
১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
April 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।
হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 14th, 12:00 pm
হাৰিয়ানাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নয়াব সিং চাইনীজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনোহৰ লালজী, ৰাও ইন্দ্ৰজিৎ সিং জী আৰু কৃষ্ণ পালজী, হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল। হাৰিয়ানাৰ মোৰ ভাই-ভনীসকলক মোদীয়ে শুভেচ্ছা জনাইছোঁ।হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 14th, 11:54 am
আজি হাৰিয়ানাৰ যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। হাৰিয়ানাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ হাৰিয়ানাৰ পবিত্ৰ ভূমিক শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ পবিত্ৰ ভূমিক মা সৰস্বতীৰ উৎপত্তিস্থল, মন্ত্ৰ দেৱীৰ বাসস্থান, পঞ্চমুখী হনুমান জীৰ জন্মস্থান আৰু ধন্য কপালমোচন চাহিবৰ উৎপত্তিস্থল বুলি স্বীকাৰ কৰে। “হাৰিয়ানা হৈছে সংস্কৃতি, ভক্তি আৰু নিষ্ঠাৰ সংগম”,ৰ কথাও তেওঁ বৰ্ণনা কৰে। তেওঁ বাবাছাহেব আম্বেদকাৰৰ ১৩৫সংখ্যক জয়ন্তীত সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বাবা চাহেবৰ দৃষ্টিভংগী আৰু প্ৰেৰণাক আলোকপাত কৰে, যিয়ে ভাৰতৰ উন্নয়নৰ দিশত যাত্ৰা অব্যাহত ৰাখিছে।Navkar Mahamantra is not just a mantra, it is the core of our faith: PM Modi
April 09th, 08:15 am
PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.PM Modi inaugurates the Navkar Mahamantra Divas
April 09th, 07:47 am
PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.When growth is driven by aspirations, it becomes inclusive and sustainable: PM Modi at Rising Bharat Summit
April 08th, 08:30 pm
PM Modi addressed the News18 Rising Bharat Summit. He remarked on the dreams, determination, and passion of the youth to develop India. The PM highlighted key initiatives, including zero tax on income up to ₹12 lakh, 10,000 new medical seats and 6,500 new IIT seats, 50,000 new Atal Tinkering Labs and over 52 crore Mudra Yojana loans. The PM congratulated the Parliament for enacting Waqf law.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে
April 08th, 08:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে। সমবেত সকলক সম্বোধন কৰি তেওঁ এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু সমগ্ৰ বিশ্বৰ সন্মানীয় অতিথিসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে ‘নেটৱৰ্ক১৮’লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ভাৰতৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষাৰ প্ৰতি এই বছৰৰ সন্মিলনে গুৰুত্ব প্ৰদান কৰা কথাক প্ৰশংসা কৰে। ‘ভাৰত মণ্ডপম’ত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত 'বিকশিত ভাৰত যুৱ নেতা আলাপ'ৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি তেওঁ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যুৱসকলৰ সপোন, সংকল্প আৰু আবেগ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতৰ প্ৰগতিৰ পথ-পৰিকল্পনা যুগুতোৱাত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিটো পদক্ষেপত নিৰন্তৰ আলোচনাই মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। তেওঁ উল্লেখ কৰে যে এই অন্তৰ্দৃষ্টিয়ে ‘অমৃত কালৰ প্ৰজন্ম’ক শক্তি, নিৰ্দেশনা আৰু গতি ত্বৰান্বিত কৰিব। তেওঁ সন্মিলনৰ বাবে অভিনন্দন আৰু সফলতাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ মন্তব্য
April 05th, 11:30 am
আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।ষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
April 04th, 12:59 pm
আৰম্ভণিতে এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী মহামহিম শ্বিনাৱাত্ৰা আৰু থাইলেণ্ড চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে
April 04th, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ
April 02nd, 02:00 pm
বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।ভাৰত আৰু জাপানৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰসংগ আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ‘কেইজাই ডয়ুকাই’ৰ উচ্চ ক্ষমতাসম্পন্ন প্ৰতিনিধিদলক সাক্ষাৎ কৰে
March 27th, 08:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগত ‘৭, লোক কল্যাণ মাৰ্গ’ত ভাৰত আৰু জাপানৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰসংগত কেইজাই ডয়ুকাই (জাপান এছ'চিয়েশ্যন অব কৰ্পোৰেট এক্সিকিউটিভছ)ৰ মতামত আৰু অৱধাৰণাসমূহ শুনিবলৈ সংগঠনটোৰ অধ্যক্ষ শ্ৰীযুত তাকেশ্বি নিনামিৰ নেতৃত্বত অহা এটা কুৰিজনীয়া উচ্চ ক্ষমতাসম্পন্ন প্ৰতিনিধি দলৰ সৈতে মিলিত হয়।ভাৰত-নিউজিলেণ্ডৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
March 17th, 01:05 pm
মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। ভাৰতৰ সৈতে প্ৰধানমন্ত্ৰী লাক্সনৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। কেইদিনমান পূৰ্বে তেওঁ অকলেণ্ডত হোলীৰ আনন্দময় উৎসৱ পালন কৰা কাৰ্য্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ। নিউজিলেণ্ডত বসবাস কৰা ভাৰতীয় মূলৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী লাক্সনৰ মৰমৰপৰাও এই কথা বুজিব পাৰি। তেওঁৰ লগত ভাৰতলৈ এটা বৃহৎ প্ৰতিনিধি দল আহিছে। তেওঁৰ দৰে এজন যুৱ, শক্তিশালী আৰু প্ৰতিভাশালী নেতাক এইবাৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে লাভ কৰাটো আমাৰ বাবে অতিশয় আনন্দৰ বিষয়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে যৌথভাৱে মৰিচাছত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ পাব্লিক চাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে
March 12th, 03:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে আজি যৌথভাৱে মৰিচাছৰ ৰেডুইটত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অব পাব্লিক ছাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে। ভাৰত-মৰিচাছ উন্নয়ন অংশীদাৰিত্বৰ অধীনত ৰূপায়ণ কৰা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৱে মৰিচাছত সামৰ্থ্য বিকাশৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।গুজৰাটৰ নৱছাৰীত লাখপতি দিদিসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
March 08th, 11:00 pm
আজি নাৰী দিৱসৰ দিনা আমি যি সন্মান লাভ কৰিছো তাক লৈ আমি অতিশয় সুখী অনুভৱ কৰিছোগুজৰাটৰ নৱছাৰীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাখপতি দিদিসকলৰ সৈতে মত বিনিময় কৰে
March 08th, 10:32 pm
নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ নৱছাৰীত লাখপতি দিদীসকলৰ সৈতে আন্তৰিক বাৰ্তালাপত অংশ লয় আৰু নাৰী সৱলীকৰণৰ তাৎপৰ্য আৰু সমাজলৈ তেওঁলোকৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি বিশ্বই নাৰী দিৱস উদযাপন কৰাৰ বিপৰীতে আমাৰ পৰম্পৰা আৰু সংস্কৃতিত ইয়াৰ আৰম্ভণি হয় মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা, ‘মাতৃ দেৱো ভৱ’ৰ পৰা। আমাৰ বাবে বছৰৰ প্ৰতিটো দিনেই ‘মাতৃ দেৱো ভৱ’ বুলিও তেওঁ লগতে কয়।গুজৰাটৰ চুৰাটত চুৰাট খাদ্য সুৰক্ষা পৰিপূৰক অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 07th, 05:34 pm
আশাকৰোঁ আপোনালোক সকলোৰে ভালেই আছে। এই দেশৰ জনসাধাৰণৰ লগতে বিশেষকৈ গুজৰাটৰ জনসাধাৰণৰ কৃপাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পোৱাটো সঁচাকৈয়ে এক সন্মানৰ কথা। পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই মোৰ প্ৰথমবাৰৰ বাবে চুৰাট ভ্ৰমণ। গুজৰাটৰ পৰা পোৱা মৰম আৰু সমৰ্থনে মোৰ এই যাত্ৰাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু ইয়াৰ বাবে মই চিৰদিনৰ বাবে কৃতজ্ঞ হৈ থাকিম। আজি চুৰাট ভ্ৰমণ কৰি থাকোঁতে এই চহৰখনৰ সজীৱ মনোভাৱৰ কথা মনত নেপেলোৱাকৈ থাকিব নোৱাৰিলোঁ৷ চুৰাট হৈছে এনে এখন ঠাই য’ত কাম আৰু দান-বৰঙণি একেলগে চলে, আৰু য’ত সমাজে ইজনে সিজনক সহায় কৰে, সামূহিক অগ্ৰগতিৰ উদযাপন কৰে। আজিৰ অনুষ্ঠানটো চুৰাটৰ এই আত্মা আৰু আৱেগক প্ৰচাৰৰ ক্ষেত্ৰত এক পদক্ষেপ।‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
March 07th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চুৰাটৰ লিম্বায়াতত ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ অধীনত ২.৩ লাখতকৈয়ো অধিক হিতাধিকাৰীক লাভ বিতৰণ কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে চুৰাট চহৰখনৰ অনন্য ভাৱনাত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ কাম আৰু দানৰ শক্তিশালী ভেটি সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ চহৰখনৰ মৰ্ম পাহৰিব নোৱাৰি, কিয়নো ইয়াক সামূহিক সহযোগিতা আৰু সকলোৰে উন্নয়ণ উদযাপনেৰে সংজ্ঞায়িত কৰা হয়।সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে
March 06th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘৭ লোক কল্যাণ মাৰ্গ’ত সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে। খণ্ডটোত প্ৰযুক্তিগত উন্নতিৰ জৰিয়তে পৰিৱৰ্তন অনা সহকাৰ চে’ সম্ৰুদ্ধি, সমবায়সমূহত যুৱ আৰু মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ পৰিকল্পনা আৰু সমবায় মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়।