‘শক্তিসমৃদ্ধ নাৰী-বিকশিত ভাৰত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 11th, 10:30 am

মহিলা সৱলীকৰণৰ দৃষ্টিৰে আজিৰ কাৰ্যসূচীটো হৈছে নিতা্ন্তই ঐতিহাসিক। আজি মই ‘নমো ড্ৰোন দিদি অভিযান’ৰ অধীনত ‘’মহিলা আত্ম-সহায়ক গোট’সমূহক ১০০০টা আধুনিক ‘ড্ৰোন’ হস্তান্তৰ কৰাৰ সুযোগ পাইছোঁ। শেহতীয়াকৈ, বিভিন্ন আঁচনি আৰু লাখ লাখ প্ৰচেষ্টাৰ বাবে, দেশৰ ১ কোটিতকৈয়ো অধিক ভগ্নী ‘লাখপতি দিদি’ হৈ উঠিছে। এই সংখ্যাটো সৰু নহয়। আৰু এতিয়া যেতিয়া মই কথা পাতি আছিলো, সেই কিশোৰী ভনীজনীয়ে মোক কৈছিল যে তেওঁৰ উপাৰ্জন বোলে প্ৰতি মাহে ৬০-৭০ হাজাৰ, ৮০ হাজাৰ পৰ্যন্ত হয়গৈ। এই কথাৰে আমি দেশৰ যুৱক-যুৱতীসকলকো অনুপ্ৰাণিত কৰিব পাৰোঁ, গাঁৱৰ এগৰাকী ভগ্নীয়ে তেওঁৰ উদ্যোগৰ জৰিয়তে প্ৰতি মাহে ৬০ হাজাৰ ৭০ হাজাৰ টকা উপাৰ্জন কৰে। তেওঁৰ আত্মবিশ্বাসলৈ চাওক, হয় হয় সেইগৰাকী কিশোৰী তাত বহি আছে, তেওঁ হাত দাঙি আছে। আৰু যেতিয়া মই এনে কথা শুনো, দেখিবলৈ পাওঁ, মোৰ বিশ্বাস যথেষ্ট বাঢ়ি যায়। আপোনালোক আচৰিত হ'ব যে যেতিয়া মই আপোনালোকৰ দৰে লোকৰ পৰা সৰু-সুৰা কথাবোৰ শুনিবলৈ পাওঁ, তেতিয়া মোৰ বিশ্বাস বাঢ়ি যায়। এৰা, আমি সঠিক দিশেৰে আগবাঢ়িছোঁ, দেশৰ নিশ্চয় কিবা ভালেই হ'ব। কিয়নো আমি যোজনা নিশ্চয় কৰোঁ, কিন্তু এই যোজনাক সাৰোগত কৰি আপোনালোকে কাম কৰিবলৈ লাগি যায় নহয়..., আৰু আপোনালোকে পৰিণাম দেখুৱায়। আৰু সেই পৰিণাম দেখি চৰকাৰী বাবুসকলেও অনুভৱ কৰে... এৰা কিবা ভালেই হৈ আছে দেখোন, তেতিয়া কামবোৰ দ্ৰুতগতিৰে আগবাঢ়িবলৈ লয়। আৰু ইয়াৰ বাবে, যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মই এতিয়া ৩ কোটি ‘লাখপতি দিদি’ৰ সংখ্যা অতিক্ৰম কৰিব লাগিব। আৰু এই উদ্দেশ্যৰ বাবেই আজি এই ভগ্নীসকলৰ একাউণ্টলৈ ১০,০০০ কোটি টকা স্থানান্তৰ কৰা হৈছে। আৰু মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছোঁ।

সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

March 11th, 10:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নতুন দিল্লীৰ পুছাস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত নমো ড্ৰোন দিদিসকলে পৰিচালনা কৰা কৃষি ড্ৰোন প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। দেশজুৰি ১০টা ভিন্ন স্থানৰ পৰা নমো ড্ৰোন দিদিসকলেও একেলগে ড্ৰোন প্ৰদৰ্শনত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এহেজাৰ নমো ড্ৰোন দিদিসকলেক ড্ৰোনো গতাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ বেংকে স্থাপন কৰা বেংক লিংকেজ কেম্পৰ জৰিয়তে ৰাজসাহায্যযুক্ত সুতৰ হাৰত আত্মসহায়ক গোটসমূহক প্ৰায় ৮ হাজাৰ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটসমূহক প্ৰায় ২,০০০ কোটি টকা মুলধনীকৰণ সহায়ক পুঁজি প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে।

১১ মাৰ্চত দিল্লীত ‘সশক্ত নাৰী- বিকশিত ভাৰত’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 10th, 11:14 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ মাৰ্চৰ পুৱা ১০ বজাত নতুন দিল্লীৰ পুছাৰ ‘ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান’ত ‘নমো ড্ৰোন দিদি’সকলে অনুষ্ঠিত কৰিব লগা ‘কৃষি ড্ৰোন’ৰ প্ৰদৰ্শনৰ সাক্ষী হ'ব। দেশজুৰি ১০ টা বিভিন্ন স্থানৰ ‘নমো ড্ৰোন দিদি’য়ে একেলগে ‘ড্ৰোন প্ৰদৰ্শন’ত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ‘নমো ড্ৰোন দিদি’সকলৰ মাজত ১,০০০ ‘ড্ৰোন’ হস্তান্তৰ কৰিব।