থে সংশোধিত ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমত (NPDD) অনুমোদন জনাইছে।গ্ৰেণ্ড কমাণ্ডাৰ অব দা অৰ্ডাৰ অব দা ষ্টাৰ এণ্ড কী অব দা ইণ্ডিয়ান অ’চেন (জিচিএছকে) বঁটা গ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য
March 12th, 03:00 pm
মৰিচাছৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। এয়া কেৱল মোৰ সন্মান নহয়। ই ১.৪ বিলিয়ন ভাৰতীয়ৰ সন্মান। ভাৰত আৰু মৰিচাছৰ মাজত যুগ যুগ ধৰি চলি অহা সাংস্কৃতিক আৰু ঐতিহাসিক আত্মীয়তাৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। আঞ্চলিক শান্তি, প্ৰগতি, নিৰাপত্তা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি আমাৰ ভাগ-বাটোৱাৰা দায়বদ্ধতাৰ স্বীকৃতি আৰু ই গ্ল’বেল চাউথৰ অংশীদাৰী আশা আৰু আকাংক্ষাৰ প্ৰতীক। এই বঁটাটো মই সম্পূৰ্ণ নম্ৰতাৰে আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰিলো। শতিকা আগতে ভাৰতৰ পৰা মৰিচাছলৈ অহা আপোনালোকৰ পূৰ্বপুৰুষৰ প্ৰতি আৰু তেওঁলোকৰ সকলো প্ৰজন্মলৈ এই সন্মান উৎসৰ্গা কৰিছো। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে মৰিচাছৰ উন্নয়নৰ এক সোণালী অধ্যায় লিখিছিল আৰু ইয়াৰ সজীৱ বৈচিত্ৰ্যত অৰিহণা যোগাইছিল। মইও এই সন্মানক দায়িত্ব হিচাপে আঁকোৱালি লৈছো। ভাৰত-মৰিচাছ কৌশলগত অংশীদাৰিত্বক অধিক উচ্চতালৈ উন্নীত কৰাৰ বাবে আমি সকলো প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো।ভাৰত মৰিচাছৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
March 12th, 12:30 pm
১৪০ কোটি ভাৰতীয়ৰ হৈ মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় দিৱসৰ বাবে পুনৰ মৰিচাছ ভ্ৰমণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়। এই সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম জী আৰু মৰিচাছ চৰকাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো: প্ৰধানমন্ত্ৰী
March 03rd, 12:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো।কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 01st, 01:00 pm
বাজেটৰ পিছত বাজেটৰ সৈতে জড়িত ৱেবিনাৰত আপোনালোক সকলোৰে উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে
March 01st, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই কথাৰ ওপৰত আলোকপাত কৰে যে এই বছৰৰ বাজেট চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট, যিয়ে নীতিসমূহৰ ধাৰাবাহিকতা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ নতুন সম্প্ৰসাৰণ প্ৰতিফলিত কৰে। বাজেটৰ পূৰ্বে সকলো অংশীদাৰৰ পৰা লাভ কৰা মূল্যৱান তথ্য আৰু পৰামৰ্শক তেওঁ স্বীকাৰ কৰে, যিবোৰ অতি উপযোগী আছিল। তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।নেতাসকলৰ বিবৃতিঃ ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েন আৰু ইইউ কলেজ অৱ কমিছনাৰ্ছৰ ভাৰত ভ্ৰমণ (২৭-২৮ ফেব্ৰুৱাৰী, ২০২৫)
February 28th, 06:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েনে দৃঢ়তাৰে কয় যে ইউৰোপিয়ান ইউনিয়ন (EU)-ভাৰত কৌশলগত অংশীদাৰিত্বই তেওঁলোকৰ জনতা আৰু বৃহত্তৰ বিশ্বৰ মংগলৰ বাবে ব্যাপক সুবিধা প্ৰদান কৰিছে। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ ২০ বছৰীয়া কৌশলগত অংশীদাৰিত্ব আৰু ৩০ বছৰীয়া ভাৰত-ইচি সহযোগিতা চুক্তিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই অংশীদাৰিত্বক উচ্চ পৰ্য্যায়লৈ উন্নীতকৰণৰ অংগীকাৰ কৰে।ইউৰোপীয় আয়োগৰ সভাপতিৰ সৈতে হোৱা পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মুকলি ভাষণৰ লিখিত ৰূপ (২৮ ফেব্ৰুৱাৰী, ২০২৫)
February 28th, 01:50 pm
আপোনালোক সকলোকে ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ইউৰোপীয় ইউনিয়নৰ কলেজ অৱ কমিচনাৰৰ ইমান বহল পৰিসৰত একক দেশৰ সৈতে জড়িত হোৱাটো অভূতপূৰ্ব। মোৰ ইমানবোৰ মন্ত্ৰীয়ে কোনো দ্বিপাক্ষিক আলোচনাৰ বাবে একত্ৰিত হোৱাটো প্ৰথম পৰিঘটনা। মোৰ মনত আছে যে ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া ৰাইচিনা আলোচনাত আপুনি কেনেকৈ কৈছিল যে ভাৰত আৰু ইউৰোপীয় ইউনিয়নক স্বাভাৱিক অংশীদাৰ।আৰু ভাৰতৰ সৈতে সম্পৰ্ক সৱল আৰু শক্তিশালী কৰাটো, অনাগত দশকত ইউৰোপীয় ইউনিয়নৰ বাবে অগ্ৰাধিকাৰ হ’ব। আৰু এতিয়া, আপুনি আপোনাৰ নতুন কাৰ্যকালৰ একেবাৰে আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিছে। এয়া ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ বাবে এক মাইলৰ খুঁটিৰ মুহূৰ্ত।ভাৰত টেক্স ২০২৫ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 16th, 04:15 pm
আজি ভাৰত মণ্ডপম, ভাৰত টেক্স (Bharat Tex)ৰ দ্বিতীয় সংস্কৰণৰ সাক্ষী হৈ আছে। ইয়াত আমাৰ পৰম্পৰাৰ সমান্তৰালকৈ বিকশিত ভাৰতৰ সম্ভাৱনীয়তাও দেখিবলৈ পোৱা গৈছে। এয়া দেশৰ বাবে সন্তুষ্টিৰ বিষয় যে আমি যি বীজ ৰোপণ কৰিছিলোঁ, আজি সি বট বৃক্ষ হোৱাৰ পথত দ্ৰুতগতিত বাঢ়িছে। ভাৰত টেক্স এতিয়া এক মেগা গ্ল’বেল টেক্সটাইলছ ইভেণ্টত পৰিণত হৈছে। এইবাৰ মূল্য শৃংখলৰ সমগ্ৰ বৰ্ণালী, ইয়াৰ সৈতে জড়িত ১২টা গোটে ইয়াত একেলগে অংশগ্ৰহণ কৰিছে। আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ আৰু ৰং আদিও প্ৰদৰ্শন কৰা হৈছে। ভাৰত টেক্স সমগ্ৰ বিশ্বৰ নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নিয়োজন, সহযোগিতা, আৰু অংশীদাৰিত্বৰ বাবে এক অতি শক্তিশালী মঞ্চত পৰিণত হৈছে। এই অনুষ্ঠানৰ বাবে সকলো অংশীদাৰৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়, এই কামৰ লগত জড়িত সকলো লোককে আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ।ভাৰত টেক্স ২০২৫ত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 16th, 04:00 pm
আজি নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত ভাৰত টেক্স ২০২৫ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্শকক সম্বোধন কৰাৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদৰ্শনীখনো ভ্ৰমণ কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত মাণ্ডপামত আয়োজিত এই অনুষ্ঠানৰ দ্বিতীয় সংস্কৰণ বুলি উল্লেখ কৰি সকলো উপস্থিতসকলক উষ্ম আদৰণি জনায়। ভাৰত টেক্স ২০২৫ য়ে ভাৰতৰ চহকী ঐতিহ্যক উদযাপন কৰাই নহয়, জাতিটোৰ বাবে অপৰিসীম গৌৰৱৰ উৎস, উন্নত ভাৰতৰ দৃষ্টিভংগীও প্রদর্শন কৰা বুলি তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ মন্তব্য কৰে যে ভাৰত টেক্স এক উল্লেখযোগ্য বিশ্বব্যাপী বস্ত্ৰ অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এইবাৰৰ অনুষ্ঠানত বস্ত্ৰ উদ্যোগৰ বাৰটা খণ্ডকে সামৰি লোৱা হৈছে, য’ত আছে আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ, ৰং আদি। তেওঁ জোৰ দি কয় যে ভাৰত টেক্স বিশ্ব নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নেটৱৰ্ক, সহযোগিতা আৰু অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চলৈ বিকশিত হৈছে। ইয়াৰ উপৰিও তেওঁ অনুষ্ঠানটোৰ আয়োজনৰ লগত জড়িত সকলোৰে প্ৰচেষ্টাক প্ৰশংসা কৰে।Head of US Department of Government Efficiency (DOGE) calls on PM Modi
February 13th, 11:51 pm
PM Modi met Elon Musk, CEO of Tesla and Head of the U.S. DOGE, to discuss collaboration in innovation, AI, space, sustainability, emerging tech, and governance.প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণ: কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু এআই সহযোগিতাত অগ্ৰণী ভূমিকা পালন
February 13th, 03:06 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া ফ্ৰান্স আৰু আমেৰিকাৰ কূটনৈতিক ভ্ৰমণে ভাৰতৰ বিশ্ব মিত্ৰতা শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে, য’ত কৃত্ৰিম বুদ্ধিমত্তা (এআই), অৰ্থনৈতিক সংস্কাৰ আৰু ঐতিহাসিক সম্পৰ্কক সন্মান জনোৱাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। এই বিস্তৃত ভ্ৰমণে দায়িত্বশীল এআই বিকাশ, অৰ্থনৈতিক সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে।প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰে
February 12th, 03:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কালি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিমানেৰে পেৰিছৰ পৰা মাৰ্চেইললৈ বিমান যাত্ৰা কৰে। এই বিমান যাত্ৰাই দুয়োজন নেতাৰ ব্যক্তিগত সম্পৰ্কক প্ৰতিফলিত কৰে। তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক তথা মূল বিশ্বজনীন আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত সবিস্তাৰে আলোচনা কৰে। মাৰ্চেইল পোৱাৰ পিছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। যোৱা ২৫ বছৰত বহুমুখী সম্পৰ্কলৈ ক্ৰমাগতভাৱে বিকশিত হোৱা ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰতি নেতাদ্বয়ে নিজৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।