সমবায় খণ্ডৰ একাধিক মূল পদক্ষেপৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 24th, 10:36 am

আজি ‘বিকশিত ভাৰত’ৰ ‘অমৃত যাত্ৰা’ত আন এক উল্লেখযোগ্য সাফল্যৰ সাক্ষী হৈ পৰিছে ‘ভাৰত মণ্ডপম’। আজি আমি দেশে গ্ৰহণ কৰা ‘সহকাৰ সে সমৃদ্ধি’ (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি) সংকল্প বাস্তৱায়িতকৰণৰ দিশত আগবাঢ়িছোঁ। কৃষি আৰু খেতিৰ ভেটি সুদৃঢ়কৰণত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই কথা মনত ৰাখি আমি এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰিছোঁ। আৰু, আজি এই কাৰ্য্যসূচী একে মনোভাৱেৰে উদযাপন কৰা হৈছে। আজি আমি আমাৰ কৃষকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আঁচনি-গুদাম আঁচনি আৰম্ভ কৰিছোঁ। এই আঁচনিৰ অধীনত দেশৰ চুকে-কোণে হাজাৰ-হাজাৰ গুদাম স্থাপন কৰা হ’ব। আজি ১৮,০০০ ‘পেকছ’ (PACS-Primary Agricultural Credit Societies)ৰ কম্পিউটাৰাইজেচনৰ এক উল্লেখযোগ্য কামো সম্পূৰ্ণ হৈছে। এই সকলোবোৰ প্ৰকল্পই দেশৰ কৃষি আন্তঃগাঁথনিলৈ নতুন উদ্দীপনা যোগাব, কৃষিক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিব। এই গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।

সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

February 24th, 10:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ১১খন ৰাজ্যৰ ১১খন প্ৰাথমিক কৃষি ঋণ সমিতি (পেকছ)ত চলি থকা ‘সহবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ পৰিকল্পনা’ৰ পাইলট প্ৰকল্প উদ্বোধন কৰে। এই পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে গুদাম আৰু অন্যান্য কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত ৫০০ পেকছৰ আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে খাদ্য শস্য যোগান শৃংখলৰ সৈতে পেকছৰ গুদামসমূহক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰা, খাদ্য সুৰক্ষা সুদৃঢ় কৰা আৰু নাবাৰ্ডৰ সমৰ্থিত আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এনচিডিচি)ৰ নেতৃত্বত সহযোগিতামূলক প্ৰচেষ্টাৰে দেশৰ অৰ্থনৈতিক উন্নয়নক লাভান্বিত কৰা। এই পদক্ষেপ কৃষি আন্তঃগাঁথনি পুঁজি (এআইএফ), কৃষি বিপণন আন্তঃগাঁথনি (এএমআই) আদি বিভিন্ন বৰ্তমানৰ আঁচনিৰ একত্ৰীকৰণৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে যাতে প্ৰকল্পটোত অংশগ্ৰহণ কৰা পেকছে আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লোৱাৰ বাবে ৰাজসাহায্য আৰু সুদৰ সাহায্যৰ সুবিধা লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে সমবায় খণ্ডক সজীৱ কৰি তোলা আৰু ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকক সবলীকৰণৰ লক্ষ্যৰে চৰকাৰৰ সহকাৰ ছে সমৃদ্ধিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ ১৮ হাজাৰ পেকছত কম্পিউটাৰাইজেচনৰ বাবে এক প্ৰকল্প উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে ১,৫১৪ টা নগৰ সমবায় বেংক শক্তিশালী কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাক আদৰণি জনাইছে

June 10th, 04:03 pm

১,৫১৪টা নগৰ সমবায় বেংক শক্তিশালী কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয়ঃ

কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত সহযোগিতা আন্দোলনক শক্তি প্ৰদান কৰা আৰু ইয়াৰ গমন তৃণমূল স্তৰলৈকে ব্যাপক কৰাত অনুমোদন জনায়

February 15th, 03:49 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত সহযোগিতা আন্দোলনক শক্তি প্ৰদান কৰা আৰু ইয়াৰ গমন তৃণমূল স্তৰলৈকে ব্যাপক কৰাত অনুমোদন দিছে। সহযোগিতা মন্ত্ৰালয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু মাননীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সক্ষম মাৰ্গদৰ্শনত মৎস্য পালন, পশুপালন আৰু ডেইৰী মন্ত্ৰালয়ৰ বিভিন্ন যোজনাৰ সমন্বয়ৰ মাধ্যমত 'সম্পূৰ্ণ চৰকাৰ' দৃষ্টিভংগীৰ সুবিধা গ্ৰহণ কৰি ব্যৱহাৰ্য প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ)ৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়তত তাৰ প্ৰতিষ্ঠা কৰা, ব্যৱহাৰ্য ডেইৰী সহকাৰী সমিতিৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়ত/গাঁৱত তাৰ প্ৰতিষ্ঠা কৰা আৰু বৰ্তমানৰ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতিসমূহ শক্তিশালী কৰাৰ যোজনা প্ৰস্তুত কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত, অহা পাঁচ বছৰত ২ লাখ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতি স্থাপন কৰা হ'ব। এই পৰিকল্পনাৰ ৰূপায়ণৰ বাবে নাবাৰ্ড, ৰাষ্ট্ৰীয় ডেইৰী বিকাশ ব'ৰ্ড (এনডিডিবি) আৰু ৰাষ্ট্ৰীয় মৎস্য বিকাশ ব'ৰ্ড (এনএফডিবি)ৰ দ্বাৰা কাৰ্য যোজনা প্ৰস্তুত কৰা হ'ব।