ইউএই আৰু কাটাৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

February 13th, 10:46 am

আবুধাবিত মইইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি আমাৰ ব্যাপক কৌশলগত অংশীদাৰীত্বআগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিস্তৃত আলোচনা কৰাৰ বাবে আশাবাদী। অলপতে মই গুজৰাটত ৰাষ্ট্ৰপতিগৰাকীক আদৰাৰ সৌভাগ্য লাভ কৰিছিলো, য'ত তেওঁ ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট ২০২৪ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল।

বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণৰ বাবে ইউএইলৈ ৰাওনা হোৱাৰ পূৰ্বে সংবাদ মাধ্যমত বিবৃতি প্ৰধানমন্ত্ৰীৰ

November 30th, 05:44 pm

সংযুক্ত আৰৱ এমিৰেটছ(ইউএই)ৰ ৰাষ্ট্ৰপতি তথা আবুধাবিৰ শাসক মোৰ ভাতৃস্বৰূপ শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ আমন্ত্ৰণত ২০২৩ চনৰ ১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া চিঅ’পি-২৮ৰ বিশ্ব জলবায়ু কাৰ্য্য সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ডুবাই অভিমুখে যাত্ৰা কৰিছো৷ মই দেখি আনন্দিত হৈছো এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো সংযুক্ত আৰৱ এমিৰেটছৰ ৰাষ্ট্ৰপতিৰ নেতৃত্বত অনুষ্ঠিত হৈছে, যি জলবায়ু কাৰ্য্যৰ ক্ষেত্ৰত ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে।