
নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৱাই ইউ. জি. এম. কনক্লেভত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
April 29th, 11:01 am
আজি, চৰকাৰ, শিক্ষা, বিজ্ঞান আৰু গৱেষণাৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ লোক ইয়াত বৃহৎ সংখ্যাত উপস্থিত আছে। এই সংহতি, এই সংগম, ইয়াক যুটী বুলি কোৱা হয়। এটা যুটি য 'ত উন্নত ভাৰতৰ ভৱিষ্যতৰ প্ৰযুক্তি-সম্পৰ্কীয় অংশীদাৰসকল একেলগে জড়িত হৈ আছে। মই আত্মবিশ্বাসী যে এই অনুষ্ঠানটোৱে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ প্ৰযুক্তিত ভাৰতৰ ভূমিকা বৃদ্ধিৰ বাবে আমি কৰা প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব। আজি, আই. আই. টি. কানপুৰ আৰু আই. আই. টি. বোম্বাইত এ. আই., বুদ্ধিমত্তা প্ৰণালী, আৰু জৈৱবিজ্ঞান জৈৱ প্ৰযুক্তি স্বাস্থ্য আৰু ঔষধৰ ছুপাৰ হাব মুকলি কৰা হৈছে। আজি ৱাধৱানী উদ্ভাৱন নেটৱৰ্কও আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ সহযোগিতাত গৱেষণা অব্যাহত ৰখাৰো সিদ্ধান্ত লোৱা হৈছে। এই প্ৰচেষ্টাৰ বাবে মই ৱাধৱানী ফাউণ্ডেশ্যন, আমাৰ আই. আই. টি. আৰু আন সকলো অংশীদাৰক অভিনন্দন জনাইছো। বিশেষকৈ, মই মোৰ বন্ধু ৰমেশ ৱাধৱানী মহাশয়ক প্ৰশংসা কৰোঁ। আপোনাৰ নিষ্ঠা আৰু সক্ৰিয়তাৰ জৰিয়তে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই একেলগে দেশৰ শিক্ষা ব্যৱস্থাত বহুতো ইতিবাচক পৰিৱৰ্তন সাধন কৰিছে।
ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 29th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমাৱেশত ভাষণ দি তেওঁ চৰকাৰী বিষয়া, শিক্ষাবিদ আৰু বিজ্ঞান তথা গৱেষণা পেছাদাৰীসকলৰ গুৰুত্বপূৰ্ণ সমাৱেশৰ ওপৰত আলোকপাত কৰি অংশীদাৰসকলৰ সংগমস্থল ৱাই ইউ জি এম— এখন উন্নত ভাৰতৰ বাবে ভৱিষ্যতৰ প্ৰযুক্তিসমূহ আগুৱাই নিয়াৰ লক্ষ্যৰে কৰা সহযোগিতাৰ মঞ্চৰূপে অভিহিত কৰি ইয়াত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে এই অনুষ্ঠানে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ-প্ৰযুক্তিক্ষেত্ৰত ভাৰতৰ ভূমিকা বৃদ্ধিৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিব। এ আই, বুদ্ধিমত্তাসম্পন্ন ব্যৱস্থা আৰু জৈৱ বিজ্ঞান, জৈৱ প্ৰযুক্তি, স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আই আই টি কানপুৰ আৰু আই আই টি বম্বেত মুকলি কৰা ছুপাৰ হাবৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ লগতে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সহযোগত গৱেষণাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰা ৱাধৱনী উদ্ভাৱন নেটৱৰ্ক মুকলি কৰাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৱাধৱনী ফাউণ্ডেশ্যন, আই আই টিসমূহ আৰু এই পদক্ষেপসমূহৰ সৈতে জড়িত সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহযোগিতাৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰোমেশ ৱাধৱানী ডাঙৰীয়াৰ নিষ্ঠা আৰু সক্ৰিয় ভূমিকাৰ বাবে তেওঁক বিশেষভাৱে প্ৰশংসা কৰে।
দিল্লীত চিলিৰ ৰাষ্ট্ৰপতি শ্ৰীযুত গেব্ৰিয়েল বৰিক ফণ্টক আতিথ্য প্ৰধানমন্ত্ৰীৰ
April 01st, 09:33 pm
ভাৰত-চিলিৰ অংশীদাৰিত্বৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে আজি দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিলিৰ ৰাষ্ট্ৰপতি শ্ৰীযুত গেব্ৰিয়েল বৰিক ফণ্টক আদৰণি জনায়। শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি বৰিকক আতিথ্য প্ৰদান কৰি আনন্দ প্ৰকাশ কৰি লেটিন আমেৰিকাৰ মূল মিত্ৰ হিচাপে চিলিৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।চিলিৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অনুবাদ
April 01st, 12:31 pm
ৰাষ্ট্ৰপতি বৰিকৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভাৰতৰ প্ৰতি তেওঁৰ দৃঢ় বন্ধুত্ববোধ আৰু আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সঁচাকৈয়ে আচৰিত। ইয়াৰ বাবে মই তেওঁক আন্তৰিক অভিনন্দন জনাইছো, আৰু তেওঁক আৰু তেওঁৰ বিশিষ্ট প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো।লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।উত্তৰাখণ্ডৰ হাৰ্চিলত শীতকালীন পৰ্যটন কাৰ্যসূচীক সম্বোধন কৰি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 06th, 02:07 pm
কৰ্মঠ মুখ্যমন্ত্ৰী, মোৰ কনিষ্ঠ ভাই পুষ্কৰ সিং ধামী জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অজয় তামতা জী, ৰাজ্যিক মন্ত্ৰী সতপাল মহাৰাজ জী, মোৰ সতীৰ্থ সংসদ সদস্য তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ ভাট জী, সংসদত মোৰ সহযোগী মালাৰাজ্য লক্ষ্মী জী, বিধায়ক সুৰেশ চৌহান জী, লগতে উপস্থিত সকলো বিশিষ্ট ব্যক্তি, অতিথি আৰু মোৰ ভাই-ভনীসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।।উত্তৰাখণ্ডৰ হৰচিলত শীতকালীন পৰ্যটন কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 06th, 11:17 am
উত্তৰাখণ্ডৰ হৰচিলত শীতকালীন পৰ্যটন কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰেক আৰু বাইক ৰেলীৰ ফ্লেগ অফ কৰে। লগতে মুখোৱা মা গংগাৰ শীতকালীন প্ৰবাসস্থলত পূজা অৰ্চনা কৰাৰ লগতে দৰ্শন কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ মানা গাঁৱৰ এই শোকাৱহ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে এই সংকটৰ সময়ত দেশৰ জনসাধাৰণে সংহতিৰে থিয় দিছে, যিয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অপৰিসীম শক্তি প্ৰদান কৰিছে।Pariksha Pe Charcha 2025 All Episodes
February 18th, 05:30 pm
For Pariksha Pe Charcha 2025, Prime Minister Narendra Modi brought together India’s top achievers— Deepika Padukone, Sadhguru, Mary Kom, Avani Lekhara and other icons—to inspire students. Experts from sports, cinema, spirituality, technology and public service shared success strategies, mental wellness tips and holistic guidance to help students unlock their potential and appear for exams with confidence.শ্ৰেষ্ঠ বিশেষজ্ঞ, ‘পৰীক্ষা যোদ্ধা’সকলৰ পৰা শুনক যিসকলে পৰীক্ষাৰ চাপ আৰু উদ্বেগ সফলতাৰে অতিক্ৰম কৰিব পাৰিছে: প্ৰধানমন্ত্ৰী
February 17th, 07:41 pm
‘পৰীক্ষা পে’ চৰ্চা ২০২৫’-ৰ এটা বিশেষ খণ্ড ১৮ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত সম্প্ৰচাৰিত হ'ব, য'ত যুৱ পৰীক্ষা যোদ্ধাসকল থাকিব যি সকলে সফলতাৰে পৰীক্ষাৰ চাপ আৰু উদ্বেগ অতিক্ৰম কৰিছে। খণ্ডটোত পৰীক্ষাৰ চাপ, উদ্বেগ আৰু চাপৰ মাজতো উদ্বিগ্ন নোহোৱাকৈ থকা তেওঁলোকৰ অভিজ্ঞতা, ৰণনীতি আৰু অন্তৰ্দৃষ্টি প্ৰদৰ্শন কৰিব।‘পৰীক্ষা পে’ চৰ্চা’ত ১২ ফেব্ৰুৱাৰীত ‘মানসিক স্বাস্থ্য আৰু সুস্থতা’ সন্দৰ্ভত বিশেষ খণ্ড প্ৰস্তুত কৰা হ'ব: প্ৰধানমন্ত্ৰী
February 11th, 01:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে 'পৰীক্ষা যোদ্ধাসকলে' সততে আলোচনা কৰিব বিচৰা বিষয়সমূহৰ এটা হৈছে মানসিক স্বাস্থ্য আৰু সুস্থতা। সেয়েহে, এই বছৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে উৎসৰ্গিত এটা খণ্ড যুগুতোৱা হৈছে যিটো কাইলৈ, ১২ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত কৰা হ’ব, শ্ৰী মোদীয়ে লগতে কয়।Key Initiatives in the Union Budget 2025-26: EDUCATION
February 04th, 06:31 pm
The Union Budget for 2025 introduces several initiatives aimed at transforming the educational landscape in India, with a particular focus on expanding opportunities for youth in the fields of technology, medicine, and innovation. These measures are introduced to equip the future workforce with the skills necessary to thrive in an increasingly digital and competitive global economy.নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
January 23rd, 04:26 pm
২০৪৭ চনৰ ভিতৰত দেশৰ লক্ষ্য কিপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰক্ৰম দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে
January 23rd, 03:36 pm
পৰক্ৰম দিৱসৰূপে উদযাপিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত আজি নতুন দিল্লীৰ সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ বন্ধু-বান্ধৱীৰ সৈতে এক বিশেষ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত দেশৰ লক্ষ্য কি বুলি সোধা প্ৰশ্নত এজন ছাত্ৰই আত্মবিশ্বাসেৰে উত্তৰ দিয়ে যে ভাৰতক উন্নত ৰাষ্ট্ৰ (বিকশিত ভাৰত) কৰি তুলিব লাগিব। প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰতহে কিয় বুলি সোধাত আন এজন ছাত্ৰই উত্তৰ দিলে যে “যেতিয়া ভাৰতে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব, তেতিয়ালৈকে আমাৰ বৰ্তমানৰ প্ৰজন্মই জাতিটোৰ সেৱা কৰিবলৈ সাজু হ’ব”।The Genome India Project marks a defining moment in the country's biotechnology landscape: PM
January 09th, 06:38 pm
PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.Prime Minister Shri Narendra Modi's remarks at the start of Genome India Project
January 09th, 05:53 pm
PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.‘পৰীক্ষা-যোদ্ধাসকলৰ কলা মহোৎসৱ’ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
January 07th, 07:33 pm
কলাৰ জৰিয়তে পৰীক্ষাৰ চাপৰ পৰা মুক্ত হ’বলৈ পৰীক্ষা-যোদ্ধাসকলে অনুষ্ঠিত কৰা কলা মহোৎসৱৰ প্ৰশংসা কৰে।সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 29th, 11:30 am
‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
December 16th, 01:00 pm
মহামহিম ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়ক, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধুসকল, আটাইতকে শুভেচ্ছা জনাইছো!ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউজ9 গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
November 22nd, 10:50 pm
মন্ত্ৰী উইনফ্ৰাইড, মোৰ কেবিনেট সহকৰ্মী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভদ্ৰ মহিলা আৰু সজ্জনসকল!