
ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।
বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 12:00 pm
ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে
April 24th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 11th, 11:00 am
মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
April 11th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সমাৱেশত ভাষণ দি কাশীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই আশীৰ্বাদৰ বাবে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক আগবঢ়োৱা মৰম আৰু সমৰ্থন স্বীকাৰ কৰে। এই প্ৰেমৰ প্ৰতি তেওঁ ঋণী বুলি উল্লেখ কৰি কয় যে কাশী তেওঁৰ আৰু তেওঁ কাশীৰ। কাইলৈ হনুমান জন্মোৎসৱৰ শুভ উপলক্ষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কাশীৰ সংকট মোচন মহাৰাজক সাক্ষাৎ কৰাৰ সুযোগ পোৱাতো তেওঁৰ সৌভাগ্য বুলি প্ৰকাশ কৰে। তেওঁ হনুমান জন্মোৎসৱৰ পূৰ্বে কেনেদৰে কাশীৰ জনসাধাৰণে উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হৈছে সেই বিষয়েও আলোকপাত কৰে।কেবিনেটে ২০২৪-২৫ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈ ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰম-II (VVP-II)ত অনুমোদন জনায়
April 04th, 03:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি কেন্দ্ৰীয় খণ্ডৰ আঁচনি (১০০% কেন্দ্ৰীয় পুঁজি) হিচাপে ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰম-II (VVP-II)ত অনুমোদন জনায়। এই অনুমোদনে ‘নিৰাপদ, সুৰক্ষিত আৰু স্পন্দনশীল স্থল সীমান্ত’ৰ ক্ষেত্ৰত বিকশিত ভাৰত@২০৪৭-ৰ দৃষ্টিভংগীৰ বাবে এই কাৰ্য্যসূচীৰ দায়বদ্ধতাৰ বৰ্ধন ঘটায়। এই কাৰ্য্যসূচীয়ে ইতিমধ্যে ভিভিপি-I ৰ অধীনত সামৰি লোৱা উত্তৰ সীমান্তৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় স্থল সীমান্তৰ (ILB) সংলগ্ন ব্লকসমূহত অৱস্থিত গাঁওসমূহৰ ব্যাপক উন্নয়নত সহায় কৰিব।লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কামৰ উদ্বোধনীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 08th, 11:50 am
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল জী, নৱছাৰীৰ সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী, কেন্দ্ৰীয় মন্ত্ৰী ভাই চি আৰ পেটেল, মঞ্চত উপস্থিত পঞ্চায়তৰ সদস্যগণ আৰু লাখপতি দিদিসকল, অন্যান্য জনপ্ৰতিনিধিগণ আৰু ইয়ালৈ যিসকল বৃহৎ সংখ্যাত আহিছে, বিশেষকৈ মোৰ মাতৃ, ভগ্নী আৰু কন্যাসকল, আপোনালোক সকলোকে নমস্কাৰ!গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কাম আৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 08th, 11:45 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ নৱছাৰীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠানত ভাষণ দি তেওঁ উপস্থিত বৃহৎ সংখ্যক মাতৃ, ভগ্নী, কন্যাসকলৰ পৰা পোৱা মৰম, মৰম আৰু আশীৰ্বাদৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি সমগ্ৰ দেশৰ মহিলাসকললৈ উষ্ম অভিনন্দন জনায়। তেওঁ কয় যে মহাকুম্ভৰ সময়ত তেওঁ মা গংগাৰ আশীৰ্বাদ লাভ কৰিছিল যদিও আজি তেওঁ মাতৃশক্তিৰ মহাকুম্ভত উপস্থিত থাকি ধন্য অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত G-SAFAL (Gujarat Scheme for Antyodaya Families for Augmenting Livelihoods) আৰু G-MAITRI (Gujarat Mentorship and Acceleration of Inpiduals for Transforming Rural Income) নামৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিও গুজৰাটত আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও বিভিন্ন আঁচনিৰ ধন পোনপটীয়াকৈ মহিলাসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হোৱাৰ কথা উল্লেখ কৰি এই উল্লেখযোগ্য কৃতিত্বৰ বাবে সকলোকে অভিনন্দন জনায়।প্ৰধানমন্ত্ৰীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব
March 07th, 07:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব। তেওঁ ৭ মাৰ্চত চিলভাছা ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত তেওঁ ‘এনএএমঅ' হস্পিতাল’ (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত তেওঁ চিলভাছাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২৫৮০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত তেওঁ চুৰাট ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৫ বজাত তেওঁ ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান’ আৰম্ভ কৰিব। ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে নৱসাৰী ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ ‘লাখপতি দিদি’সকলৰ সৈতে বাৰ্তালাপ কৰিব যাৰ পিছত এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰা হ'ব।কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 01st, 01:00 pm
বাজেটৰ পিছত বাজেটৰ সৈতে জড়িত ৱেবিনাৰত আপোনালোক সকলোৰে উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে
March 01st, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই কথাৰ ওপৰত আলোকপাত কৰে যে এই বছৰৰ বাজেট চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট, যিয়ে নীতিসমূহৰ ধাৰাবাহিকতা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ নতুন সম্প্ৰসাৰণ প্ৰতিফলিত কৰে। বাজেটৰ পূৰ্বে সকলো অংশীদাৰৰ পৰা লাভ কৰা মূল্যৱান তথ্য আৰু পৰামৰ্শক তেওঁ স্বীকাৰ কৰে, যিবোৰ অতি উপযোগী আছিল। তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 04th, 07:00 pm
সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 04th, 06:55 pm
লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।নিৰ্বাচন আয়োগে সময়ে সময়ে আমাৰ ভোটদান প্ৰক্ৰিয়াক শক্তিশালী কৰি আহিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 19th, 11:30 am
In the 118th episode of Mann Ki Baat, PM Modi reflected on key milestones, including the upcoming 75th Republic Day celebrations and the significance of India’s Constitution in shaping the nation’s democracy. He highlighted India’s achievements and advancements in space sector like satellite docking. He spoke about the Maha Kumbh in Prayagraj and paid tributes to Netaji Subhas Chandra Bose.ভাৰত গ্ৰামীণ মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 04th, 11:15 am
মঞ্চত বহি থকা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ জী, বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী জী, ইয়াত উপস্থিত নাবাৰ্ডৰ জ্যেষ্ঠ পৰিচালনা দলৰ সদস্যসকল, আত্মসহায়ক গোটৰ সদস্য, সমবায় বেংকৰ সদস্য, কৃষক উৎপাদন ইউনিয়ন এফ পি অ'ৰ সদস্যসকল, আন সকলো গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলাসকল।PM Modi inaugurates the Grameen Bharat Mahotsav 2025
January 04th, 10:59 am
PM Modi inaugurated Grameen Bharat Mahotsav in Delhi. He highlighted the launch of campaigns like the Swamitva Yojana, through which people in villages are receiving property papers. He remarked that over the past 10 years, several policies have been implemented to promote MSMEs and also mentioned the significant contribution of cooperatives in transforming the rural landscape.Double-engine Governments at the Centre and state are becoming a symbol of good governance: PM in Jaipur
December 17th, 12:05 pm
PM Modi participated in the event ‘Ek Varsh-Parinaam Utkarsh’ to mark the completion of one year of the Rajasthan State Government. In his address, he congratulated the state government and the people of Rajasthan for a year marked by significant developmental strides. He emphasized the importance of transparency in governance, citing the Rajasthan government's success in job creation and tackling previous inefficiencies.