১১ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ছেমিকণ (SEMICON) ইণ্ডিয়া ২০২৪

September 09th, 08:08 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপ’ মাৰ্টত SEMICON India 2024 উদ্বোধন কৰিব। এই অনুষ্ঠানত তেওঁ ভাষণো আগবঢ়াব।

প্ৰধানমন্ত্ৰীৰ এ ই এম ছিংগাপুৰ ভ্ৰমণ

September 05th, 12:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী এইচ ই শ্ৰী লৰেন্স ৱাঙৰ সৈতে অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিক্স খণ্ডৰ ছিংগাপুৰৰ এক আগশাৰীৰ কোম্পানী এ ই এম পৰিদৰ্শন কৰে। তেওঁলোকক বিশ্বব্যাপী অৰ্ধপৰিবাহী মূল্য শৃংখলাত এ.ই.এম.-ৰ ভূমিকা, ইয়াৰ কাৰ্যকলাপ আৰু ভাৰতৰ বাবে পৰিকল্পনাৰ বিষয়ে অৱগত কৰা হয়। ছিংগাপুৰ অৰ্ধপৰিবাহী উদ্যোগ সংস্থাই ছিংগাপুৰত অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ বিকাশ আৰু ভাৰতৰ সৈতে সহযোগিতাৰ সুযোগ সন্দৰ্ভত এক চমু বিৱৰণ দাঙি ধৰে। এই খণ্ডৰ আন কেইবাটাও ছিংগাপুৰীয় কোম্পানীৰ প্ৰতিনিধিও উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনৰ ১১-১৩ ছেপ্টেম্বৰত গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হ'বলগীয়া ছেমিকন ইণ্ডিয়া প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰৰ অৰ্ধপৰিবাহী কোম্পানীসমূহক আমন্ত্ৰণ জনায়।

গুজৰাটৰ গান্ধীনগৰত আয়োজিত ছেমিকন ইণ্ডিয়া সন্মিলন ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 28th, 10:31 am

এই সন্মিলনত বহু চিনাকি মুখ দেখিবলৈ পাইছো। প্ৰথমবাৰৰ বাবে লগ পোৱা কিছুমান মানুহকো দেখিবলৈ পাইছো। এই প্ৰগ্ৰেমটো এটা ছফ্টৱেৰৰ দৰে, যিটোক আপডেট কৰাৰ প্ৰয়োজন। উদ্যোগ, বিশেষজ্ঞ, আৰু নীতি নিৰ্ধাৰকসকলৰ সৈতে সম্পৰ্কও এই ছেমিকন ইণ্ডিয়াৰ জৰিয়তে আপডেট কৰা হৈছে। আৰু মোৰ বিশ্বাস যে আমাৰ সম্পৰ্কৰ সমন্বয়ৰ বাবেও এইটো অতি গুৰুত্বপূৰ্ণ। ভাৰত আৰু বিদেশৰ বহু কোম্পানী ছেমিকন ইণ্ডিয়ালৈ আহিছে। আমাৰ ষ্টাৰ্ট আপ সমূহেও আজি আমাৰ লগত যোগদান কৰিছে। ছেমিকন ইণ্ডিয়ালৈ আপোনালোক সকলোকে অন্তৰৰ পৰা আদৰণি জনাইছো। ছেমিকণৰ যোগেদি মই মাত্ৰ সেই প্ৰদৰ্শনীখন দেখিলোঁ, যিয়ে এই ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ধৰণৰ প্ৰতিফলন ঘটায়, আৰু নতুন নতুন মানুহৰ সংযোগ ঘটায়, সতেজ উদ্যমেৰে অহা নতুন কোম্পানীবোৰক উৎসাহিত কৰে, লগতে নতুন সামগ্ৰীৰো পৰিচয় কৰায়। মই ইয়াত অলপ সময়হে কটাব পাৰিলোঁ যদিও মোৰ এক সুন্দৰ অভিজ্ঞতা হ’ল। মই সকলোকে, বিশেষকৈ গুজৰাটৰ নৱপ্ৰজন্মক আহ্বান জনাম যে কিছুদিনৰ বাবে চলি থকা এই প্ৰদৰ্শনীখন চাবলৈ আহক। নতুন প্ৰযুক্তিয়ে পৃথিৱীত সৃষ্টি কৰা শক্তিৰ বিষয়ে বুজিবলৈ আৰু জানিবলৈ চেষ্টা কৰক।

গুজৰাটৰ গান্ধীনগৰত ছেমিকন ইণ্ডিয়া ২০২৩ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

July 28th, 10:30 am

আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকন ইণ্ডিয়া ২০২৩ উদ্বোধন কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে ‘ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰক অনুঘটক কৰা’। ইয়াত ভাৰতৰ অৰ্ধপৰিবাহী কৌশল আৰু নীতি প্ৰদৰ্শন কৰা হৈছে যিয়ে ভাৰতক অৰ্ধপৰিবাহী ডিজাইন, উৎপাদন আৰু প্ৰযুক্তি বিকাশৰ বাবে এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কল্পনা কৰিছে।

India means business: PM Modi at Semi-con India Conference

April 29th, 11:01 am

Prime Minister Narendra Modi inaugurated Semi-con India Conference. PM Modi said, It is our collective aim to establish India as one of the key partners in global semiconductor supply chains. We want to work in this direction based on the principle of Hi-tech, high quality and high reliability.

PM inaugurates the Semicon India Conference 2022

April 29th, 11:00 am

Prime Minister Narendra Modi inaugurated Semi-con India Conference. PM Modi said, It is our collective aim to establish India as one of the key partners in global semiconductor supply chains. We want to work in this direction based on the principle of Hi-tech, high quality and high reliability.