সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী

সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী

June 30th, 11:00 am

ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।