শ্ৰী অৰবিন্দৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
August 15th, 11:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টৰ জৰিয়তে বিশিষ্ট দাৰ্শনিক, চিন্তাবিদ, আৰু আধ্যাত্মিক গুৰু শ্ৰী অৰবিন্দৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 08th, 01:00 pm
হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।শ্ৰী অৰবিন্দৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 13th, 06:52 pm
শ্ৰী অৰবিন্দৰ ১৫০তম জন্ম জয়ন্তী বৰ্ষৰ এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত আপোনালোক সকলোকে মই হৃদয়ৰে অভিনন্দন জনাইছো। এই পূণ্য সময়ত মই সকলো দেশবাসীকো বহুত বহুত শুভকামনা জনাইছো। শ্ৰী অৰবিন্দৰ ১৫০তম জন্মবৰ্ষ সমগ্ৰ দেশৰ বাবে এটা ঐতিহাসিক উপলক্ষ। তেওঁৰ প্ৰেৰণা, তেওঁৰ বিচাৰসমূহ আমাৰ নতুন প্ৰজন্মলৈ লৈ যাবৰ বাবে দেশে এই সমগ্ৰ বছৰটো বিশেষভাৱে পালন কৰাৰ সংকল্প লৈছিল। ইয়াৰ বাবে এখন বিশেষ উচ্চ স্তৰীয় সমিতি গঠন কৰা হৈছিল। সংস্কৃতি মন্ত্ৰালয়ৰ নেতৃত্বত বহুত ভিন ভিন কাৰ্যক্ৰম হৈ আছে। এই ক্ৰমতে পুডুচেৰীৰ মাটিত, যি মহৰ্ষিৰ নিজৰ তপোস্থলীও, আজি ৰাষ্ট্ৰই তেওঁক আৰু এক কৃতজ্ঞ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰি আছে। আজি শ্ৰী অৰবিন্দৰ ওপৰত এটা স্মৃতি মুদ্ৰা আৰু পোষ্টেল ষ্টাম্পো জাৰি কৰা হৈছে। মোৰ বিশ্বাস যে শ্ৰী অৰবিন্দৰ জীৱন আৰু তেওঁৰ শিক্ষাৰ পৰা প্ৰেৰণা লৈ ৰাষ্ট্ৰৰ এই প্ৰয়াসে আমাৰ সংকল্পক এটা নতুন শক্তি দিব, নতুন বল দিব।PM addresses programme commemorating Sri Aurobindo’s 150th birth anniversary via video conferencing
December 13th, 06:33 pm
The Prime Minister, Shri Narendra Modi addressed a programme celebrating Sri Aurobindo’s 150th birth anniversary via video conferencing today in Kamban Kalai Sangam, Puducherry under the aegis of Azadi ka Amrit Mahotsav. The Prime Minister also released a commemorative coin and postal stamp in honour of Sri Aurobindo.