প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই ‘ভোকেল ফৰ লোকেল’-ৰ পক্ষত সৰৱ ভূমিকাত অৱতীৰ্ণ হ’ব আধ্যাত্মিক গুৰুসক
November 17th, 02:14 pm
‘স্থানীয় সামগ্ৰীৰ পক্ষত স্থিতি গ্ৰহণ’ৰ আহ্বানৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘ভেকেল ফৰ লোকল’ অভিযানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সহযোগিতা জনাবলৈ কালি জনোৱা আহ্বানে দেশৰ আধ্যাত্মিক জগতৰ অগ্ৰণী গুৰুসকলৰ মজত বিপুল সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্ত সমাজে পৰম উত্সাহৰেই প্ৰতিক্ৰিয়া প্ৰকট কৰিছে। আধ্যাত্মিক গুৰুসকলে ‘ভোকেল ফৰ লোকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকৰ সমৰ্থন আগবঢ়োৱাৰ পণ গ্ৰহণৰে ৰাজহুৱা দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে।আত্মনিৰ্ভৰ ভাৰতৰ বাবে ‘ভোকেল ফৰ লোকেল’ক জনপ্ৰিয় কৰিবলৈ আধ্যাত্মিক নেতাসকলৰ পৰা সাহায্যৰ আবেদন প্ৰধানমন্ত্ৰীৰ
November 16th, 12:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, দেশৰ স্বাধীনতা আন্দোলনৰ ভিত্তি আছিল ভক্তি আন্দোলন। একেদৰে আজি সন্ত, মহাত্মা, মহন্ত আৰু আচাৰ্যসকলৰ মাধ্যমেৰে আমাৰ দেশৰ আত্মনিৰ্ভৰতাৰ মূল ভিত্তি গঢ়ি তুলিব লাগিব। শ্ৰী মোদীয়ে আজি জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ চুৰিশ্বৰ জি মহাৰাজৰ জন্মবাৰ্ষিকীত ‘ষ্টেছ্যু অৱ পীচ’ৰ আৱৰণ উন্মোচন কৰে। এই উপলক্ষে তেওঁ ভাষণ প্ৰসঙ্গত স্বাধীনতা সংগ্ৰামৰ দৰে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক কাম-কাজৰ মূল ভিত্তি যে ধৰ্মীয় আৰু আধ্যাত্মিক আবেগেই আছিল সেইকথা উল্লেখ কৰে আৰু বৰ্তমান আত্মনিৰ্ভৰ ভাৰত অভিযানত এই বিষয়টোৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছে।PM Modi requests spiritual leaders to promote Aatmanirbhar Bharat by going vocal for local
November 16th, 12:46 pm
PM Modi unveiled ‘Statue of Peace’ to mark the 151st birth anniversary celebrations of Jainacharya Shree Vijay Vallabh Surishwer Ji Maharaj. Reiterating his stress on ‘vocal for local’ Shri Modi requested that as happened during the freedom struggle, all the spiritual leaders should amplify the message of Aatmanirbhar Bharat.প্ৰধানমন্ত্ৰীয়ে জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ‘ষ্টেচু অৱ পীচ’ মুকলি কৰে
November 16th, 12:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ‘ষ্টেচু অৱ পীচ’ মুকলি কৰে। জৈন আচাৰ্যৰ সন্মানাৰ্থে মুকলি হোৱা প্ৰতিমূৰ্তিটোক ‘ষ্টেচু অৱ পীচ’ নামেৰে নামাকৰণ কৰা হৈছে। ৰাজস্থানৰ জেটপুৰাস্থিত বিজয় বল্লভ সাধনা কেন্দ্ৰত স্থাপিত ১৫১ ইঞ্চি উচ্চতাৰ ‘ষ্টেচু অৱ পীচ’ অষ্টধাতুৰে নিৰ্মাণ কৰা হৈছে।জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপন উপলক্ষ্যে ১৬ নৱেম্বৰত ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়
November 14th, 06:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ১৬ নৱেম্বৰৰ দিনৰ ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিব।