চিকবল্লাপুৰত শ্ৰী মধুসূদন সাই ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
March 25th, 11:40 am
ইমান উদ্যম আৰু উৎসাহেৰে আপোনালোক সকলোৱে বহু সপোন আৰু নতুন সংকল্পৰে সেৱাৰ এই মহান ধাৰাটোৰ সৈতে জড়িত হৈ আছে, তাৰ বাবে আপোনাসৱৰ শলাগ লৈছোঁ। আপোনাসৱক লগ পোৱাটোও মোৰ বাবে পৰম সৌভাগ্যৰ কথা। আপোনাসৱৰ ওচৰত মই অতিশয় কৃতজ্ঞ। চিকবল্লাপুৰ আধুনিক ভাৰতৰ অন্যতম স্থপতি ছাৰ এম. বিশ্বেশ্বৰায়ৰ জন্মস্থান। ক্ষন্তেক পূৰ্বে মই ছাৰ বিশ্বেশ্বৰায়ৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণৰ লগতে তেওঁৰ সংগ্ৰহালয় দৰ্শনৰ সৌভাগ্য লাভ কৰিলোঁ। এই পবিত্ৰ ভূমিক প্ৰণাম জনাইছোঁ। এই পৱিত্ৰ ভূমিৰপৰা প্ৰেৰণা লৈ কৃষক আৰু সাধাৰণ লোকৰ বাবে তেওঁ নতুন-নতুন উদ্ভাৱন, উৎকৃষ্ট অভিযান্ত্ৰিক প্ৰকল্প গঢ়িছিল।কৰ্ণাটকৰ চিক্কাবল্লাপুৰত শ্ৰী মধুসুদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন প্ৰধানমন্ত্ৰীৰ
March 25th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিক্কাবল্লাপুৰত শ্ৰী মধুসুদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰে। এছএমএছআইএমএছআৰে সকলোকে চিকিৎসা শিক্ষা আৰু মানসম্পন্ন চিকিৎসা সেৱা-সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। ২০২৩ চনৰ শিক্ষাবৰ্ষত এই প্ৰতিষ্ঠানটোৰ কাৰ্য-কাজ আৰম্ভ হ’ব।