হিমাচল প্ৰদেশৰ লেপচাত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 12th, 03:00 pm
ভাৰত মাতৃৰ জয়গানৰ এই প্ৰতিধ্বনি, ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ এই ঘোষণা, এই ঐতিহাসিক ভূমি, আৰু এই পৱিত্ৰ দীপাৱলী উৎসৱ। এইটো এটা আচৰিত সংযোগ, এইটো এটা আচৰিত মিলন। সন্তুষ্টি আৰু আনন্দৰে ভৰা এই মুহূৰ্তটোৱে মোৰ, আপোনালোকৰ লগতে দেশবাসীৰ বাবে দীপাৱলীলৈ নতুন পোহৰ কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস। যেতিয়া মই আপোনালোক সকলোৰে সৈতে, সকলো দেশবাসীৰ সৈতে, সীমান্তৰ পৰা, শেষ গাঁওখনৰ পৰা, যাক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ, তাত নিয়োজিত আমাৰ নিৰাপত্তা বাহিনীৰ বন্ধুসকলৰ সৈতে যেতিয়া দীপাৱলী উদযাপন কৰি আছোঁ, তেতিয়া সকলো দেশবাসীলৈ দীপাৱলীৰ এই শুভেচ্ছাও বহুত বিশেষ হৈ পৰে। দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু দীপাৱলীৰ শুভেচ্ছা।হিমাচল প্ৰদেশৰ লেপচাত সাহসী জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ
November 12th, 02:31 pm
জোৱানসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলী উৎসৱ আৰু জোৱানসকলৰ সাহসৰ প্ৰশংসাৰ প্ৰতিধ্বনিৰ সমন্বয় দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক উজ্জ্বল মুহূৰ্ত। জোৱানসকলৰবাবেই ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ,দেশৰ অন্তিমখন গাঁওক বৰ্তমান প্ৰথমখন গাঁও বুলি গণ্য কৰা হৈছে।২৪.০৯.২০২৩ত ‘মন কী বাত’ৰ ১০৫সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 24th, 11:30 am
'মন কী বাত'ৰ আন এটা খণ্ডত দেশৰ সফলতা, দেশবাসীৰ সফলতা, তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱনশৈলী আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ সুযোগ পালোঁ। শেহতীয়াকৈ মই পোৱা চিঠি আৰু বাৰ্তা বেছিভাগেই দুটা কথাৰ ওপৰত কেন্দ্ৰীভূত। প্ৰথমটো হৈছে চন্দ্ৰযান-৩ৰ সফল অৱতৰণ আৰু দ্বিতীয়টো হ’ল দিল্লীত জি-২০ৰ সফল আয়োজন। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা, সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা সকলো বয়সৰ মানুহৰ পৰা অগণন চিঠি পাইছিলোঁ। চন্দ্ৰযান-৩ৰ লেণ্ডাৰখন যেতিয়া চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল তেতিয়া লাখ লাখ লোকে বিভিন্ন মাধ্যমৰ জৰিয়তে এই অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈছিল। ইছৰোৰ ইউটিউব লাইভ চেনেলত আশী লক্ষাধিক লোকে এই অনুষ্ঠানটো চাইছিল– যিটো এক অভিলেখ। ইয়াৰ পৰাই বুজা যায় যে চন্দ্ৰযান-৩ৰ সৈতে লাখ লাখ ভাৰতীয়ৰ কিমান গভীৰ সম্পৰ্ক আছে। চন্দ্ৰযানৰ এই সফলতাক লৈ বৰ্তমান দেশত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু ইয়াৰ নাম– ‘চন্দ্ৰযান-৩ মহাকুইজ’। মাইগভ পৰ্টেলত চলি থকা এই প্ৰতিযোগিতাত এতিয়ালৈকে পোন্ধৰ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। মাইগভ আৰম্ভ হোৱাৰ পিছত যিকোনো কুইজৰ বাবে এইটোৱেই সৰ্বাধিক অংশগ্ৰহণ। মই এইটোও ক'ম যে যদি আপুনি এতিয়াও অংশগ্ৰহণ কৰা নাই তেন্তে পলম নকৰিব আৰু ছদিন বাকী আছে। এই কুইজত নিশ্চিতভাৱে অংশগ্ৰহণ কৰক।