০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ

April 02nd, 02:00 pm

বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।

ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি

March 17th, 02:39 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ক্ৰিষ্টোফাৰ লাক্সন ২০২৫ চনৰ ১৬মাৰ্চৰ পৰা ২০ মাৰ্চলৈ চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰতলৈ আহিছে। প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী লাক্সনে নতুন দিল্লী আৰু মুম্বাই ভ্ৰমণ কৰিছে। তেওঁৰ লগত পৰ্যটন আৰু আতিথ্য মন্ত্ৰী লুইছ আপষ্টন, খিলঞ্জীয়া সম্প্ৰদায় আৰু ক্ৰীড়া আৰু বিনোদন মন্ত্ৰী মাৰ্ক মিচেল, বাণিজ্য আৰু বিনিয়োগ, কৃষি আৰু বন মন্ত্ৰী টড মেকক্লে আৰু কেবাগৰাকীও বিষয়াৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল তথা ব্যৱসায়, সম্প্ৰদায়, সংবাদ মাধ্যম আৰু সাংস্কৃতিক গোটৰ প্ৰতিনিধি দলেও এই ভ্ৰমণত অংশগ্ৰহণ কৰিছে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা ভোজমেলত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:15 am

প্ৰথম আৰু প্ৰধানকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৱেগিক আৰু প্ৰেৰণাদায়ক চিন্তাধাৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই বিশাল আদৰণি আৰু আতিথ্যৰ বাবে মই প্ৰধানমন্ত্ৰী, মৰিচাছ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ৷ এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে মৰিচাছ ভ্ৰমণ সদায় অতি বিশেষ। ই কেৱল কূটনৈতিক ভ্ৰমণ নহয়, পৰিয়ালক লগ পোৱাৰ সুযোগ৷ মৰিচাছৰ ভূমিত ভৰি দিয়াৰ পৰাই এই আত্মীয়তা অনুভৱ কৰিলো। সকলোতে নিজৰ বুলি ভবাৰ ভাৱ। প্ৰট’কলৰ কোনো বাধা নাই। মৰিচাছ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথি হিচাপে পুনৰবাৰ আমন্ত্ৰণ পোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা৷ এই উপলক্ষে ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

‘প্ৰতিষ্ঠা দিৱস’ত ‘চিআইএছএফ কৰ্মী’সকলক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

March 10th, 06:55 pm

‘প্ৰতিষ্ঠা দিৱস’ত আজি ‘চিআইএছএফ’ৰ সকলো কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ‘চিআইএছএফ’ বাহিনী ইয়াৰ পেছাদাৰিত্ব, নিষ্ঠা আৰু সাহসৰ বাবে প্ৰশংসিত হৈ আহিছে। তেওঁলোকে অত্যাৱশ্যকীয় আন্তঃগাঁথনি সুৰক্ষিত কৰি আৰু প্ৰতিদিনে অগণন লোকৰ সুৰক্ষা নিশ্চিত কৰি আমাৰ নিৰাপত্তা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ অটল প্ৰতিশ্ৰুতিবদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

২০২৫ চনৰ ১১-১২ মাৰ্চলৈ মৰিচাছ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

March 07th, 06:17 pm

প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ ১১-১২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ একাংশ শীৰ্ষ নেতাক সাক্ষাৎ, ভাৰতীয় বংশোদ্ভৱৰ সৈতে মিলিত হোৱাৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। এই ভ্ৰমণে ভাৰত-মৰিচাছৰ শক্তিশালী অংশীদাৰিত্বক পুনৰ দৃঢ় কৰে, যিটো মিলিত ইতিহাস আৰু অগ্ৰগতিৰ মাজত শিপাই আছে।

ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 06th, 08:05 pm

আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে

March 06th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।

‘India’s Defence Transformation is a Testament to Self-Reliance and Sovereignty,’ says Rajnath Singh, Minister of Defence

January 31st, 03:38 pm

India’s defence sector has witnessed unprecedented growth and modernisation in recent years, driven by indigenous production, strategic investments, and a renewed focus on self-reliance. From the ₹10,000 crore Pinaka rocket ammunition deal to advanced missile technologies like Agni V MIRV and Pralay, the nation is reinforcing its position as a global military powerhouse.

ঐতিহাসিক দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

January 27th, 10:30 pm

ঐতিহাসিক দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তেওঁৰ ঐতিহাসিক দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ

January 27th, 08:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড’নাল্ড ট্ৰাম্পক আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ঐতিহাসিক দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰতৰ শক্তিশালী আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে দুয়োখন ৰাষ্ট্ৰই দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে আৰু বিশ্ব শান্তি, সমৃদ্ধি, আৰু নিৰাপত্তাৰ বাবে সহযোগিতা কৰিব।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

January 25th, 01:00 pm

ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত, ইণ্ডোনেছিয়া আমাৰ মুখ্য অতিথি দেশ আছিল। আৰু এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে যেতিয়া আমি গণতন্ত্ৰৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ, সেই সময়ত ইণ্ডোনেছিয়া আকৌ এবাৰ, এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হৈছে। এই উপলক্ষে, মই ৰাষ্ট্ৰপতি প্ৰবোৱোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।

আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 15th, 11:08 am

১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰন্টলাইন নেভেলকম্বাটেন্টআইএনএছচুৰাট, আইএনএছনীলগিৰিআৰুআইএনএছবঘশ্বীৰৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

January 15th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।

Every citizen of Delhi is saying – AAP-da Nahin Sahenge…Badal Ke Rahenge: PM Modi

January 05th, 01:15 pm

Prime Minister Narendra Modi addressed a massive and enthusiastic rally in Rohini, Delhi today, laying out a compelling vision for the city’s future under BJP’s governance. With resounding cheers from the crowd, the Prime Minister called upon the people of Delhi to usher in an era of good governance by ending a decade of administrative failures and empowering a “double-engine government” to transform the capital into a global model of urban development.

PM Modi Calls for Transforming Delhi into a World-Class City, Highlights BJP’s Vision for Good Governance

January 05th, 01:00 pm

Prime Minister Narendra Modi addressed a massive and enthusiastic rally in Rohini, Delhi today, laying out a compelling vision for the city’s future under BJP’s governance. With resounding cheers from the crowd, the Prime Minister called upon the people of Delhi to usher in an era of good governance by ending a decade of administrative failures and empowering a “double-engine government” to transform the capital into a global model of urban development.

Prime Minister Narendra Modi to inaugurate Grameen Bharat Mahotsav 2025 in New Delhi

January 03rd, 05:56 pm

Prime Minister Shri Narendra Modi will inaugurate Grameen Bharat Mahotsav 2025 on 4th January, at around 11 AM, at Bharat Mandapam, New Delhi. He will also address the gathering on the occasion.

Joint Statement: Official visit of Shri Narendra Modi, Prime Minister of India to Kuwait (December 21-22, 2024)

December 22nd, 07:46 pm

PM Modi paid an official visit to Kuwait, at the invitation of His Highness the Amir of the State of Kuwait, Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah. During his first visit to the country, PM Modi attended the opening ceremony of the 26th Arabian Gulf Cup as the 'Guest of Honour' and held comprehensive talks to deepen bilateral ties.

কুৱেইটৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

December 22nd, 06:38 pm

দুয়োগৰাকী নেতাই ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, সুৰক্ষা, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে এক পথ-মানচিত্ৰ যুগুতোৱা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘কুৱেইট বিনিয়োগ প্ৰাধিকৰণ’ আৰু অন্যান্য অংশীদাৰসকলক লৈ গঠিত এক প্ৰতিনিধি দলক শক্তি, প্ৰতিৰক্ষা, চিকিৎসা সঁজুলি, ফাৰ্মা, খাদ্য উদ্যানৰ ক্ষেত্ৰত নতুন সুযোগ উদ্ভাৱনৰ বাবে ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়। নেতাদ্বয়ে পৰম্পৰাগত ঔষধ আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে শেহতীয়াকৈ ‘সহযোগিতা আয়োগ’ (জেচিচি)ৰ স্বাক্ষৰক আদৰণি জনায়, যাৰ অধীনত স্বাস্থ্য, জনশক্তি আৰু হাইড্ৰ'কাৰ্বনৰ সন্দৰ্ভত বিদ্যমান ‘জেডব্লিউজি’-ৰ উপৰিও বাণিজ্য, বিনিয়োগ, শিক্ষা, প্ৰযুক্তি, কৃষি, সুৰক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত নতুন যুটীয়া কাৰ্যকৰী গোট গঠন কৰা হৈছে।