এছিয়ান গেমছ ২০২২ ত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে এক বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 01st, 07:00 pm
মই আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ বিচাৰি আছিলো আৰু লগতে অপেক্ষা কৰি আছো, কেতিয়া লগ পাম, কেতিয়া মই আপোনালোকৰ অভিজ্ঞতা শুনিবলৈ পাম। আৰু মই দেখিছোঁ যে যেতিয়াই আপোনালোক নতুন উৎসাহেৰে আহে, নিজেই এক বৃহৎ অনুপ্ৰেৰণা হৈ পৰে, দেশৰ বাবে দহৰ বাবে। গতিকে প্ৰথমে, মই আপোনালোক সকলোকে পোনপ্ৰথমেই এষাৰ কথাই ক’বলৈ বিচাৰিছো, সেয়া হৈছে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন। আপোনালোক ভাৰতৰ বাহিৰত আছিল, চীনত খেলি আছিল, কিন্তু হয়তো আপোনালোকে হয়তো নাজানে, মইও আপোনালোকৰ সৈতেই আছিলো, মনে প্ৰাণে। মই আপোনালোকৰ প্ৰতিটো মুহূৰ্ত খবৰ ৰাখিছিলো, আপোনালোকৰ প্ৰচেষ্টা, আপোনালোকৰ আত্মবিশ্বাসৰ গাঁথা শুনি বিভোৰ হৈছিলো। আপোনালোক সকলোৱে দেশখনক যিদৰে গৌৰৱান্বিত কৰিছে, সেয়া সঁচাকৈয়ে অভূতপূৰ্ব। আৰু তাৰ বাবে, আপোনালোকক, আপোনালোকৰ প্ৰশিক্ষকসকলক, আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক যিমানেই অভিনন্দন দিম সিমানে কমেই হ’ব। আৰু এই ঐতিহাসিক সফলতাৰ বাবে দেশবাসীৰ হৈ মই আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছো।এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
November 01st, 04:55 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ নেচনেল ষ্টেডিয়ামত ভাৰতৰ এছিয়ান পেৰা গেমছৰ দলটোৰ সৈতে মত বিনিময় কৰে আৰু সম্বোধন কৰে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ক্ৰীড়াবিদসকলক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে তেওঁলোকক প্ৰেৰণা যোগোৱাৰ প্ৰয়াস কৰে।মুম্বাইত অনুষ্ঠিত ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (আইঅ’চি)ৰ ১৪১ সংখ্যক অধিৱেশন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 14th, 10:34 pm
‘আইঅ'চি’-ৰ সভাপতি শ্ৰীযুত থমাছ বাখ, ‘আইঅ'চি’-ৰ সন্মানীয় সদস্যবৃন্দ, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন’ৰ প্ৰতিনিধিবৃন্দ। ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল!PM inaugurates 141st International Olympic Committee (IOC) Session in Mumbai
October 14th, 06:35 pm
PM Modi inaugurated the 141st International Olympic Committee (IOC) Session in Mumbai. Addressing the event, the Prime Minister underlined the significance of the session taking place in India after 40 years. He also informed the audience that India is eager to host the Olympics in the country and will leave no stone unturned in the preparation for the successful organization of the Olympics in 2036. This is the dream of the 140 crore Indians, he added.আমেঠী সাংসদ খেল প্ৰতিযোগিতা ২০২৩ৰ সামৰণি সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ পাঠ
October 13th, 01:00 pm
আমেঠীৰ মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ মাজত থাকি আমেঠী সাংসদ খেল প্ৰতিযোগিতাৰ সামৰণি সমাৰোহত যোগদান কৰাটো মোৰ বাবে অতি বিশেষ। দেশৰ ক্ৰীড়াৰ বাবে এই মাহটো অতি শুভ। আমাৰ খেলুৱৈসকলে এছিয়ান গেমছত পদকৰ শতক অৰ্জন কৰিছে। এই অনুষ্ঠানসমূহৰ মাজতে আমেঠীৰ খেলুৱৈসকলেও ক্ৰীড়াৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। সাংসদ খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে অভিনন্দন জনাইছোঁ। আপোনালোকেও নিশ্চয় এই প্ৰতিযোগিতাৰ পৰা যি নতুন শক্তি আৰু আত্মবিশ্বাস লাভ কৰিছে, সমগ্ৰ অঞ্চলটোৰ মানুহে নিশ্চয় অনুভৱ কৰিছে, আৰু মই কেৱল শুনিলেই অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। আমি এই উৎসাহ আৰু আত্মবিশ্বাস চম্ভালিব লাগিব, ইয়াক গ্ৰুম কৰিব লাগিব, ইয়াক ৰোপণ কৰিব লাগিব, সাৰ আৰু পানী যোগান ধৰিব লাগিব। যোৱা ২৫ দিনত যি অভিজ্ঞতা লাভ কৰিছে সেয়া আপোনালোকৰ ক্ৰীড়া কেৰিয়াৰৰ বাবে এক বৃহৎ সম্পদ। আজি মই শিক্ষক, পৰিদৰ্শক, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰতিনিধিৰ ভূমিকাত এই মহান অভিযানত যোগদান কৰি এই যুৱ খেলুৱৈসকলক সমৰ্থন আৰু উৎসাহিত কৰা প্ৰতিজন ব্যক্তিক অভিনন্দন জনাইছোঁ। এক লাখৰো অধিক খেলুৱৈৰ গোট খোৱাটো, সেইটোও ইমান সৰু এলেকাত, নিজৰ বাবেই এটা ডাঙৰ কথা। বিশেষকৈ এই অনুষ্ঠানটো ইমান সফল কৰি তোলা আমেঠীৰ সাংসদ ভগ্নী স্মৃতি ইৰাণী জীক অভিনন্দন জনাইছোঁ, যি এই আয়োজনক ইমান সফল কৰি তুলিলে।আমেথি সাংসদ খেল প্ৰতিযোগিতা, ২০২৩ৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধন
October 13th, 12:40 pm
সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমেথি সাংসদ খেল প্ৰতিযোগিতা, ২০২৩ত অংশগ্ৰহণ কৰাসকলক লগ পাই সন্তোষ লভিছোঁ। এই মাহটো দেশখনৰ ক্ৰীড়াৰ বাবে শুভ সময় বুলি উল্লেখেৰে তেখেতে কয় যে ভাৰতীয় খেলুৱৈসকলে এছিয়ান গেমছত শতকৰো অধিক পদক অৰ্জন কৰিছে। তেখেতে উল্লেখ কৰে যে আমেথিৰ বহু খেলুৱৈয়ে আমেথি সাংসদ খেল প্ৰতিযোগিতাত অংশগ্ৰহণেৰে স্বকীয় ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰিছে। তেখেত কয় যে এই প্ৰতিযোগিতাৰপৰা খেলুৱৈসকলে যি নতুন শক্তি আৰু আত্মবিশ্বাস লাভ কৰিছে, সেয়া অনুভৱ কৰিব পাৰি আৰু এতিয়া এই উৎসাহেৰে উত্তম ফলাফলৰ বাবে ইয়াক প্ৰয়োগৰ সময় আহি পৰিছে। “আপোনালোকে যোৱা ২৫ দিনত লাভ কৰা অভিজ্ঞতা আপোনালোকৰ ক্ৰীড়া কেৰিয়াৰৰ বাবে এক বৃহৎ সম্পদ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে এই সুযোগতে যিসকল শিক্ষক, প্ৰশিক্ষক, বিদ্যালয় বা মহাবিদ্যালয়ৰ প্ৰতিনিধিয়ে এই মহান অভিযানত যোগদানেৰে এই যুৱ খেলুৱৈসকলক সমৰ্থন আৰু উৎসাহিত কৰিলে, তেওঁলোকক অভিনন্দন জনায়। এক লাখৰো অধিক খেলুৱৈ সমাগম হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা বুলি আলোকপাতেৰে বিশেষকৈ এই অনুষ্ঠানটোক ইমান সফল কৰি তোলা আমেথিৰ সাংসদ স্মৃতি ইৰানীক অভিনন্দন জনায়।বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 23rd, 02:11 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, মঞ্চত উপবিষ্ট ইউপি চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল, এই কাৰ্যসূচীত উপস্থিত দেশৰ ক্ৰীড়া জগতৰ সৈতে জড়িত সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কাশীৰ পৰিয়ালৰ লোকসকল।উত্তৰ প্ৰদেশৰ বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
September 23rd, 02:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে আৰু ৩০ একৰতকৈও অধিক এলেকাত বাৰাণসীৰ ৰাজাতলাবৰ গঞ্জাৰীত এই অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াৰ তৃতীয় সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 10:16 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ ডাঙৰীয়া, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ ডাঙৰীয়া, মোৰ কেবিনেট সহযোগী নিশিত প্ৰমানিক, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰীজেশ পাঠকৰ লগতে সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত অংশগ্ৰহণ কৰা সকলো খেলুৱৈক অভিনন্দন জনাইছো,প্ৰধানমন্ত্ৰীয়ে ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ’ৰ তৃতীয় তাঙৰণৰ শুভাৰম্ভ ঘোষণা কৰে
May 25th, 07:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ ২০২৩’ৰ শুভাৰম্ভ ঘোষণা কৰে। খেলসমাৰোহত ২০০খনতকৈয়ো অধিক বিশ্ববিদ্যালয়ৰ ৪৭৫০ৰো অধিক খেলুৱৈয়ে ২১টা ক্ৰীড়া শ্ৰেণীত অংশগ্ৰহণ কৰিছে।মণিপুৰৰ ইম্ফলত ৰাজ্য/ৰাজ্যিক শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 24th, 10:10 am
কাৰ্যসূচীত অংশগ্ৰহণ কৰা মোৰ কেবিনেট সহকৰ্মী অনুৰাগ ঠাকুৰজী, সকলো ৰাজ্যৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকল, অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,মণিপুৰৰ ইম্ফলত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিৱিৰ’ত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
April 24th, 10:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত ভিডিঅ’ কনফাৰেন্সযোগে যুৱ পৰিক্ৰমা আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ সম্বোধন কৰে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বস্তীত ২য় সাংসদ খেল মহাকুম্ভৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 18th, 04:39 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সতীৰ্থ, আমাৰ ডেকা বন্ধু ভাই হৰিশ দ্বিবেদী জী, বিভিন্ন ক্ৰীড়াৰ খেলুৱৈ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আন সকলো জনপ্ৰতিনিধি, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, যুৱক-যুৱতী আৰু মোৰ মৰমৰ ভাই-ভনীসকল।বস্তি জিলাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২-২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ সাংসদ খেল মহাকুম্ভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
January 18th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বস্তি জিলাত আয়োজিত ২০২২-২৩ বৰ্ষৰ সংসদ খেল মহাকুম্ভৰ দ্বিতীয় পৰ্যায়ৰ ক্ৰীড়াৰ উদ্বোধন কৰিব৷ ২০২১ চনৰ পৰা বস্তি সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীয়ে সংসদ খেল মহাকুম্ভ আয়োজন কৰি আহিছে৷ খেল মহাকুম্ভৰ উদ্যোগত বিভিন্ন ইনড’ৰ আৰু আউটড’ৰ ক্ৰীড়া প্ৰতিযোগিতা যেনে-মল্লযুঁজ, কাবাডী, খো খো, বাস্কেটবল, ফুটবল, হকী, ভলীবল, হেণ্ডবল, দবা, কেৰম, বেডমিণ্টন, টেবুল টেনিছ ইত্যাদি অনুষ্ঠিত কৰা হয়। এইবোৰৰ উপৰিও খেল মহাকুম্ভত ৰচনা লিখা, চিত্ৰকলা, ৰঙালী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হয়।