জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী পাঠ
August 31st, 10:30 am
কাৰ্যসূচীত উপস্থিত থাকে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ জী, ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্না জী, ন্যায়াধীশ বি আৰ গাৱৈ জী, দেশৰ আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল জী, এটৰ্নী জেনেৰেল আৰ ভেংকট ৰমণি জী, উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ শ্ৰীযুত। কপিল ছিবাল জী, ভাৰতীয় বাৰ কাউন্সিলৰ সভাপতি ভাই মনন কুমাৰ মিশ্ৰ, উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, জিলা ন্যায়াধীশ, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰ মহিলাসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে
August 31st, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠাৰ ৭৫ বছৰ পূৰ্তিৰ স্মৃতিত ডাকটিকট আৰু মুদ্ৰাও মুকলি কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্যোগত আয়োজিত এই দুদিনীয়া সন্মিলনত জিলা ন্যায়পালিকাৰে সম্পৰ্কীয় বিষয়সমূহ যেনেঃ আন্তঃগাঁথনি আৰু মানৱ সম্পদ, সকলোৰে বাবে অন্তৰ্ভুক্ত আদালত কক্ষ, ন্যায়িক সুৰক্ষা আৰু ন্যায়িক কল্যাণ, গোচৰ ব্যৱস্থাপনা আৰু ন্যায়িক প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা আৰু বিচাৰ-বিবেচনাৰ বাবে পাঁচ কৰ্ম অধিৱেশন অনুষ্ঠিত হ’ব।‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 08th, 01:00 pm
হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।