নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৱাই ইউ. জি. এম. কনক্লেভত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৱাই ইউ. জি. এম. কনক্লেভত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

April 29th, 11:01 am

আজি, চৰকাৰ, শিক্ষা, বিজ্ঞান আৰু গৱেষণাৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ লোক ইয়াত বৃহৎ সংখ্যাত উপস্থিত আছে। এই সংহতি, এই সংগম, ইয়াক যুটী বুলি কোৱা হয়। এটা যুটি য 'ত উন্নত ভাৰতৰ ভৱিষ্যতৰ প্ৰযুক্তি-সম্পৰ্কীয় অংশীদাৰসকল একেলগে জড়িত হৈ আছে। মই আত্মবিশ্বাসী যে এই অনুষ্ঠানটোৱে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ প্ৰযুক্তিত ভাৰতৰ ভূমিকা বৃদ্ধিৰ বাবে আমি কৰা প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব। আজি, আই. আই. টি. কানপুৰ আৰু আই. আই. টি. বোম্বাইত এ. আই., বুদ্ধিমত্তা প্ৰণালী, আৰু জৈৱবিজ্ঞান জৈৱ প্ৰযুক্তি স্বাস্থ্য আৰু ঔষধৰ ছুপাৰ হাব মুকলি কৰা হৈছে। আজি ৱাধৱানী উদ্ভাৱন নেটৱৰ্কও আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ সহযোগিতাত গৱেষণা অব্যাহত ৰখাৰো সিদ্ধান্ত লোৱা হৈছে। এই প্ৰচেষ্টাৰ বাবে মই ৱাধৱানী ফাউণ্ডেশ্যন, আমাৰ আই. আই. টি. আৰু আন সকলো অংশীদাৰক অভিনন্দন জনাইছো। বিশেষকৈ, মই মোৰ বন্ধু ৰমেশ ৱাধৱানী মহাশয়ক প্ৰশংসা কৰোঁ। আপোনাৰ নিষ্ঠা আৰু সক্ৰিয়তাৰ জৰিয়তে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই একেলগে দেশৰ শিক্ষা ব্যৱস্থাত বহুতো ইতিবাচক পৰিৱৰ্তন সাধন কৰিছে।

ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 29th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমাৱেশত ভাষণ দি তেওঁ চৰকাৰী বিষয়া, শিক্ষাবিদ আৰু বিজ্ঞান তথা গৱেষণা পেছাদাৰীসকলৰ গুৰুত্বপূৰ্ণ সমাৱেশৰ ওপৰত আলোকপাত কৰি অংশীদাৰসকলৰ সংগমস্থল ৱাই ইউ জি এম— এখন উন্নত ভাৰতৰ বাবে ভৱিষ্যতৰ প্ৰযুক্তিসমূহ আগুৱাই নিয়াৰ লক্ষ্যৰে কৰা সহযোগিতাৰ মঞ্চৰূপে অভিহিত কৰি ইয়াত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে এই অনুষ্ঠানে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ-প্ৰযুক্তিক্ষেত্ৰত ভাৰতৰ ভূমিকা বৃদ্ধিৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিব। এ আই, বুদ্ধিমত্তাসম্পন্ন ব্যৱস্থা আৰু জৈৱ বিজ্ঞান, জৈৱ প্ৰযুক্তি, স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আই আই টি কানপুৰ আৰু আই আই টি বম্বেত মুকলি কৰা ছুপাৰ হাবৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ লগতে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সহযোগত গৱেষণাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰা ৱাধৱনী উদ্ভাৱন নেটৱৰ্ক মুকলি কৰাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৱাধৱনী ফাউণ্ডেশ্যন, আই আই টিসমূহ আৰু এই পদক্ষেপসমূহৰ সৈতে জড়িত সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহযোগিতাৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰোমেশ ৱাধৱানী ডাঙৰীয়াৰ নিষ্ঠা আৰু সক্ৰিয় ভূমিকাৰ বাবে তেওঁক বিশেষভাৱে প্ৰশংসা কৰে।

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

ডঃ কে. কস্তুৰীৰংগনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

April 25th, 02:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বৈজ্ঞানিক আৰু শৈক্ষিক যাত্ৰাৰ এগৰাকী আগশাৰীৰ ব্যক্তি ডঃ কে. কস্তুৰীৰংগনৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ডঃ কে. কস্তুৰীৰংগনে ভাৰতৰ মহাকাশ কাৰ্য্যসূচীক নতুন শিখৰলৈ নি ইছৰোত নিৰলসভাৱে সেৱা আগবঢ়াইছিল। ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক সামগ্ৰিক আৰু ভৱিষ্যতমুখী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-ৰ খচৰা প্ৰস্তুতৰ সময়ত গ্ৰহণ কৰা প্ৰয়াসৰ বাবে ডঃ কস্তুৰীৰংগনৰ ওচৰত ভাৰত সদায় কৃতজ্ঞ হৈ থাকিব। একাধিক যুৱ বিজ্ঞানী আৰু গৱেষকৰ বাবেও তেওঁ এগৰাকী অসামান্য পথ-প্ৰদৰ্শক আছিল, শ্ৰী মোদীয়ে লগতে কয়।

এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি

April 22nd, 12:27 pm

কূটনৈতিক ফোন কলৰ পৰা আৰম্ভ কৰি যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰলৈকে এই সপ্তাহত বিশ্বৰ মঞ্চত ভাৰতৰ উপস্থিতি সহযোগিতা, উদ্ভাৱন, আৰু সাংস্কৃতিক গৌৰৱৰ দ্বাৰা চিহ্নিত কৰা হৈছে।

গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কামৰ উদ্বোধনীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 08th, 11:50 am

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল জী, নৱছাৰীৰ সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী, কেন্দ্ৰীয় মন্ত্ৰী ভাই চি আৰ পেটেল, মঞ্চত উপস্থিত পঞ্চায়তৰ সদস্যগণ আৰু লাখপতি দিদিসকল, অন্যান্য জনপ্ৰতিনিধিগণ আৰু ইয়ালৈ যিসকল বৃহৎ সংখ্যাত আহিছে, বিশেষকৈ মোৰ মাতৃ, ভগ্নী আৰু কন্যাসকল, আপোনালোক সকলোকে নমস্কাৰ!

গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কাম আৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 08th, 11:45 am

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ নৱছাৰীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠানত ভাষণ দি তেওঁ উপস্থিত বৃহৎ সংখ্যক মাতৃ, ভগ্নী, কন্যাসকলৰ পৰা পোৱা মৰম, মৰম আৰু আশীৰ্বাদৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি সমগ্ৰ দেশৰ মহিলাসকললৈ উষ্ম অভিনন্দন জনায়। তেওঁ কয় যে মহাকুম্ভৰ সময়ত তেওঁ মা গংগাৰ আশীৰ্বাদ লাভ কৰিছিল যদিও আজি তেওঁ মাতৃশক্তিৰ মহাকুম্ভত উপস্থিত থাকি ধন্য অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত G-SAFAL (Gujarat Scheme for Antyodaya Families for Augmenting Livelihoods) আৰু G-MAITRI (Gujarat Mentorship and Acceleration of Inpiduals for Transforming Rural Income) নামৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিও গুজৰাটত আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও বিভিন্ন আঁচনিৰ ধন পোনপটীয়াকৈ মহিলাসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হোৱাৰ কথা উল্লেখ কৰি এই উল্লেখযোগ্য কৃতিত্বৰ বাবে সকলোকে অভিনন্দন জনায়।

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত সফল নাৰীৰ নামত উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ সমূহ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

March 08th, 11:26 am

নাৰী শক্তি আৰু তেওঁলোকৰ সাফল্যৰ প্ৰতি এক কৃতজ্ঞতা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা মহিলাসকলৰ হাতত তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ অৰ্পণ কৰে।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

February 28th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 23rd, 11:30 am

মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।

PM Modi and President of France jointly visit ITER facility

February 12th, 05:32 pm

PM Modi and President Emmanuel Macron visited the ITER facility in Cadarache, the first such visit by any Head of State or Government. They praised ITER’s progress in fusion energy and India’s key contributions through scientists and industries like L&T, Inox India, and TCS, highlighting India's commitment to advancing global clean energy research.

ঐতিহাসিক ১০০সংখ্যক উৎক্ষেপণ উপলক্ষে ইছৰোৰ অভিনন্দন প্ৰধানমন্ত্ৰীৰ

January 29th, 08:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ক ঐতিহাসিক ১০০সংখ্যক উৎক্ষেপণৰ বাবে অভিনন্দন জনাই ইয়াক এক অবিশ্বাস্য মাইলৰ খুঁটি বুলি অভিহিত কৰে যিয়ে আমাৰ বিজ্ঞানী আৰু অভিযন্তাসকলৰ দৃষ্টিভংগী, নিষ্ঠা আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰে।

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত আয়োজিত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

January 27th, 05:00 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, সঞ্জয় ছেঠ জী, চিডিএছ- জেনেৰেল অনিল চৌহান জী, তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, আন-আন অতিথি আৰু এনচিচিৰ মোৰ মৰমৰ বন্ধুসকল!

এন চি চিৰ বাৰ্ষিক পি এম ৰেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

January 27th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কৰিয়াপ্পা পেৰেড খেলপথাৰত বাৰ্ষিক নেচনেল কেডেট কৰ্পছৰ পিএম ৰেলীত ভাষণ আগবঢ়ায়। শ্ৰী মোদীয়ে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰি শ্ৰেষ্ঠ কেডেট বঁটা প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষে সমাৱেশক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে ১৮খন বন্ধুত্বপূৰ্ণ দেশৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ১৫০জন কেডেটক আদৰণি জনায়। তেওঁ মেৰা যুৱ ভাৰত (MY Bharat) পৰ্টেলৰ জৰিয়তে ভাৰ্চুৱেলি যোগদান কৰা সমগ্ৰ ভাৰতৰ যুৱক-যুৱতীসকলক অভিনন্দন জনায়।

নিৰ্বাচন আয়োগে সময়ে সময়ে আমাৰ ভোটদান প্ৰক্ৰিয়াক শক্তিশালী কৰি আহিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

January 19th, 11:30 am

In the 118th episode of Mann Ki Baat, PM Modi reflected on key milestones, including the upcoming 75th Republic Day celebrations and the significance of India’s Constitution in shaping the nation’s democracy. He highlighted India’s achievements and advancements in space sector like satellite docking. He spoke about the Maha Kumbh in Prayagraj and paid tributes to Netaji Subhas Chandra Bose.

উপগ্ৰহৰ মহাকাশ ডকিঙৰ সফল প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইছৰোক অভিনন্দন জনায়

January 16th, 01:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপগ্ৰহৰ মহাকাশ ডকিঙৰ সফল প্ৰদৰ্শনৰ বাবে ইছৰো আৰু সমগ্ৰ মহাকাশ সম্প্ৰদায়ক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আগন্তুক বছৰবোৰত ভাৰতৰ উচ্চাভিলাষী মহাকাশ অভিযানৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

The Genome India Project marks a defining moment in the country's biotechnology landscape: PM

January 09th, 06:38 pm

PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.

Prime Minister Shri Narendra Modi's remarks at the start of Genome India Project

January 09th, 05:53 pm

PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.

প্ৰধানমন্ত্ৰীয়ে প্ৰবীণ পৰমাণু বিজ্ঞানী ড° ৰাজাগোপালা চিদাম্বৰমৰ বিয়োগত শোক প্ৰকাশ কৰে

January 04th, 12:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ পৰমাণু বিজ্ঞানী ড° ৰাজাগোপালা চিদাম্বৰমৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ড° ৰাজাগোপালা চিদাম্বৰম ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীৰ অন্যতম মূল স্থপতি আছিল আৰু ভাৰতৰ বৈজ্ঞানিক আৰু কৌশলগত সামৰ্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত যুগান্তকাৰী অৱদান আগবঢ়াইছিল।

প্ৰধানমন্ত্ৰীয়ে ৰোহিনী গডবোলেৰ বিয়োগত শোক প্ৰকাশ কৰে

October 25th, 10:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোহিনী গডবোলেৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে গডবোলেক এগৰাকী অগ্ৰণী বিজ্ঞানী আৰু উদ্ভাৱক হিচাপে প্ৰশংসা কৰে, যিগৰাকী বিজ্ঞানৰ জগতখনত অধিক মহিলাৰ শক্তিশালী সমৰ্থকো আছিল। তেওঁ লগতে কয় যে তেওঁৰ শৈক্ষিক প্ৰচেষ্টাই আগন্তুক প্ৰজন্মক পথ প্ৰদৰ্শন কৰি যাব।